কা’ৰ ভিত্তিবৰ্ষ সলনিৰ পৰা অভিৰুচি ক্ৰীড়া দিৱসলৈ দিনটোৰ শীৰ্ষ খবৰ
পুনৰ গা কৰি উঠাৰ দৰে কা বিৰোধী আন্দোলন। শেহতীয়াকৈ কেন্দ্ৰই লোৱা এক সিদ্ধান্তৰ পাছতে একাংশই জাঙুৰ খাই উঠিছে। কেন্দ্ৰই কাৰ ভিত্তিবৰ্ষৰ ম্যাদ ১০ বছৰ বৃদ্ধি কৰিছে।
১. কা’ৰ ভিত্তি বৰ্ষৰ ম্যাদ ১০ বছৰ বৃদ্ধি। ইয়াৰ পাছতে দেশত পুনৰ নাগৰিকত্ব সংশোধনী আইনক লৈ চৰ্চা আৰম্ভ হৈছে।
২. কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ। শেহতীয়াকৈ কেন্দ্ৰই কাৰ নতুন ভিত্তিবৰ্ষ ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰিছিল।
৩.কেন্দ্ৰৰ বিৰুদ্ধে অজাপৰ প্ৰতিবাদ। কাক লৈ চৰকাৰে লোৱা সিদ্ধান্ত কোনো পধ্যেই মানি ল’ব বিচৰা নাই।
৪. কা’ৰ অধীনত মাত্ৰ তিনিজনে অসমত পালে নাগৰিকত্ব- এই মন্তব্য মুখ্যমন্ত্ৰীৰ।
৫. অহা ৫ ছেপ্টেম্বৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ব শিক্ষক দিৱসৰ অনুষ্ঠান। ইয়াৰ পূৰ্বে ঘোষণা কৰা হৈছে ৰাজ্যিক পৰ্যায়ৰ কৃতি শিক্ষক বঁটা।
৬. পুৱাই মা কামাখ্যাত উপস্থিত অলিম্পিক পদক বিজয়ী মনু ভাকেৰ।
৭. ডিমা হাছাওৰ ভূমি কোম্পানীক প্ৰদানৰ বিৰোধিতা কংগ্ৰেছৰ
৮. আফগানিস্তানত হোৱা ভূমিকম্পত বৰ্তমানলৈকে প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছে। আহত হৈছে হাজাৰ হাজাৰ লোক।
৯. আজি অৰ্জুন ভোগেশ্বৰ বৰুৱা জন্মদিন উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।