শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

স্নাতক উত্তীর্ণ ছাত্ৰ-ছাত্ৰীক মাহে ২৫০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে, কোনসকলে এই আঁচনিৰ সুবিধা ল’ব পাৰিব?

সোমবাৰে 'মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা' আঁচনিখনৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক ২৫০০ টকাকৈ আগবঢ়াব।

স্নাতক উত্তীর্ণ ছাত্ৰ-ছাত্ৰীক মাহে ২৫০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে, কোনসকলে এই আঁচনিৰ সুবিধা ল’ব পাৰিব?
manas-borah
Manas Borah | Published: 03 Nov 2025 21:35 PM

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা’ আঁচনিখনৰ শুভাৰম্ভ কৰে। স্নাতক ডিগ্রীধাৰী যুৱক-যুৱতীসকলে মাহিলী আর্থিক সাহায্যৰে যাতে প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰে অথবা ব্যৱসায় বাণিজ্যৰে উদ্যমিতাৰ পথত আগবাঢ়ি যাব পাৰে, সেই উদ্দেশ্যে অসম চৰকাৰে এই আঁচনিখনৰ আৰম্ভণি কৰিছে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ চিএম-ফ্লাইট আঁচনি এই তিনিখন আঁচনি ৰাজ্য চৰকাৰে দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগক অর্পণ কৰিছিল আৰু তিনিওখন আঁচনিয়ে আজি এক নির্দিষ্ট গতিত আগবাঢ়িছে। ছাত্র-ছাত্রী তথা অভিভাৱকসকলৰ বাবে প্রথম সমস্যা আহে মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুলক লৈ, তাৰ পিছত দ্বিতীয় সমস্যা আহে হোষ্টেল মেচ ডিউছ আৰু অহা-যোৱা খৰচৰ বাবে। শেষৰ সমস্যাটো আহে মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত কর্মসংস্থাপনৰ প্ৰয়োজনীয়তা পূৰণক লৈ।

‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা’ আঁচনি কি ?

নিযুত মইনা আঁচনিৰ লেখীয়া এইখনো এখন ব্যতিক্রমী আঁচনি বুলি উল্লেখ কৰি তেওঁ কয় যে, ভাৰতবৰ্ষৰ অন্য ৰাজ্যত এনে আঁচনি প্ৰৱৰ্তন হোৱা নাই। মুখ্যমন্ত্রীয়ে কয় যে, স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ যুৱক-যুৱতীসকলক প্রতিমাহে ২৫০০ টকাকৈ বৃত্তি প্রদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। ই নিবনুৱা ভাট্টা নহয়। কাৰণ এটা বছৰ চৰকাৰে আৰ্থিক সমর্থন দিলে যুৱক-যুৱতীসকলে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয় যে, এটা বছৰৰ আৰ্থিক সমর্থনে যুৱক-যুৱতীসকলক ভবিষ্যতৰ বাবে সুস্থিৰ সিদ্ধান্ত গ্রহণত সহায় কৰাৰ লগতে লক্ষ্যত উপনীত হোৱাত উদগণি যোগাব। তেওঁ কয় যে,২০২৬ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ২০২৭ চনৰ ৩১ জানুৱাৰীলৈকে প্রতি মাহত ৰাজ্য চৰকাৰে স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক ২৫০০ টকাকৈ আগবঢ়াই যাব। পৰৱৰ্তী বছৰসমূহত স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক অনুৰূপ ধৰণে বৃত্তি প্রদান কৰা হ’ব। ২০২৫ চনত স্নাতক উত্তীর্ণ সকলো যুৱক-যুৱতীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

কোনসকলে ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা ল’ব পাৰিব?

লগতে মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি দিছে যে, নিযুত মইনা আঁচনিৰ অধীনত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে ইতিমধ্যে ২৫০০ টকাকৈ লাভ কৰি আছে আৰু অহা ৪ বছৰলৈ এই আঁচনিৰ অধীনত তেওঁলোক এই ধন লাভ কৰি থাকিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। সেয়েহে নিযুত মইনা আঁচনিৰ অধীনত ধন লাভ কৰা ছাত্ৰীসকলক এই আঁচনিৰ অধীনত সামৰি ল’ব বিচৰা নাই বুলি তেওঁ কয়। তদুপৰি পেছাদাৰী অথবা বৃত্তিমুখী পাঠ্যক্ৰমৰ শিক্ষার্থী তেওঁলোকক এই বছৰ এই আঁচনিৰ অধীনত সামৰি লোৱা নহয়। কিন্তু সামাজিক ক্ষেত্র তথা সামাজিক সংগঠনে পৃষ্ঠপোষকতা কৰা বিশ্ববিদ্যালয়সমূহৰ পৰা স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক পৰৱৰ্তী সময়ত এই আঁচনিৰ অধীনত সামৰি লোৱাৰ বাবে বিবেচনা কৰাৰ বাবে চিন্তা কৰা হ’ব বুলি তেওঁ কয়।

“চতুৰ্থ বৰ্গৰ চাকৰিয়ালৰ সন্তানক বাদ দি যিসকল আৱেদনকাৰীৰ পিতৃ-মাতৃৰ যিকোনো এগৰাকী ৰাজহুৱা পদত অথবা চৰকাৰী চাকৰিত নিয়োজিত, যিসকল আৱেদনকাৰীৰ পিতৃ-মাতৃ পঞ্জীয়নভুক্ত ঠিকাদাৰ, যিসকল আৱেদনকাৰী বছৰি ১০ লাখ টকাতকৈ অধিক উপাৰ্জন কৰা পেছাদাৰী পৰিয়ালৰ সন্তান অথবা আৱেদনকাৰী পিতৃ-মাতৃৰ যিকোনো এগৰাকী সাংসদ, মন্ত্রী বা বিধায়ক, তেনে স্নাতক ডিগ্রী ধাৰী যুৱক-যুৱতীয়ে এই আঁচনিখনৰ সুবিধা লাভ নকৰিব।” এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে।

আবেদন পত্ৰসমূহ পৰীক্ষণ সময়

তেওঁ কয় যে, নৱেম্বৰ মাহৰ ভিতৰত এই আঁচনিখনৰ অধীনত আৱেদন প্রক্ৰিয়াৰ কাম সমাপন হোৱাৰ আশা কৰা হৈছে। ডিচেম্বৰ মাহত আবেদন পত্ৰসমূহ পৰীক্ষণ কৰা হ’ব। এই আঁচনিখন নির্বাচন কেন্দ্রিক আঁচনি নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষা পূৰণৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখন উদ্বোধন কৰা হৈছে আৰু ই এখন সার্বজনীন আঁচনি।