কমিব অন্য দেশৰ ওপৰত নিৰ্ভৰশীলতা! ভাৰতৰ হাতত ৩২ বিট মাইক্ৰ’প্ৰচেছৰ বিক্ৰম…
ভাৰতে প্ৰস্তুত কৰি উলিয়ালে প্ৰথমটো চিপ। ইয়াৰ নাম ৩২ বিট মাইক্ৰ’প্ৰচেছৰ বিক্ৰম। ইয়ে ভাৰতৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰখনক এক নতুন শিখৰলৈ লৈ যাব।
চেমিকণ্ডাক্টৰ ক্ষেত্ৰত ডাঙৰ সফলতা ভাৰতৰ। মঙলবাৰে SEMICON India 2025 সন্মিলনত সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত প্ৰথমটো ৩২ বিট মাইক্ৰ’প্ৰচেছৰ বিক্ৰম উন্মোচন কৰা হয়। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ৩২ বিট মাইক্ৰ’প্ৰচেছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গতাই দিয়ে। এই চিপটো ইছৰোৰ ছেমিকণ্ডাক্টৰ লেবত নিৰ্মাণ কৰা হৈছে। ইয়াৰ পাছতে এতিয়া ভাৰতৰ আন দেশৰ ওপৰত এই ক্ষেত্ৰত নিৰ্ভৰশীলতা কিছু কম হ’ব।
২ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লীত SEMICON India 2025 সন্মিলন উদ্বোধন কৰে। তেওঁ কয় যে, বিগত শতিকাসমূহত তেলৰ সময় আছিল আৰু এতিয়া ছিপৰ সময়। তেলক ক’লা সোণ বুলি কোৱা হয় যদিও চিপছক ডিজিটেল হীৰা বুলি কোৱা হয়। তেওঁ আৰু কয় যে অতি সোনকালে ভাৰতত নিৰ্মিত আটাইতকৈ সৰু চিপটোৱে বিশ্বত এক বৃহৎ পৰিৱৰ্তন আৰম্ভ কৰিব।
অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰতখনত তেওঁ মোদীৰ প্ৰশংসা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, কেইবছৰমানৰ আগতে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ প্ৰথম বৈঠক হৈছিল। আমি ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন আৰম্ভ কৰিছিলো। ৩ বছৰৰো অধিক সময় ধৰি সমগ্ৰ বিশ্বই ভাৰতক বিশ্বাসেৰে চাই আছে। আৰু এতিয়া ৫টা ছেমিকণ্ডাক্টৰ ইউনিট নিৰ্মাণৰ কাম চলি আছে। ইমানেই নহয়, আজি মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মেড ইন ইণ্ডিয়া চিপ আগবঢ়াই দিছো।