শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে ১০ খনকৈ বাহন! থিতাতে মৃত্যু ১৩ জনৰ, আহত ১৮…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত বৰ্তমানলৈ ১৩ জন লোকৰ মৃত্যু হয়। ইফালে আহত হয় প্ৰায় ১৮ জনৰ। এই সমগ্ৰ কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে ১০ খনকৈ বাহন! থিতাতে মৃত্যু ১৩ জনৰ, আহত ১৮…
ডাম্পাৰখন
barasha-sarma
Barasha Sarma | Published: 03 Nov 2025 16:26 PM

পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। তীব্ৰবেগী ডাম্পাৰ এখনে সন্মুখৰ পৰা আহি থকা কেইবাখনো গাড়ীক মহতিয়াই লৈ যায়। যাৰ ফলত থিতাতে ১৩ জন লোকৰ মৃত্যু আৰু ১৮ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইজনমানৰ অৱস্থা অতি সংকটজনক। সোমবাৰে এই দুৰ্ঘটনা সংঘটিত হৈছে জয়পুৰৰ বৰমাৰা থানা এলেকাত।

তথ্য অনুসৰি  ডাম্পাৰখনে প্ৰায় ১০ খনকৈ বাহনত খুন্দা মাৰে। প্ৰাৰম্ভিক তদন্তত এই দুৰ্ঘটনাৰ কাৰণ ডাম্পাৰখনৰ ব্ৰেক ফেইল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ডাম্পাৰখন সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষীক খবৰ দিয়া হয়। পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে আহতসকলক হাস্পাতালত ভৰ্তি কৰে।

দুৰ্ঘটনাৰ ফলত পথটোত তীব্ৰ যাঁন যটৰ সৃষ্টি হয়। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্য়াহত ৰাখিছে। স্থানীয় লোকে জনাই যে, তীব্ৰ বেগী ডাম্পাৰখনে তীব্ৰবেগত আহি অনিয়ন্ত্ৰিত হৈ কেইবাখনো বাহনক খুন্দিয়াই। যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কেইবাখনো বাহন চিটিকি পৰে।

এই ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই। তেওঁ মৃতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আগতসকলক শীঘ্ৰেই উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে। প্ৰশাসনে মৃতদেহসমূহ চিনাক্ত কৰাৰ কাম কৰি আছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকচালকক আটক কৰি বৰ্তমান তদন্ত চলাই আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ ঘূৰাই বিচাৰিছিল সন্তানক! পিছে বামসীৰ সৈতে ভয়ংকৰ কাণ্ড পত্নীৰ পৰিয়ালৰ লোকৰ…