ভাইৰেল কিং খানৰ জন্মদিন উদযাপনৰ ছবি, চিক্ৰেট পাৰ্টিত কোন কোন!
সাধাৰণতে বলীউড বাদশ্বাহ শ্বাহৰুখে নিজ জীৱনৰ বিষয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ পৰা আঁতৰি থাকে। কিন্তু এইবাৰ তেওঁৰ জন্মদিন উদযাপনৰ কিছু ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পিছে শ্বাহৰুখৰ এই জন্মদিনৰ পাৰ্টিত কোন কোন উপস্থিত আছিল বা কোনে এই ছবিসমূহ ভাইৰেল কৰিলে!
বলীউড জগতৰ ‘বাদশ্বাহ’ খ্যাত শ্বাহৰুক খানৰ জন্মদিন বুলিলেই অনুৰাগীৰ মাজত এক বিশেষ উছাহ। দশকৰ পিছত দশকজুৰি বলীউড জগতত একপ্ৰকাৰে ৰাজত্ব চলাই অহা কিং খানে দেওবাৰে নিজৰ ৬০ সংখ্যক জন্মদিন উদযাপন কৰে। শ্বাহৰুখে এইবাৰ তেওঁৰ বিখ্যাত বাংলো মন্নতৰ পৰিৱৰ্তে আলিবাগস্থিত নিজৰ বিলাসী বাংলোত জন্মদিন উদযাপন কৰে। নিজ পৰিয়ালৰ লগতে ঘনিষ্ঠ বন্ধু-বান্ধৱী তথা সহকৰ্মীৰ সৈতে জন্মদিন পালন কৰে কিং খান শ্বাহৰুখে।

             Latest Videos