শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Indian Railway News: ৰে’লকৰ্মীৰ ৰক্ষক SBI, প্ৰতিটো পৰিয়ালে পাব ১ কোটি টকা

Indian Railway News: ৰে’লকৰ্মীৰ ৰক্ষক SBI, প্ৰতিটো পৰিয়ালে পাব ১ কোটি টকা

barasha-misra
Barasha Misra | Published: 03 Sep 2025 22:01 PM

জানিব পৰা মতে, এই বুজাবুজি চুক্তি অনুসৰি এছ বি আইত দৰমহা একাউণ্ট থকা সকলো ৰে’ল কৰ্মচাৰীয়ে দুৰ্ঘটনা বীমাৰ বাবে এক কোটি টকা পৰ্যন্ত লাভ কৰিব। কেৱল দুৰ্ঘটনা বীমাই নহয়, এই এক কোটি টকাত আন কেইবাটাও সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে।

এতিয়া আৰু চিন্তা কৰিব নালাগে ৰে’লৱেৰ কৰ্মচাৰীয়ে। ভাৰতীয় ৰে’লৱেই প্ৰতিজন কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক কোটি টকাৰ ব্যৱস্থা কৰিছে। এই কামত অংশীদাৰ হৈ পৰিছে ভাৰতীয় ষ্টেট বেংক। নতুন দিল্লীৰ সূত্ৰ অনুসৰি, সোমবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত দেশৰ এটা চৰকাৰী বেংকৰ সৈতে বুজাবুজি চুক্তি চুক্তি স্বাক্ষৰ কৰে।

কি কি সুবিধা লাভ কৰিব ৰে’লকৰ্মীয়ে?

জানিব পৰা মতে, এই বুজাবুজি চুক্তি অনুসৰি এছ বি আইত দৰমহা একাউণ্ট থকা সকলো ৰে’ল কৰ্মচাৰীয়ে দুৰ্ঘটনা বীমাৰ বাবে এক কোটি টকা পৰ্যন্ত লাভ কৰিব। কেৱল দুৰ্ঘটনা বীমাই নহয়, এই এক কোটি টকাত আন কেইবাটাও সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বৰ্তমান ৭ লাখ ৰে’ল কৰ্মচাৰীৰ দৰমহাৰ একাউণ্ট এছবিআইত আছে। যাৰ বাবে কোনো প্ৰিমিয়াম নোহোৱাকৈ ১০ লাখ টকাৰ জীৱন বীমা সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ কাম কৰি থকা অৱস্থাত যদি সেই কৰ্মচাৰীসকলৰ মৃত্যু হয়, তেন্তে তেওঁলোকৰ পৰিয়ালক এছ বি আই আৰু ৰে’লৱেই দিব ১০ লাখ টকা। এতিয়া সেই জীৱন বীমাত এক কোটি টকাৰ দুৰ্ঘটনা বীমাও সংযোজন কৰা হৈছে।