শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নৰেন্দ্ৰ মোদীৰ সম্ভাৱ্য ভ্ৰমণৰ পূৰ্বেই মণিপুৰত মুকলি হ’ব বন্ধ হৈ থকা এটা ৰাজপথ

কুকি-জো কাউঞ্চিলে মণিপুৰত বন্ধ কৰি ৰখা ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কুকি-জো কাউঞ্চিল আৰু গৃহ মন্ত্ৰণালয়ৰ মাজত ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ লগতে ৰাজ্যত শান্তি বৰ্তাই ৰখা আৰু অনান্য বিষয়ত ইতিমধ্যেই আলোচনা হৈছে।

নৰেন্দ্ৰ মোদীৰ সম্ভাৱ্য ভ্ৰমণৰ পূৰ্বেই মণিপুৰত মুকলি হ’ব বন্ধ হৈ থকা এটা ৰাজপথ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীImage Credit source: PTI
raj-saikia
Raj Saikia | Updated On: 04 Sep 2025 17:53 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ ছেপ্টেম্বৰত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। মণিপুৰত যোৱা প্ৰায় দুটা বছৰ ধৰি চলি থকা সংঘাতৰ পাচত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখন ভ্ৰমণ কৰিব বুলি বাতৰি প্ৰকাশ পাইছে। নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বেই চৰকাৰে এক ডাঙৰ সাফল্য অৰ্জন কৰিছে।

কুকি-জো কাউঞ্চিলে মণিপুৰত বন্ধ কৰি ৰখা ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কুকি-জো কাউঞ্চিল আৰু গৃহ মন্ত্ৰণালয়ৰ মাজত ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ লগতে ৰাজ্যত শান্তি বৰ্তাই ৰখা আৰু অনান্য বিষয়ত ইতিমধ্যেই আলোচনা হৈছে।

অহা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ সাম্ভাব্য মণিপুৰ ভ্ৰমণত এই সিদ্ধান্তই গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। যোৱা কেইমাহমানৰ পৰা গৃহ মন্ত্ৰণালয়ৰ চৰকাৰী দলে মণিপুৰত শান্তি বাহাল ৰখাৰ বিষয়ত ৰাজ্যখনত সংঘটিত হিংসাত্মক কাৰ্যত জড়িত গোটসমূহৰ সৈতে বাৰ্তালাপ কৰি আছে। ইয়াৰ পাছতেই এই গুৰুত্বপূৰ্ণ সফলতা লাভৰ কথা পোহৰলৈ আহিছে। প্ৰথমৰ পৰাই এই হিংসাত্মক ঘটনা সন্দৰ্ভত গোটসমূহৰ সৈতে আলোচনা কৰি আছিল গৃহ মন্ত্ৰণালয়ে।

মণিপুৰৰ জীৱন ৰেখা স্বৰূপ ২ নং ৰাষ্ট্ৰীয় ঘাইপথ

কুকি-জো কাউঞ্চিলৰ সৈতে আলোচনাত এইটোও থিৰাং হয় যে এই গোটে মণিপুৰত সুৰক্ষাবাহিনীক সম্পূৰ্ণ সহযোগ আগবঢ়াব। ২ নং ৰাষ্ট্ৰীয় ঘাইপথক মণিপুৰৰ বাবে জীৱন ৰেখা বুলি গণ্য কৰা হয়। মণিপুৰৰ ৰাজধানী ইম্ফলক কাংপৌকপী আৰি চূৰাচান্দপুৰৰ দৰে চহৰৰ সৈতে সংযোগ কৰে এই ৰাজপথে। মণিপুৰৰ চূৰাচান্দপুৰত কুকি সম্প্ৰদায়ৰ জনসংখ্যা অধিক। এই সম্প্ৰদায়ে মণিপুৰ হিংসাৰ পাছত এই ৰাজপথ বন্ধ কৰি দিছিল।

গৃহ মন্ত্ৰণালয়ে কি ক’লে?

কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে কয় যে কুকি-জো পৰিষদে ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে। কেইদিনমান পূৰ্বে গৃহ মন্ত্ৰণালয়ৰ বিষয়া আৰু কুকি-জো পৰিষদৰ প্ৰতিনিধিৰ মাজত হোৱা বৈঠৰ পাচত এই সিদ্ধান্ত লোৱা হৈছে।

কুকি-জো পৰিষদে ৰাষ্ট্ৰীয় ঘাইপথ ২ ত শান্তি বজাই ৰখাৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা মোতায়েন কৰা নিৰাপত্তা বাহিনীক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। মন্ত্ৰণালয়ে কয় যে যুটীয় নীৰিক্ষণ সমিতিৰ দলে এতিয়াৰে পৰা এই বিষয়ত তীক্ষ্ণ নজৰ ৰাখিব। যাতে আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক হৈ থাকে।