দুদিনত ৫.৪০ কোটি উপাৰ্জন ‘ৰৈ ৰৈ বিনালে’ৰ, অসমীয়া ছবিৰ ইতিহাসত কোটি টকা উপাৰ্জন কৰা কেইখনমান ছবি
একালত অসমতে অসমীয়া ছবি এলাগীৰ দৰে হোৱাৰ পাছতো অসমীয়া ছবিত কোটি টকাৰ বিনিয়োগ কৰি ছবি এখনক দৰ্শকৰ মাজলৈ লৈ অহাৰ সাহস গোটালে কেবাজনো নিৰ্মাতাই। শেহতীয়া সময়ছোৱাত কোটিৰো অধিক উপাৰ্জন কৰা কেইখনমান অসমীয়া ছবিৰ বিষয়ে জানো আহক-
অসমৰ লগতে দেশৰ আন কেবাটাও প্ৰান্তৰ ছবিগৃহত সগৌৰৱেৰে চলি আছে যোৱা ৩১ অক্টোবৰত মুক্তিলাভ কৰা অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’। জুবিন গাৰ্গৰ সপোনৰ ছবি এইখন। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে যোৱা ১৯ ছেপ্টেম্বৰত লাখ লাখ অনুৰাগীক শোকসাগৰত পেলাই অকালতে ইহসংসাৰ ত্যাগ কৰা শিল্পীগৰাকীয়ে এই ছবিখনৰ সফলতা দেখিবলৈ নাপালে।
উপাৰ্জনৰ ক্ষেত্ৰত যেন অভিলেখ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে। মুক্তিৰ দুদিনত ছবিখনে উপাৰ্জন কৰিছে ৫.৪০ কোটি টকা। অসমীয়া ছবিৰ ক্ষেত্ৰত ই অভূতপূৰ্ব সফলতা।
এটা সময় আছিল, যেতিয়া লাখ লাখ টকা ক্ষতি কৰি অসমীয়া ছবি নিৰ্মাণ কৰাৰ পাছতো ছবিগৃহৰ অভাৱ বা দৰ্শকৰ অনীহাৰ বাবে লাভৰ মুখ দেখা নাছিল নিৰ্মাতাসকলে। অসমীয়া ছবিৰ প্ৰতি অসমৰেই দৰ্শকৰ এই অনীহাই হতাশ কৰিছিল ছবি নিৰ্মাতা, পৰিচালক, অভিনেতা-অভিনেত্ৰীসকলক। তথাপিও কিন্তু ছবি নিৰ্মাণৰ ধাৰাটো থমকি ৰোৱা নাছিল।
ইতিপূৰ্বে মুক্তি পোৱা যশস্বী পৰিচালক মুনিন বৰুৱা দেৱৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ‘ভাইমন দা’ যিসকলে চাইছে, তেওঁলোকে সহজেই অনুধাৱন কৰিব পাৰিব কিমান কষ্টৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হৈছিল অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱে। এসময়ত ভিচিডি জনপ্ৰিয় হ’ল, কিন্তু সেয়াও যেন ক্ষন্তেকীয়া। পাইৰেচীয়ে মনোৰঞ্জনৰ উদ্যোগটোক ৰঘুমলাৰ দৰে মেৰিয়াই ধৰি এক প্ৰকাৰ কোঙা কৰি পেলাইছিল।
অসমীয়া চিনেমা বুলিলে প্ৰযোজকেই বিনিয়োগ কৰিবলৈ আপচোচ কৰা হৈছিল, কিয়নো লাখ লাখ টকা ব্যয়ৰ পাছত যদি মূলটোও উপাৰ্জন নহয়, তেন্তে বিনিয়োগৰ অৰ্থই বা কি? তথাপিও বছৰত দুখন বা তিনিখনকৈ অসমীয়া ছবি হললৈ আহিছিল। কোনোবাখনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিছিল আৰু কোনোবাখনৰ ক্ষেত্ৰত নিৰ্মাতা হতাশ হৈছিল। কিন্তু তাৰ পাছতো অসমীয়া চিনেমাৰ ধাৰাক আগুৱাই নিছিল একাংশই।
