শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Gold Price: মধ্যবিত্তৰ বাবে ভাল খবৰ! অধিক সস্তীয়া হৈ পৰিব সোণ...

Gold Price: মধ্যবিত্তৰ বাবে ভাল খবৰ! অধিক সস্তীয়া হৈ পৰিব সোণ…

Barasha Sarma
Barasha Sarma | Published: 03 Nov 2025 17:12 PM

Gold Price: সোণৰ মূল্য হ্ৰাস-বৃদ্ধি হোৱাতো সাধাৰণ কথা। কিন্তু শেহতীয়াকৈ কেন্দ্ৰই লোৱা এক পদক্ষেপৰ পাছতে এতিয়া সোণৰ মূল্য আৰু অধিক হ্ৰাস পাব পাৰে। ই মধ্যবিত্তসকলৰ বাবে নিশ্চয় এক ভাল খবৰ।

কোনে ভাল নাপাই সোণৰ আ-অলংকাৰ! কিন্তু বিগত বছৰৰ পৰা সোণৰ মূল্য তীব্ৰগতিত বৃদ্ধি পাইছে। যাৰ বাবে বহু মধ্যবিত্তই সোণ বিক্ৰী কৰিছিল। ইয়াৰ পাছতে শেহতীয়াকৈ ধনতেৰাচৰ পাছত সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে। যোৱা কেইটামান দিনৰ পৰা সোণৰ মূল্য তীব্ৰগতিত হ্ৰাস পাই আহিছে। কিন্তু একাংশৰ মতে, আগন্তুক সময়ত আৰু অধিক হ্ৰাস পাব পাৰে সোণৰ মূল্য।

ইয়াৰ আঁৰত কেন্দ্ৰৰ এটা পদক্ষেপ বুলিব পাৰি। সোণৰ ভিত্তি আমদানি মূল্য হ্ৰাস কৰা হৈছে। সোণৰ ভিত্তি আমদানি মূল্য প্ৰতি ১০ গ্ৰামত ৪২ ডলাৰ আৰু ৰূপৰ মূল্য ১০৭ ডলাৰ প্ৰতি কেজি নিৰ্ধাৰণ কৰা হৈছে। যাৰ বাবে ইয়াৰ প্ৰভাৱ সোণৰ বজাৰত পৰিব। এনে পৰিপ্ৰেক্ষিতত অধিক সস্তীয়া হৈ পৰিব পাৰে সোণ।

অধিক জানিবলৈ চাওক ভিডিঅ’…