দীপ্তি শৰ্মাই ৰচিলে বহু অভিলেখ, যুৱৰাজেও কৰিব পৰা নাছিল এনে

3 Nov 2025

TV9 ASSAM

দেওবাৰে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ফাইনেলত ভাৰতে পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক।

ভাৰতৰ বিশ্বজয়

তাৰকা অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই ফাইনেলত দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি ৫৮ ৰান সংগ্ৰহ কৰাৰ লগতে ৫টা উইকেটো দখল কৰে।

দীপ্তি শৰ্মা

প্ৰতিযোগিতাত মুঠ ২১৫ ৰান আৰু ২২টা উইকেট দখল কৰি দীপ্তি শৰ্মা বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। লগতে তেওঁ গঢ়ে বহুকেইটা অভিলেখ।

শ্ৰেষ্ঠ খেলুৱৈ

পুৰুষ-মহিলা উভয়ৰ ক্ষেত্ৰতে বিশ্বকাপত ২০০তকৈ অধিক ৰান আৰু ২০তকৈ অধিক উইকেট দখলকাৰী প্ৰথম খেলুৱৈ হিচাপে ইতিহাস ৰচে দীপ্তিয়ে।

প্ৰথম খেলুৱৈ

পুৰুষ হওক বা মহিলা, উভয় ক্ষেত্ৰতে বিশ্বকাপৰ নকআউট মেচত অৰ্ধশতক অৰ্জন আৰু পাঁচটা উইকেট দখল কৰা প্ৰথমজন ক্ৰিকেটাৰৰ অভিলেখ গঢ়ে দীপ্তিয়ে।

এই দিশতো প্ৰথম

বিশ্বকাপৰ এখন মেচত অৰ্ধশতক আৰু ৫ উইকেট দখল কৰা দ্বিতীয় ভাৰতীয় খেলুৱৈ দীপ্তি। ইয়াৰ পূৰ্বে আয়াৰলেণ্ডৰ বিপক্ষে ২০১১ত এই সফলতা পাইছিল যুৱৰাজ সিঙে।

দ্বিতীয় ভাৰতীয়

এদিনীয়াত এখন মেচত অৰ্ধশতক আৰু ৫ উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে স্বীকৃত হৈছে দীপ্তি শৰ্মা।

এনে অভিলেখ

মহিলা বিশ্বকাপৰ ফাইনেলত ৫উইকেট দখল কৰা তেওঁ দ্বিতীয়গৰাকী বলাৰ। লগতে মহিলা বিশ্বকাপৰ ইতিহাসত এটা সংস্কৰণত সৰ্বাধিক উইকেট দখলকাৰীৰ দ্বিতীয় স্থানত দীপ্তি।

উইকেটৰ অভিলেখ

পঢ়িবলৈ ক্লিক কৰক 

বিশ্বকাপত ধোনীকো অতিক্ৰমি ৰিচাৰ অভিলেখ