Teacher’s Day 2025: শিক্ষক দিৱসত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে ১০টা নজনা কথা পঢ়ক…
Sarvepalli Radhakrishnan: ভাৰতত প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে দেশৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয় আৰু তেওঁ এজন শিক্ষকো আছিল। সেইবাবেই ৫ ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে ১০টা নজনা কথা
৫ ছেপ্টেম্বৰত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ সন্মানত দেশজুৰি শিক্ষক দিৱস উদযাপন কৰা হয়। এই দিনটোতে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। আচলতে এজন ব্যক্তি বা ছাত্ৰক সঠিক ৰূপ দিয়া আৰু সমাজলৈ বৰঙণি আগবঢ়োৱাৰ ক্ষেত্ৰত শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাক সন্মান জনাই এই দিৱস পালন কৰা হয়। ডাঃ সৰ্বেপল্লীৰ বিষয়ে আপুনি কিমান জানে?
সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১০টা নজনা কথা
- শিক্ষা আৰু দৰ্শনত ড° ৰাধাকৃষ্ণণৰ আছিল অনবদ্য অৱদান। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ প্ৰভাৱক স্বীকৃতি দি ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ তেওঁৰ সন্মানত শিক্ষক দিৱস উদযাপন কৰা হয়।
- ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুটানীত জন্মগ্ৰহণ কৰা ৰাধাকৃষ্ণণ আছিল সৰ্বেপল্লী বীৰস্বামী আৰু সীতাম্মাৰ সন্তান। শিৱকামুৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত তেওঁলোকৰ ৬টা সন্তান আছিল।
- ১৯০৬ চনত মাদ্ৰাজ খ্ৰীষ্টান কলেজৰ পৰা দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰাধাকৃষ্ণণে গোটেই শৈক্ষিক জীৱনত বৃত্তি লাভ কৰি কম বয়সতে অধ্যাপক হয়।
- ১৯৩১ চনত ব্ৰিটেইনৰ প্ৰাক্তন ৰজা পঞ্চম জৰ্জে তেওঁৰ উল্লেখযোগ্য শৈক্ষিক অৱদানৰ বাবে নাইট উপাধি লাভ কৰে আৰু ছাৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ নামেৰে পৰিচিত হয়। স্বাধীনতাৰ পিছত তেওঁ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণ নামেৰে পৰিচিত হ’বলৈ ধৰিলে।
- ১৯৪৬ চনত সংবিধান সভালৈ নিৰ্বাচিত হৈ ইউনেস্কো আৰু মস্কোত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫২ চনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ১৯৬২ চনত ৰাষ্ট্ৰপতিও আছিল।
- ১৯৫৪ চনত ভাৰতৰত্ন, ১৯৬৩ চনত অৰ্ডাৰ অৱ মেৰিট আৰু ১৯৭৫ চনত টেম্পলটন বঁটা লাভ কৰা ৰাধাকৃষ্ণণে বঁটাৰ ধনৰাশি অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ আগবঢ়ায়।
- তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয় (১৯৩১–১৯৩৬), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (১৯৩৯–১৯৪৮)ৰ উপাচাৰ্য আৰু দিল্লী বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ (১৯৫৩–১৯৬২) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
- শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়ে ৰাধাকৃষ্ণণ চেভেনিং স্কলাৰশ্বীপ আৰু ৰাধাকৃষ্ণণ সোঁৱৰণী বঁটাৰ প্ৰতিষ্ঠা কৰে।
- ড০ ৰাধাকৃষ্ণণে বৃদ্ধ আৰু অভাৱগ্ৰস্ত লোকক সহায় কৰা হেল্পএজ ইণ্ডিয়া নামৰ মুনাফাবিহীন সংস্থা এটা প্ৰতিষ্ঠা কৰিছিল।
- ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে ৰাধাকৃষ্ণণে ১০ হাজাৰ টকা দৰমহা লাভ কৰিছিল। ইয়াৰ ভিতৰত তেওঁ মাত্ৰ ২৫০০ টকাহে ৰাখিছিল আৰু বাকীখিনি প্ৰতিমাহে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ দান কৰিছিল।
লগতে পঢ়ক: এইদৰে প্ৰতিগৰাকী শিক্ষকক দিয়ক শিক্ষক দিৱসৰ শুভেচ্ছা…