শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি ৩ নৱেম্বৰ, সোমবাৰ। আজিৰ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰে। দীপক শৰ্মাৰ দেহাৱসানৰ পৰা আফগানিস্তানৰ ভূমিকম্পলৈ পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
manas-borah
Manas Borah | Published: 03 Nov 2025 20:17 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া। মইনাজান বৰশইকীয়া গাঁৱত প্ৰায় ১৫ মিটাৰ অংশ খহাই নিয়ে ব্ৰহ্মপুত্ৰই। ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া। মইনাজান বৰশইকীয়া গাঁৱত প্ৰায় ১৫ মিটাৰ অংশ খহাই নিয়ে ব্ৰহ্মপুত্ৰই। হঠাৎ প্ৰায় চাৰি ফুট জলস্তৰ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ। এই খনহীয়াই ডিব্ৰুগড় চহৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে।
  2. ৰাজ্যবাসীৰ বাবে আন এক শোকৰ খবৰ। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই। জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বাঁহীবাদকগৰাকী। চেন্নাইত চিকিৎসাধীন অৱস্থাত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল দীপক শর্মা।
  3. পুনৰ জনজাতি কৰণৰ দাবীত কপিল চৰাইদেউ জিলাৰ সদৰ সোণাৰি। চৰাইদেউ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ লগতে চৰাইদেউবাসী চাওঁতাল জনগোষ্ঠীৰ তিনি সহস্ৰাধিক লোকে জনজাতিকৰণৰ দাবীত কঁপাই তোলে সোণাৰিৰ ৰাজপথ।
  4. ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰীৰ সম মৰ্যাদা প্ৰদান তথা প্ৰাপ্য মজুৰিৰ দাবীত আজি নলবাৰীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মীসকলে। চৰকাৰে লিখিত প্ৰতিশ্ৰুতি প্ৰদান নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে।
  5. সোমবাৰে পুৱাই হায়দৰাবাদ-বিজাপুৰ ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু শিলভৰ্তি ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত কমেও ২০ জন লোকে প্ৰাণ হেৰুৱায়। এই ঘটনাত আহত হয় আন কেবাজনো লোক। খুন্দা মৰাৰ পাছতেই বাছখনৰ ওপৰত বাগৰি পৰে শিলভৰ্তি ট্ৰাকখন।
  6. আজিৰে পৰা দিল্লীত আৰম্ভ হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এই অনুষ্ঠানৰ। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে নৈতিক আৰু মানৱকেন্দ্ৰিক কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী কাঠামো গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আছে।
  7. ৰাজস্থানত শোকাৱহ দুৰ্ঘটনাত থিতাতে নিহত ১৩ জনকৈ লোক। আনহাতে প্ৰায় ১৮ গৰাকী লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। জয়পুৰৰ বৰমাৰা অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই কমেও ১০ খনকৈ বাহন মহতিয়াই নিয়াৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
  8. আফগানিস্তানৰ হিন্দুকুশ অঞ্চলত শক্তিশালী ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩। এই ভূমিকম্পৰ ফলত কমেও ২০ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ডেৰ শতাধিক লোক আহত হয়।
  9. কোটি কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰি বিশ্বকাপ জয় কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। এই উপলেক্ষ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিভিন্নজনে। দক্ষিণ আফ্ৰিকাক ৫২ ৰাণত পৰাস্ত কৰি খিতাপ দখল কৰে হৰমনপ্ৰীত কৌৰ বাহিনীয়ে।