অসমীয়া ছবিত কোটি টকাৰ বিনিয়োগ কৰি ছবি এখনক দৰ্শকৰ মাজলৈ লৈ অহাৰ সাহস গোটালে কেবাজনো নিৰ্মাতাই। শেহতীয়া সময়ছোৱাত কোটিৰো অধিক উপাৰ্জন কৰা কেইখনমান অসমীয়া ছবিৰ বিষয়ে জানো আহক-
- বিদুৰভাই- ১৭.৭৫ কোটি
- ভাইমনদা- ১৪.৩১ কোটি
- শ্ৰীৰঘুপতি- ১৩.৮১ কোটি
- ৰুদ্ৰ- ১০.৫৬ কোটি
- ৰত্নাকৰ- ১০ কোটি
- কাঞ্চনজংঘা- ৭ কোটি
- ডাক্তৰ বেজবৰুৱা২- ৭ কোটি
- মিছন চাইনা- ৬ কোটি
- ৰৈ ৰৈ বিনালে- ৫.৪০ কোটি (২ দিনত)
- চিকাৰ- ৫ কোটি
বিদূৰভাই- সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এই ছবিখন বৰ্তমানলৈকে অসমীয়া ছবিজগতৰ আটাইতকৈ বেছি টকা উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে। ২০২১ চনত জনপ্ৰিয় প্লেটফৰ্ম ইউটিউবত বিদুৰভাই নামৰ এক ৱেব ছিৰিজে মুক্তিলাভ কৰিছিল। ৱেব ছিৰিজখনে অসমীয়া দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰে। তাৰ পাছত বিদুৰভাইক ছবি হিচাপে মুক্তি দিয়াৰ চিন্তা কৰে পৰিচালকে। সেই অনুসৰি ২০২৪ চনৰ ১৯ জুলাইত ছবিখন মুক্তি দিয়া হয়। ৱেব ছিৰিজৰ দৰেই ছবিখনকো দৰ্শকে আঁকোৱালি লয় আৰু কালক্ৰমত এই ছবিখনে সৰ্বাধিক ১৭.৭৫ কোটি টকা উপাৰ্জন কৰে।
ভাইমনদা- শশাংক সমীৰ পৰিচালিত এই ছবিখন হৈছে অসমৰ প্ৰখ্যাত ছবি পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এখন ছবি। এই ছবিখন মুনিন বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছিল বন্দীপ শৰ্মাই। পাৰ্থ হাজৰিকাই জুবিন গাৰ্গৰ চৰিত্ৰ কৰা অভিনয়ক দৰ্শকে আগ্ৰহেৰে আঁকোৱালি লৈছিল। এই ছবিখনে মুঠ ১৪.৩১ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়। ২০২৫ বৰ্ষৰ ২৩ মে’ত মুক্তিলাভ কৰিছিল ভাইমনদা ছবিখনে।
শ্ৰীৰঘুপতি- ২০২৩ চনত মুক্তিলাভ কৰা এখন হাই বাজেটৰ ছবি শ্ৰীৰঘুপতি। একশ্যন-থ্ৰীলাৰ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰবি শৰ্মাই। এই ছবিখনৰো পৰিচালক আছিল সুব্ৰত কাকতি। ২০২৩ চনৰ ৫ জুনত মুক্তিলাভ কৰা ছবিখন ছবিগৃহত প্ৰায় ১০ সপ্তাহ ধৰি চলে আৰু ১৩.৮১ কোটি টকাৰ ব্যৱসায় কৰে।
