কিন্নৰৰ ভেশত ট্ৰেইনত হাৰাশাস্তি কৰে নেকি ভুৱা কিন্নৰে? এতিয়া পোনপটীয়াকৈ ৰে’লৱেক অভিযোগ দিব পাৰিব আপুনি
কিন্নৰৰ ভেশ ধৰি বহু লোকে ধন উপাৰ্জনৰ এই পন্থা লোৱাৰো অভিযোগ নথকা নহয়। ৰেলযাত্ৰাৰ সময়ত এই অভিজ্ঞতাই বহুতকেই অস্বস্তিত পেলায়। এই সমস্যা সমাধানৰ বাবেও চৰকাৰক আহ্বান জনাইছে বহুতে। এতিয়া গুৰুত্ব প্ৰদান কৰা হৈছে এইঅভিযোগৰ ওপৰত।
যিকোনো ৰেল’ত যাত্ৰা কৰাৰ সময়ত প্ৰায় সকলোৰে এটা অভিজ্ঞতা হয়, সেয়া হৈছে কিন্নৰৰ মুখামুখি হোৱা। আজিকালি অৱশ্যে বাছ, বাছ ষ্টপেজ, ট্ৰেফিক ছিগনেল পইণ্ট আদিতো দেখা যায় কিন্নৰ। হাততালি বজাই বিশেষকৈ পুৰুষৰ পৰা পইচা বিচাৰে তেওঁলোকে। ৰেলত এই বিশেষ হাততালি শুনাৰ লগে লগে বিশেষকৈ পুৰুষ যাত্ৰীসকল সচেতন হৈ পৰে।
সকলোৱে জানে যে ট্ৰেইনত কিন্নৰ উঠা মানেই টকা বিচাৰে আৰু কেতিয়াবা কোনোবাই টকা দিব নুখুজিলে কাজিয়া পৰ্যন্ত কৰে একাংশ কিন্নৰে। বহুতেই অৱশ্যে কোনো প্ৰতিক্ৰিয়া নকৰি আঁতৰিও যায়।
কিন্নৰৰ ভেশ ধৰি বহু লোকে ধন উপাৰ্জনৰ এই পন্থা লোৱাৰো অভিযোগ নথকা নহয়। ৰেলযাত্ৰাৰ সময়ত এই অভিজ্ঞতাই বহুতকেই অস্বস্তিত পেলায়। এই সমস্যা সমাধানৰ বাবেও চৰকাৰক আহ্বান জনাইছে বহুতে। এতিয়া গুৰুত্ব প্ৰদান কৰা হৈছে এইঅভিযোগৰ ওপৰত। এই ধৰণৰ হাৰাশাস্তিৰ পৰা যাত্ৰীসকলক মুক্ত কৰাৰ বাবে ভাৰতীয় ৰে’লৱেই গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ।
ভাৰতীয় ৰে’লৱেই জনাইছে যে এতিয়াৰ পৰা যদি কোনো ব্যক্তিয়ে কিন্নৰৰ সাজ-পোছাক পৰিধান কৰি যাত্ৰীসকলক আমনি কৰে আৰু ধন দাবী কৰিবলৈ চেষ্টা কৰে, তেন্তে যাত্ৰীসকলে ৰে’ল মদদ প’ৰ্টেলৰ জৰিয়তে এজাহাৰ দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও ১৩৯ নম্বৰত ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰিব।
শেহতীয়াকৈ ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ উত্তৰ-মধ্য ৰে’লৱেৰ আগ্ৰা সংমণ্ডলত ৰে’লৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাইছিল। সেই অভিযানত কিন্নৰৰ বেশত যাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰা ৫৪ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অসৎ আচৰণ আৰু টিকট অবিহনে যাত্ৰা কৰাৰ অভিযোগত বহুকেইজনক গ্ৰেপ্তাৰ কৰা হয়।
চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে আগ্ৰা সংমণ্ডলৰ আৰ পি এফে এনে ৩০৩ জন লোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। ২৫৭ জন যাত্ৰীয়ে ৰেল মদদ পৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিছিল, আৰু আৰ পি এফে অভিযোগ লাভৰ পাছত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে।
এই ক্ষেত্ৰত সজাগ হৈ থাকিবলৈ, ৰে’ল আৰু প্লেটফৰ্মত নিয়মীয়াকৈ সতৰ্ক হৈ থাকিবলৈ আৰু এনে কোনো ঘটনা দেখিলে বা কোনো অভিযোগ পালে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো বিভাগীয় পদ আৰু আউটপোষ্টৰ দায়িত্বত থকা লোকক নিৰ্দেশ দিয়া হৈছে।