৩জন মুছলিম স্বামী, এজন হিন্দু, আন এজনৰ সৈতে লিভ-ইন! মহিলাৰ সত্য জানিলে আচৰিত হ’ব আপুনি…
এজন, দুজন নহয় তিনিজনৰ সৈতে বিয়া এগৰাকী যুৱতীৰ। তাৰ পাছত পুনৰ এজনৰ সৈতে লিভ-ইনত আৰু আন এজন হিন্দু যুৱকৰ সৈতে বিয়া। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বহু সময়ত কিছুমান আজৱ ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ এগৰাকী মহিলাৰ প্ৰৱঞ্চনাৰ এক কাহিনী পোহৰলৈ আহিছে। জানিব পৰা মতে, মহিলাগৰাকীয়ে ৩ বাৰকৈ মুছলিম যুৱকৰ সৈতে বিয়াত বহে। তাৰ পাছত তেওঁলোকক এৰি অন্য এজন যুৱকৰ সৈতে লিভ-ইনত থাকিবলৈ লয়। ইমানেই নহয়, লিভ-ইনত থকাৰ মাজতে অন্য এজন হিন্দু যুৱকৰ সৈতে তেওঁ পুনৰ বিবাহ পাশত আৱদ্ধ হয়। তেওঁ নতুন স্বামীৰ পৰা সকলো লুকুৱাই ৰাখিছিল। কিন্তু যেতিয়া ফুলশয্য়া নিশাৰ পাছত কইনা নিৰুদ্দেশ হয় তেতিয়া সকলো পোহৰলৈ আহে।
জানিব পৰা মতে, বিয়াৰ পাছতেই হঠাতে মহিলাগৰাকী নিৰুদ্দেশ হৈ পৰে। লগে লগে নতুন স্বামীৰ ঘৰত হাহাকাৰ লাগে আৰু পত্নীক বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া নকইনাৰ আচল কথা জানিব পাৰে তেতিয়া সকলো আচৰিত হৈ পৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মথুৰাৰ মন্ত থানা এলেকাৰ এখন গাঁৱৰ।
তথ্য অনুসৰি, গাঁওখনত বাস কৰা বীৰেন্দ্ৰ নামৰ যুৱকজনৰ বিয়া হোৱা নাছিল, যাক লৈ তেওঁৰ পৰিয়াল চিন্তিত আছিল। তেতিয়াই একেখন গাঁৱৰে সুখবীৰ আৰু এগৰাকী মহিলাই বীৰেন্দ্ৰৰ পৰিয়ালক জনাই যে, এগৰাকী যুৱতী আছে যিয়ে বীৰেন্দ্ৰৰ লগত বিয়াত বহিব। কিন্তু পৰিয়ালটো দুখীয়া। যাৰ বাবে ২ লাখ টকা লাগিব। তাৰ পাছতে যুৱতীগৰাকীক লগ কৰাই দিয়াৰ ব্যৱস্থা কৰে।
প্ৰথম অৱস্থাত যুৱতীগৰাকী আলিগড়ৰ নিৱালীৰ মহেশৰ কন্যা কাজলী বুলি কোৱা হয়। ২৬ আগষ্টত যুৱকজনৰ পৰিয়ালে কইনাৰ পৰিয়ালক ২ লাখ টকা দিয়ে। তাৰ পাছতে দুয়োৰে মাজত বিয়া হয়। সকলো ঠিকেই আছিল, বিয়া কৰাই দৰাই কইনাক ঘৰলৈ লৈ আনে। কিন্তু ফুলশয্যা নিশাৰ ২ দিন পাছতে ঘটে অঘটন।
দৰাই কয় যে, ফুলশয্যা নিশাৰ মাত্ৰ দুদিন পাছতে তেওঁ নিৰুদ্দেশ হৈছিল। যেতিয়া তেওঁক বিচাৰি ফুৰিছিলো তেতিয়া জাভেদ নামৰ এজন যুৱকৰ সৈতে দেখা পাইছিলো। লগে লগে মই দুয়োকে থানালৈ লৈ যায়। তেতিয়া আৰক্ষীৰ আগত যুৱতীগৰাকীয়ে কয় যে, তেওঁৰ প্ৰকৃত নাম গুলবাছা। তাৰ পাছতে পোহৰলৈ আহে সকলো ঘটনা।
গুলবাছাই কয় যে, তেওঁৰ প্ৰথমে বিয়া হৈছিল ফুৰকানৰ লগত, দ্বিতীয় বিবাহ ফিৰোজাবাদৰ বাসিন্দা ছলমানৰ লগত আৰু তৃতীয় বিবাহ আমিৰ নামৰ এজন যুৱকৰ সৈতে। তাৰ পাছতে তেওঁ আলিগড়ৰ ভূজপুৰাৰ বাসিন্দা জাভেদৰ লগত সম্পৰ্ক গঢ়ে আৰু লিভ-ইনত থাকিবলৈ লয়। কিন্তু তাৰ মাজতে বীৰেন্দ্ৰক জালত পেলাই আৰু ২ লাখ টকা লয়। এই ঘটনাৰ পাছতে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। লগতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
অন্য খবৰ পঢ়কঃ Job: স্নাতকৰ বাবে ওলাইছে চাকৰি, নালাগে অভিজ্ঞতা! জানক ক’ত, কেনেকৈ আবেদন কৰিব…