শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 04 Sep 2025 07:49 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গুৱাহাটী মহানগৰীত শোকাৱহ ঘটনা। উন্মুক্ত নলাত পৰি ৪ বছৰীয়া কণমানিৰ মৃত্যু। শিশুটিৰ নাম চুমিত কুমাৰ। মহানগৰীৰ আৰ্যনগৰত সংঘটিত হৈছে এই ঘটনা। সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। চাইকেল ফেক্টৰীৰ নলাত পৰে শিশুটি।
  2. সত্যব্ৰত কলিতাৰ দলত্যাগৰ পাছতে কমলপুৰ অগপত ধুমুহা। সমূহীয়াভাৱে দলত্যাগ কৰিলে কমলপুৰ সমষ্টি সমিতিয়ে। অগপ শূন্য হ’ল কমলপুৰ বিধানসভা সমষ্টি। সভাপতি অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰি তৃণমূল কৰ্মীৰ পদত্যাগ।
  3. সলনি হ’ল সৰুসজাই ক্রীড়া প্রকল্পৰ নাম। এতিয়াৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামেৰে জনা যাব। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ‘অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প’। এই সময়ত অনুষ্ঠানত উপস্থিত থাকে অৰ্জুন ভোগেশ্বৰ বৰুৱা।  ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত হয় ৰাজ্যিক ক্ৰীড়া দিৱস।
  4. পৰিয়াল, কৃষক, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু স্বাস্থ্যসেৱা খণ্ডক সকাহ দিয়াৰ লক্ষ্যৰে GSTৰ ক্ষেত্ৰত এক বৃহৎ সংস্কাৰ সাধন কৰিছে কেন্দ্ৰই। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে ঘোষণা কৰে যে বহুতো অত্যাৱশ্যকীয় সামগ্ৰী, অটোম’বাইল, কৃষি সামগ্ৰী আৰু ইলেক্ট্ৰনিক সঁজুলিৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ (GST)ৰ হাৰ ব্যাপকভাৱে হ্ৰাস কৰা হৈছে। ৫৬ সংখ্যক GST পৰিষদৰ বৈঠকত ১২ শতাংশ আৰু ২৮ শতাংশ হাৰ একত্ৰিত কৰি ৫ শতাংশ আৰু ১৮ শতাংশৰ দুটা স্লেবলৈ GSTৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
  5.  ৩৩ টা জীৱনদায়িনী ঔষধৰ GST ১২ শতাংশৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে। তদুপৰি GST ৫ শতাংশ থকা ৩ বিধ ঔষধৰ ক্ষেত্ৰতো GST শূন্যলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ দ্বাৰা কেন্সাৰ, দুৰাৰোগ্য ব্যাধি আৰু অন্যান্য দীৰ্ঘদিনীয়া ৰোগৰ চিকিৎসাৰ খৰচ বহু পৰিমাণে হ্ৰাস পাব বুলি কেন্দ্ৰই আশা প্ৰকাশ কৰিছে। ইয়াৰ বাহিৰেও শিক্ষাৰ লগত জড়িত কেইবাটাও বিষয়ত GST শূন্যলৈ হ্ৰাস কৰা হৈছে।
  6. নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ম্যাদ বৃদ্ধি কৰা হৈছে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমাৰ। এই আইন গৃহীত কৰাৰ সময়ত আবেদনৰ বাবে সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ। কিন্তু এতিয়া এই সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰা হৈছে। কেৱল অ-মুছলিম অনুপ্ৰৱেশকাৰীয়েহে লাভ কৰিব এই সুবিধা।
  7. প্ৰতিবেশী দেশক সহায়ৰ ক্ষেত্ৰত ভাৰত সদায় আগৰণুৱা হৈ আহিছে। ১ ছেপ্টেম্বৰৰ নিশা পূব আফগানিস্তানৰ নংগাৰহৰ প্ৰদেশত ৬.০ ৰিখটাৰ স্কেলত হোৱা ভূমিকম্পই বিধ্বংসী ৰূপ ধাৰণ কৰিছে, য’ত ১৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আফগানিস্তানৰ এই শোকৰ সময়ত এজন প্ৰকৃত বন্ধু হিচাপে আগবাঢ়ি আহিছে ভাৰত । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে শনিবাৰে পূব আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত ভাৰতে কাবুললৈ ২১ টন মানৱীয় সাহায্য প্ৰদান কৰিছে।