বলপূৰ্বকভাৱে প্ৰৱেশ কৰিছিল ঘৰত আৰু পাছত… বাংলাদেশত হিন্দু মহিলাৰ লগত জঘন্য ঘটনা…
বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা। শেহতীয়াকৈ পুনৰ এক নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, এগৰাকী হিন্দু মহিলাৰ লগত সংঘটিত হয় জঘন্য ঘটনা।

বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছতে সংখ্যালঘুসকলৰ ওপৰত বৃদ্ধি পাইছে নিৰ্যাতনৰ ঘটনা। নিতৌ দেশখনৰ পৰা হিন্দু নিৰ্যাতনৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ বাংলাদেশত সংঘটিত হয় এক জঘন্য ধৰ্ষণ কাণ্ড। অভিযোগ অনুসৰি, বলপূৰ্বকভাৱে প্ৰৱেশ কৰি এগৰাকী হিন্দু মহিলাক ধৰ্ষণ কৰে যুৱকে। জানিব পৰা মতে, অভিযুক্ত ফজৰ আলী বাংলাদেশ নেশ্যনেল পাৰ্টীৰ কৰ্মী। এই ঘটনাৰ ফটো, ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। ইয়াৰ পাছতে গ্ৰেপ্তাৰ হয় অভিযুক্ত।
বাংলাদেশৰ কুমিল্লা জিলাৰ মুৰাদনগৰত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি, ২৬ জুনত অভিযুক্তই দুৱাৰ ভাঙি মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে আৰু পাছত ধৰ্ষণ কৰে। যুৱতীগৰাকীয়ে বাধা দিছিল যদিও অভিযুক্তই হত্যাৰ ভাবুকি দি ধৰ্ষণ কৰে। ইমানতেই ক্ষান্ত নাথাকি ফজৰ আলীয়ে মহিলাগৰাকীক উলংগ কৰি নিৰ্মমভাৱে অত্যাচাৰ কৰে আৰু ভিডিঅ’ প্ৰস্তুত কৰে। পৰৱৰ্তী সময়ত এই ঘটনাৰ ভিডিঅ’ মূহুৰ্ততে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।
জানিব পৰা মতে, ২৫ বছৰীয়া মহিলাগৰাকী ১৫ দিন পূৰ্বে সন্তানৰ সৈতে পিতৃৰ ঘৰলৈ আহিছিল। যোৱা বৃহস্পতিবাৰে মহিলাগৰাৰী ঘৰত অকলে আছিল। পৰিয়ালৰ বাকী সদস্যসমূহ পূজাৰ অনুষ্ঠানৰ বাবে বাহিৰলৈ গৈছিল। তাৰে সুযোগ লৈ ৩৮ বছৰীয়া ফজৰ আলী মহিলাগৰাকীৰ ঘৰলৈ আহে আৰু দুৱাৰ খুলিবলৈ কয়। মহিলাগৰাকীয়ে দুৱাৰ খুলিবলৈ অস্বীকাৰ কৰাত বলপূৰ্বকভাৱে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰে। শুকুৰবাৰে মুৰাদনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে।
এই নৃশংস নিৰ্যাতনৰ বৰ্ণনা কৰি চুবুৰীয়াই কয় যে বৃহস্পতিবাৰে নিশা মহিলাগৰাকীৰ চিঞৰ শুনি ওলাই আহিছিল। পাছত দেখা পাইছিল যে মহিলাগৰাকীৰ ঘৰৰ দুৱাৰ কোনোৱে ভাঙি পেলাইছে। তাৰ পাছতে ওচৰ চুবুৰীয়াই মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু অভিযুক্তক প্ৰহাৰ কৰে। কিন্তু অভিযুক্তই কেনেবাকৈ সেই স্থানৰ পৰা পলায়ন কৰে। তাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ধৰ্ষণৰ সমগ্ৰ ভিডিঅ’।
অভিযোগ অনুসৰি অভিযুক্তজন বিএনপিৰ নেতা, ইয়াৰ বিপৰীতে কিছুমানে দাবী কৰে যে তেওঁ আচলতে এজন আৱামি লীগৰ নেতা। আৰক্ষীয়ে জনোৱা মতে, ধৰ্ষণ আৰু ভিডিঅ’ ভাইৰেলৰ ঘটনাৰে জড়িত মুঠ ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
উল্লেখ্য যে, বাংলাদেশত দিনক দিনে বৃদ্ধি পাইছে হিন্দুৰ ওপৰত অত্যাচাৰৰ ঘটনা। কিছুদিন পূৰ্বে বাংলাদেশত বহু বছৰ পুৰণি মন্দিৰ ভাঙি দিয়াৰ ঘটনা সংঘটিত হৈছিল। তাৰ মাজতে সংঘটিত হয় হিন্দু নাৰীৰ ওপৰত নিৰ্যাতন। গতিকে হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ কেতিয়ালৈ বন্ধ হ’ব সেয়া সময়ে ক’ব।
অন্য় খবৰ পঢ়কঃ হিন্দী বাধ্যতামূলক নহয়! মহাৰাষ্ট্ৰ চৰকাৰে বাতিল কৰিলে ‘ত্ৰিভাষা ফৰ্মূলা’…