শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানী সেনাৰ ১২ জন জোৱান নিহত, বেলুচ আৰ্মীয়ে IED বিস্ফোৰণেৰে উৰুৱাই দিয়ে বাহন

পাকিস্তানী সেনাবাহিনীক অহৰহ আক্ৰমণ চলাই আছে বেলুচ লিবাৰেচন আৰ্মীয়ে। এই আক্ৰমণত বৃহৎ সংখ্যক পাকিস্তানী সেনা জোৱানৰো মৃত্যু হয়। বোলানৰ মাচ কুণ্ডত ৰিম’ট কণ্ট্ৰ’ল ব্যৱহাৰ কৰি আই ই ডি ব্যৱহাৰ কৰি বৃহৎ বিস্ফোৰণ সংঘটিত কৰে বেলুচ সেনাই। এই বিস্ফোৰণৰ জৰিয়তে তেওঁলোকে পাকিস্তানী সেনাৰ বাহনখনক লক্ষ্য কৰি লৈছিল।

পাকিস্তানী সেনাৰ ১২ জন জোৱান নিহত, বেলুচ আৰ্মীয়ে IED বিস্ফোৰণেৰে উৰুৱাই দিয়ে বাহন
পাকিস্তানী সেনাৰ ১২ জন জোৱান নিহত
barasha-misra
Barasha Misra | Updated On: 08 May 2025 14:42 PM

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পাকিস্তান বেয়া সময়ৰ মুখামুখি হৈছে। এই আক্ৰমণৰ পিছত ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বহু বাধা আৰোপ কৰে। তাৰ পাছত বুধবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অপাৰেচন সেন্দূৰে পাকিস্তানৰ যথেষ্ঠ ক্ষতিসাধন কৰে। এতিয়া বেলুচে পাকিস্তানৰ ওপৰতো গভীৰ ঘাঁ কৰিছে। BLA পাকিস্তানী সেনাৰ এখন বাহনত আই ই ডিৰে আক্ৰমণ কৰে, য’ত ১২ জন জোৱান নিহত হয়।

বোলানৰ মাচ কুণ্ড অঞ্চলত বেলুচ লিবাৰেচন আৰ্মীৰ (Baloch Liberation Army) বিশেষ কৌশলগত অভিযান স্কোয়াডে ৰিম’ট নিয়ন্ত্ৰিত আই ই ডিৰ সহায়ত এক বৃহৎ বিস্ফোৰণ সংঘটিত কৰে। এই বিস্ফোৰণৰ জৰিয়তে তেওঁলোকে পাকিস্তানী সেনাৰ বাহনখনক লক্ষ্য কৰি লয়, য’ত মুঠ ১২ জন সৈনিকৰ মৃত্যু হয়। সৈনিকসকলে সামৰিক অভিযানত যাওঁতে এই আক্ৰমণ সংঘটিত হৈছিল।

বিস্ফোৰণত চিটিকি পৰে সেনা জোৱান

পাকিস্তানৰ দক্ষিণ-পশ্চিম প্ৰদেশ বেলুচিস্তানৰ কাছি জিলাৰ মাচ অঞ্চলত IED ৰে উৰুৱাই পাকিস্তানী সেনাৰ বাহন। মঙলবাৰে সংঘটিত হয় এই আক্ৰমণ। কিন্তু এতিয়া ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ ফুটেজ পোহৰলৈ আহিছে। ফুটেজত দেখা গৈছে যে বিস্ফোৰণৰ সময়ত বাহনখনত থকা জোৱানসকলে চিটিকি পৰে আৰু ছিন্নভিন্ন হৈ পৰে।

এই আক্ৰমণৰ পিছত পাকিস্তানী সেনাই কয় যে, বেলুচ লিবাৰেচন আৰ্মীৰ সন্ত্ৰাসবাদীয়ে মাচ এলেকাত বিস্ফোৰণ কৰে নিৰাপত্তা বাহিনীৰ এখন বাহনক লক্ষ্য কৰি । সেনাই এই আক্ৰমণত তেওঁলোকৰ ৭ জন জোৱান নিহত হোৱা বুলি কৈছিল।

দীৰ্ঘদিন ধৰি অস্থিৰ হৈ পৰিছে বেলুচিস্তান

পাকিস্তানী সেনাই দাবী কৰিছে যে যোৱা সপ্তাহত দেশখনৰ অশান্ত বেলুচিস্তান প্ৰদেশত সংঘটিত দুটা পৃথক কাণ্ডত তেওঁলোকৰ নিৰাপত্তা বাহিনীয়ে ১০জন সন্ত্ৰাসবাদীক হত্যা কৰিছিল।

কিন্তু বেলুচ লিবাৰেচন আৰ্মীয়ে পাকিস্তানী সেনাক অহৰহ আক্ৰমণ চলাই আছে আৰু যথেষ্ট ক্ষতিসাধন কৰিছে। মাৰ্চ মাহত কুৱেটাৰ পৰা পেছাৱৰলৈ যোৱা জাফৰ এক্সপ্ৰেছখন বেলুচ লিবাৰেচন আৰ্মী (বিএলএ)ৰ সদস্যই অপহৰণ কৰিছিল। ইয়াৰ ফলত বহু সংখ্যক পাকিস্তানী সৈনিক নিহত হয়।

স্থানীয় বেলুচ জনসাধাৰণ আৰু দলৰ অবিৰত আক্ৰমণৰ বাবে বেলুচিস্তানত দীৰ্ঘদিন ধৰি অস্থিৰ হৈ পৰিছে। বিগত দুটা দশক ধৰি তাত অশান্তিৰ সৃষ্টি হৈছে আৰু ধাৰাবাহিকভাৱে আক্ৰমণ চলি আছে। স্থানীয় বেলুচ নেতাসকলে অভিযোগ কৰে যে দেশখনৰ ফেডাৰেল চৰকাৰে বেলুচিস্তানৰ বহুমূলীয়া খনিজ সম্পদৰ শোষণ কৰি ইয়াক দ্বিতীয় শ্ৰেণীৰ হিচাপে গণ্য কৰি আছে।