ইচ্ছা অনুসৰি বুক কৰিব পাৰিব ৰে’লৰ Lower বাৰ্থ, এই নিয়ম জানক…
Train Lower Berth: বহু লোকে দীৰ্ঘ দূৰত্বৰ ৰে’লত যাত্ৰা কৰাৰ সময়ত ল'ৱাৰ বাৰ্থৰ আসন পছন্দ কৰে। বিশেষকৈ বৃদ্ধ বা বিশেষভাৱে সক্ষম বা গৰ্ভৱতী মহিলাসকলে ল'ৱাৰ বাৰ্থ পছন্দ কৰে। যদিও ৰে’লৱেৰ কম্পিউটাৰাইজড ব্যৱস্থাত ৪৫ বছৰৰ ওপৰৰ বৃদ্ধ আৰু মহিলা যাত্ৰীক ল'ৱাৰ বাৰ্থ আবণ্টন দিয়াৰ ব্যৱস্থা আছে, বহু সময়ত খালী অসনৰ অভাৱত সেই সুবিধা লাভ নকৰে।
ৰে’ল যাত্ৰীৰ বাবে আহিছে আন এটা নতুন নিয়ম। টিকট বুকিং ব্যৱস্থাটো সহজ আৰু যাত্ৰী অনুকূল কৰি তোলাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱেই। নতুন নিয়ম অনুসৰি ৰে’লৰ ল’ৱাৰ বাৰ্থত টিকট বুকিং কৰাৰ নিয়ম সলনি কৰা হৈছে।
চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় ৰে’লৱেই যাত্ৰীৰ সুবিধাৰ্থে ৰেলৱান এপ মুকলি কৰিছিল। এই এপটোৰ জৰিয়তে সংৰক্ষিত আৰু অসংৰক্ষিত বিভাগৰ টিকট বুকিং কৰাৰ সুবিধা লাভ কৰিব। বৰ্তমান ৰে’লৱেৰ এডভান্স বুকিং পিৰিয়ডো ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হৈছে।
তলৰ বাৰ্থ বুকিং কৰাৰ নিয়ম-
বহু লোকে দীৰ্ঘ দূৰত্বৰ ৰে’লত যাত্ৰা কৰাৰ সময়ত তলৰ আসন বা ল’ৱাৰ বাৰ্থৰ আসন পছন্দ কৰে। বিশেষকৈ বৃদ্ধ বা বিশেষভাৱে সক্ষম বা গৰ্ভৱতী মহিলাসকলৰ ল’ৱাৰ বাৰ্থ অতি পছন্দৰ। যদিও ৰে’লৱেৰ কম্পিউটাৰাইজড ব্যৱস্থাত ৪৫ বছৰৰ ওপৰৰ বৃদ্ধ আৰু মহিলা যাত্ৰীক ল’ৱাৰ বাৰ্থ আবণ্টন দিয়াৰ ব্যৱস্থা আছে, বহু সময়ত খালী অসনৰ অভাৱত সেই সুবিধা লাভ নকৰে।
ৰেলত টিকট বুকিং কৰাৰ সময়ত এটা পছন্দৰ বিকল্প উপলব্ধ, য’ত ল’ৱাৰ বাৰ্থ নিৰ্বাচন কৰিব পাৰি। কিন্তু এই বিকল্পটো বাছি লোৱাৰ পিছতো আপাৰ বা মিডল বাৰ্থৰ আসন পায়। এতিয়া যাত্ৰীৰ সুবিধাৰ কথা মনত ৰাখি আন এটা বিকল্প প্ৰৱৰ্তন কৰা হৈছে। য’ত ল’ৱাৰ বাৰ্থ খালী থাকিলেহে টিকট বুকিং কৰিব পাৰিব। অনলাইন বুকিঙৰ ক্ষেত্ৰত এই সুবিধা উপলব্ধ। অৰ্থাৎ যাত্ৰীসকলে অনলাইনত টিকট বুকিং কৰাৰ সময়ত “Book Only If Lower Berth is Available” বিকল্পটো বাছি ল’ব পাৰিব।
এই আসনখন কেৱল নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈহে যাত্ৰীসকলৰ বাবে সংৰক্ষিত কৰা হ’ব। বাকী সময়ত এই বাৰ্থ সংৰক্ষণ কৰিব নোৱাৰিব। সেই সময়ছোৱাত যাত্ৰীসকলে বহিব লাগিব। যদি চাইড ল’ৱাৰ বাৰ্থৰ ক্ষেত্ৰত যদি আৰ এ চি বুকিং হয়, তেন্তে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ আপাৰ বাৰ্থৰ যাত্ৰীজনে ল’ৱাৰ বাৰ্থত বহি থকাৰ দাবী কৰিব নোৱাৰে।