শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Charaideo: চৰাইদেউ জিলাৰ বৰুৱানগৰত দুহেজাৰ মহিলাই একেলগে গালে মায়াবিনী

Charaideo: চৰাইদেউ জিলাৰ বৰুৱানগৰত দুহেজাৰ মহিলাই একেলগে গালে মায়াবিনী

manas-borah
Manas Borah | Published: 03 Nov 2025 20:29 PM

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই চৰাইদেউ জিলাৰ বৰুৱানগৰত দুহেজাৰ মহিলাই একেলগে পৰিৱেশন কৰিলে মায়াবিনী। লগতে পৰিৱেশন কৰিছে দিহানাম।

চৰাইদেউ জিলাৰ বৰুৱানগৰ মিলনজ্যোতি গাওঁ পঞ্চায়তৰ সমূহ গ্ৰাম্য সংগঠনৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰুৱানগৰ আঞ্চলিক সমিতি ,বৰুৱানগৰবাসী ৰাইজৰ সহযোগত দুই হাজাৰ মহিলাৰ দ্বাৰা দিহানাম পৰিবেশন ও প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী জনোৱা কাৰ্যসূচী গ্ৰহণ কৰে। দিহানাম পৰিবেশনৰ পূৰ্বে অশ্ৰুসিক্ত নয়নেৰে মায়াবিনী গীতৰ জৰিয়তে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰেজুবিন গাৰ্গলৈ। উপস্থিত থাকে আউনীআটী সত্ৰৰ সত্ৰাধীকাৰ পীতাম্বৰ দেৱ গোস্বামী ।