কেৱল গোন্ধই নহয়, তেজপাতত আছে এনে যাদুকৰী গুণ! জানিলে আচৰিত হ’ব আপুনি
খাদ্যত তেজপাতৰ ব্যৱহাৰে এক সুগন্ধি প্ৰদান কৰাৰ লগতে সোৱাদো বৃদ্ধি কৰে। কেৱল খাদ্যতে নহয়, চাহতো তেজপাত ব্যৱহাৰ কৰিব পাৰি। তেজপাতে কেৱল সোৱাদ বৃদ্ধি কৰে বা সুগন্ধি আনে এনে নহয়, ইয়াৰ বহু দেহ উপকাৰী গুণো আছে।

আমাৰ সমাজত পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে কিছুমান মছলা বা আন সামগ্ৰী ব্যৱহৃত হৈ আহিছে। এনে সামগ্ৰীসমূহৰ ভিতৰত তেজপাত অন্যতম। খাদ্যত তেজপাতৰ ব্যৱহাৰে এক সুগন্ধি প্ৰদান কৰাৰ লগতে সোৱাদো বৃদ্ধি কৰে। কেৱল খাদ্যতে নহয়, চাহতো তেজপাত ব্যৱহাৰ কৰিব পাৰি। তেজপাতে কেৱল সোৱাদ বৃদ্ধি কৰে বা সুগন্ধি আনে এনে নহয়, ইয়াৰ বহু দেহ উপকাৰী গুণো আছে। তেজপাত শৰীৰৰ বাবেও এক অমূল্য বনৌষধি।
বিশেষকৈ তেজপাত সিজাই সেই পানী খালে স্বাস্থ্যৰ অসাধাৰণ উপকাৰ পোৱা যায়। এই পানীয়ে দেহত ডিটক্সৰ দৰে কাম কৰে। লগতে ইয়াৰ দ্বাৰা আন বহুতো শাৰীৰিক সমস্যাও দূৰ হ’ব পাৰে। পুৱা খালী পেটত তেজপাতৰ পানী খোৱাৰ কিছুমান উপকাৰিতাৰ বিষয়ে জানো আহক–
হজম শক্তি উন্নত কৰে
তেজপাতৰ পানীত থকা এণ্টিঅক্সিডেণ্ট আৰু এনজাইমে পাচন প্ৰক্ৰিয়া উন্নত কৰে। নিয়মিত তেজপাতৰ পানী গেছ, জ্বলাপোৰা কৰা বা কোষ্ঠকাঠিন্যৰ পৰা উপশমত যথেষ্ট ফলপ্ৰসূ।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
তেজপাতত প্ৰচুৰ পৰিমাণে ভিটামিন চি, এ আৰু খনিজ পদাৰ্থ থাকে। সেয়ে নিয়মিত তেজপাতৰ পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াৰ উপৰিও ভাইৰাছ আৰু ঋতুভিত্তিক সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।
তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে তেজপাতৰ পানীয়ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। গতিকে তেজপাতৰ পানী ডায়েবেটিছ নিয়ন্ত্ৰণত উপকাৰী হ’ব পাৰে। অৱশ্যে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে।
ছাল আৰু চুলিৰ যত্ন
এণ্টিঅক্সিডেণ্ট সমৃদ্ধ তেজপাতৰ পানীয়ে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে, ইয়াৰ ফলত ছালখন জিলিকি উঠে। তদুপৰি এই পানীৰে চুলি ধুলে চুলি সৰা কমি যায় আৰু লগতে উফিও নিয়ন্ত্ৰিত হয়।
মানসিক চাপ কমোৱাত সহায়ক
তেজপাতৰ সুন্দৰ গোন্ধই মন শান্ত কৰে। অত্যধিক কামৰ হেঁচাত মানসিক হেঁচা অনুভৱ কৰিলে তেজপাতৰ পানী খাব পাৰে। ই মানসিক চাপ কমোৱাৰ লগতে টোপনি ভাল কৰে।
এনে উপকাৰিতা লাভৰ বাবে দুইৰ পৰা তিনিখিলা তেজপাত ভালদৰে ধুই একাপ পানীত উতলাই লওক। এইদৰে ৫ মিনিটমান সময় উতলাই গৰম বা কুহুমীয়াকৈ পান কৰক। প্ৰতিদিনে যদি তেজপাতৰ পানী একাপ দৈনিক গ্ৰহণ কৰে, তেতিয়া শৰীৰ আৰু মনলৈ এক নতুন সতেজতা কঢ়িয়াই আনে।