সন্তানৰ আগত কৰিব নালাগে এই কাম! জানক...

3 Nov 2025

TV9 ASSAM

আজিৰ শিশু কাইলৈৰ ভৱিষ্যত। গতিকে শিশু এটাক গঢ় দিয়াৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ দায়িত্ব অধিক। কোৱা হয় সৰুতে ভাল শিক্ষা পালেহে শিশু ডাঙৰ হৈ এজন সুস্থ আৰু দায়িত্ববান ব্যক্তি হৈ উঠে।

শিশু

বহু শিশুৱে পিতৃ-মাতৃক নিজৰ আদৰ্শ বুলি মানি লয়। যাৰ বাবে পিতৃ-মাতৃ স্বভাৱ তথা আচৰণৰ প্ৰভাৱ  তেওঁলোকৰ সন্তানৰ ওপৰতো পৰা দেখা যায়।

পিতৃ-মাতৃ

কিন্তু এনে কিছুমান কাম আছে যি পিতৃ-মাতৃয়ে কেতিয়াও শিশুৰ আগত কৰিব নালাগে। ইয়াৰ ফলত শিশুৰ ব্যৱহাৰত প্ৰভাৱ পৰিব পাৰে, বা নেতিবাচকতা বৃদ্ধি পাব পাৰে।

কৰিব নালাগে

মনোবিশেষজ্ঞৰ মতে, শিশুৰ আগত পিতৃ-মাতৃয়ে কেতিয়াও কাজিয়া লাগিব নালাগে। কিয়নো শিশুই যি দেখে সেয়া শিকি লয়। গতিকে কাজিয়াৰ পৰা সন্তানক আঁতৰত ৰাখিব লাগে।

কাজিয়া

পিতৃ-মাতৃয়ে কেতিয়াও সন্তানৰ আগত নিচাযুক্ত দ্ৰব্য সেৱন কৰিব নালাগে। এনে কৰিলে পিতৃ-মাতৃক লৈ সন্তানৰ সন্মান কমি যাব পাৰে বা তেওঁলোকেও সেই অভ্যাস গঢ়ি তুলিব পাৰে।

নিচাযুক্ত দ্ৰব্য

কিছুমান পিতৃ-মাতৃৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে। কিন্তু কেতিয়াও শিশুৰ আগত ইজনে আনজনক অপমান কৰিব নালাগে। ইয়াৰোপৰি ইজনে আনজনক তুচ্ছ্য জ্ঞান কৰিব নালাগে।

অপমান

ইয়াৰ ফলত শিশুই অসুৰক্ষিত অনুভৱ কৰিব পাৰে। বহু সময়ত ইয়াৰ প্ৰভাৱ ডাঙৰলৈ থকা দেখা যায়। ইয়াৰ বাবে পিতৃ-মাতৃৰ লগত সম্পৰ্ক বেয়া, খং বেছি আদি বিভিন্ন সমস্যা হ' পাৰে।

কি হয়

পঢ়িবলৈ ক্লিক কৰক 

ভিটামিন চি অভাৱৰ লক্ষণ