ভাৰতীয় সেনাই কি কি ধৰণৰ বাহন ব্যৱহাৰ কৰে জানেনে?
ভাৰতীয় সেনাই কি কি ধৰণৰ বাহন ব্যৱহাৰ কৰে জানেনে। বিশেষকৈ সৈনিক কঢ়িয়াবলৈ যিবোৰ ট্ৰাক ব্যৱহাৰ কৰা হয়, সেইবোৰৰ বিষয়ে কেতিয়াবা ভাবিছেনে?
বহু সময়ত আমি ৰাস্তাত দেখা পাওঁ ভাৰতীয় সেনাৰ গাড়ীবোৰ শাৰী পাতি গৈ থকা। ভাৰতীয় সেনা মানেই এক সুকীয়া সৌন্দৰ্য। সেয়ে এই বাহনসমূহতো সেই সৌন্দৰ্য ফুটি উঠে। ভাৰতীয় সেনাই কি কি ধৰণৰ বাহন ব্যৱহাৰ কৰে জানেনে। বিশেষকৈ সৈনিক কঢ়িয়াবলৈ যিবোৰ ট্ৰাক ব্যৱহাৰ কৰা হয়, সেইবোৰৰ বিষয়ে কেতিয়াবা ভাবিছেনে?
ভাৰতীয় সেনাৰ প্ৰধান ভৰসা হ’ল Ashok Leyland ৰ Stallion Series। বিশেষকৈ Stallion MK4, -৪০ ডিগ্ৰী ছেলছিয়াছ বৰফৰ পৰা ৫০ ডিগ্ৰীৰ উৎকট গৰমতো অনায়াসে চলিব পাৰে এই বাহন। ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত এই ট্ৰাকৰ ভূমিকা ইতিহাসৰ পাতত লিপিবদ্ধ আছে। ইয়াৰ উপৰিও Super Stallion 6×6 আৰু Super Stallion 8×8 ৰ দৰে ট্ৰাক ব্যৱহাৰ কৰা হয় অস্ত্ৰ সৰবৰাহৰ বাবে। তাৰ বাহিৰেও আৰ্টিলাৰী কঢ়িওৱাৰ বাবে আছে FAT 6×6।
টাটা মটৰ্ছে নিৰ্মাণ কৰা ট্ৰাকো ব্যৱহাৰ কৰে ভাৰতীয় সেনাবাহিনীয়ে। LPTA 715/713 সৰুৰ পৰা মজলীয়া কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হয়। LPTA 2038 আৰু 5252 12×12 ব্যৱহাৰ কৰা হয় মিছাইল কঢ়িওৱাৰ বাবে। আনকি টাটাই তৈয়াৰ কৰা 4×4 MPV সশস্ত্ৰ জোৱান কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰে সেনাই।
একেদৰে BEML Tatra T815 ভাৰতীয় সেনা বাহিনীৰ গধুৰ অস্ত্ৰ-শস্ত্ৰ পৰিবহনত ব্যৱহাৰ কৰা বাহন। অৱশ্যে এই বাহন লাহে লাহে অৱসৰৰ দিশে আগবাঢ়িছে। ইয়াৰ পাছতেই আছে BharatBenz 3123, যি নিৰ্ভৰযোগ্যতা আৰু আধুনিক প্ৰযুক্তিৰ বাবে সেনাৰ আস্থা জয় কৰিছে।