১২৮ টকাৰ চিগাৰেট কিনিব লাগিব ১৪০ টকাত! দাম বাঢ়িল ফাষ্ট ফুডৰো…
দাম বাঢ়িব চিগাৰেট, গুটখা আদিৰ। শেহতীয়াতৈ জি এছ টি পৰিষদৰ বৈঠকত চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি, দাম বাঢ়িব বহু সামগ্ৰীৰ।
আপুনিও চিগাৰেট, পানমছলা, ফাষ্টফুড আদি খাই নেকি? যদি খাই তেন্তে আছে এক বেয়া খবৰ। শেহতীয়াকৈ GST পৰিষদৰ বৈঠকত চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। কৰৰ বোজা বৃদ্ধি কৰিছে চিগাৰেট, গুটখা, পান মছলা আৰু সকলো ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত। তথ্য অনুসৰি, এইসমূহ সামগ্ৰীৰ ওপৰত GSTৰ হাৰ ৪০% পৰ্যন্ত বৃদ্ধি কৰিছে। অহা ২২ ছেপ্টেম্বৰৰ পৰা নতুন কৰ প্ৰযোজ্য হ’ব। ইয়াৰ পূৰ্বে ইয়াৰ জি এছ টি আছিল ২৮%।
কেৱল এয়াই নহয়, ৪০ শতাংশ জি এছ টি আৰোপ কৰা শ্লেবত আছে বিলাসী গাড়ী, ফাষ্ট ফুড আৰু চেনিযুক্ত পানীয় আদি। বিশেষজ্ঞসকলৰ মতে, এই সিদ্ধান্তৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে জনতাৰ ওপৰত পৰিব।
পিছে প্ৰশ্ন হয় নতুন দাম কিমান হ’ব পাৰে? ধৰি লওক বৰ্তমান এটা পেকেট চিগাৰেটৰ দাম ২৫৬ টকা। গতিকে নতুন জি এছ টি আৰোপ হোৱাৰ পাছত ইয়াৰ দাম হ’ব ২৮০ টকা। এক কথাত প্ৰত্যক্ষভাৱে ২৪ টকা দাম বৃদ্ধি পাব। ইয়াৰ লগতে গুটখা, জৰ্দা, চোবাই খোৱা ধঁপাত আৰু পান মছলাৰ দৰে সামগ্ৰীৰ দামো বৃদ্ধি পাব। উল্লেখ্য যে,এই সকলোবোৰ সামগ্ৰী ‘Sin Goods’ৰ শ্ৰেণীৰ অন্তৰ্গত আৰু ইয়াৰ ওপৰত ইতিমধ্যে উচ্চ হাৰত কৰ আৰু ক্ষতিপূৰণৰ চেছ প্ৰযোজ্য হৈ পৰিছে।
ইয়াৰ লগতে চৰকাৰে ৪০% GST স্লেবত ৰাখিছে- ফাষ্ট ফুড আৰু জাংক ফুড, কাৰ্বনেটেড আৰু সোৱাদযুক্ত পানীয়, অতি বিলাসী গাড়ী আৰু ব্যক্তিগত বিমান, জৰ্দা আৰু চেনিযুক্ত সামগ্ৰী। এইসমূহত ‘Sin and Luxury Goods’ৰ নতুন শ্ৰেণীত স্থান দিছে। চৰকাৰে যুক্তি দিছে যে এইবোৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত বেয়া প্ৰভাৱ পেলায় যাৰ বাবে ইয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।