ৰুদ্ৰ- ২০২৫ বৰ্ষত আন এখন অসমীয়া ছবিয়ে বক্স অফিচত খলকনি তোলে। ৰূপক গগৈৰ দ্বাৰা পৰিচালিত একশ্যন-থ্ৰীলাৰধৰ্মী ছবিখনতো মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰবি শৰ্মাই। অসমৰ আইন-শৃংখলা আৰু বিদ্ৰোহী সমস্যাৰ আলমত নিৰ্মাণ কৰা ছবিখনে চলিত বৰ্ষৰ ২৭ জুনত মুক্তিলাভ কৰিছিল। ছবিখনে মুঠ ১০.৫৬ কোটি টকা উপাৰ্জন কৰে।
ৰত্নাকৰ- অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু যতীন বৰাৰ পৰিচালনা তথা অভিনয় সমৃদ্ধ ছবি ৰত্নাকৰে মুক্তি লাভ কৰিছিল ২০১৯ চনৰ ১১ অক্টোবৰত। ৰোমাণ্টিক আৰু একশ্যনধৰ্মী ছবিখনৰ বাজেট আছিল ১.৩ কোটি। এই ছবিখনে মুঠ উপাৰ্জন কৰিছিল প্ৰায় ১০ কোটি টকা।
কাঞ্চনজংঘা- ২০১৯ চনত মুক্তি পাইছিল জুবিন গাৰ্গৰ দ্বাৰা নিৰ্মিত এই একশ্যনধৰ্মী ছবিখনে। য’ত জুবিন গাৰ্গে নিজেই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ বাজেট আছিল ১.৫ কোটি টকা। ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত এই ছবিখনৰ মুক্তি দিয়া হয় আৰু ইয়াৰ সৰ্বমুঠ উপাৰ্জন আছিল প্ৰায় ৭ কোটি টকা।
ডাক্তৰ বেজবৰুৱা ২- ১৯৬৯ চনত মুক্তি পোৱা অসমীয়া ছবি ডাক্তৰ বেজবৰুৱাৰ চিকুৱেল হৈছে ডাক্তৰ বেজবৰুৱা ২। এই ছবিখনে ২০২৩ চনৰ ৩ ফেব্ৰুৱাৰীত মুক্তিলাভ কৰে। ছাচপেন্স-থ্ৰীলাৰ ছবিখনৰ পৰিচালনা কৰিছিল প্ৰয়াত অভিনেতা নিপন গোস্বামীয়ে। নাম ভূমিকাত অভিনয় কৰিছিল আদিল হুছেইনে। যশস্বী অভিনেতা নিপন গোস্বামীকো এটা চৰিত্ৰত দেখা পোৱা গৈছিল। এই ছবিখনেও প্ৰায় ৭ কোটি টকাৰ ব্যৱসায় কৰিছিল।
মিছন চাইনা- জুবিন গাৰ্গৰ ৰচনা আৰু পৰিচালনাৰে নিৰ্মিত ছবি মিছন চাইনাই মুক্তি লাভ কৰিছিল ২০১৭ বৰ্ষৰ ৮ ছেপ্টেম্বৰত। প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ছবিখনে প্ৰায় ৬ কোটি টকাৰ ব্যৱসায় কৰিছিল। বাংলা ভাষাতো এই ছবিখন মুক্তি দিয়া হৈছিল।
ৰৈ ৰৈ বিনালে- জুবিন গাৰ্গৰ কাহিনী আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই ছবিখনে যোৱা ৩১ অক্টোবৰত মুক্তিলাভ কৰে। জুবিন গাৰ্গে এজন দৃষ্টিহীন সংগীত শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে এই ছবিখনত। ভাৰতৰ বিভিন্ন স্থানৰ লগতে শ্ৰীলংকাতো ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। জুবিন গাৰ্গৰ এটি গীতৰ নামেৰেই ছবিখনৰ নাম ৰখা হয় ৰৈ ৰৈ বিনালে। যোৱা ১৯ ছেপ্টেম্বৰত অকাল বিয়োগ ঘটা জুবিন গাৰ্গৰ এইখনেই অন্তিম ছবি। মুঠ ৫.১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ছবিখনে মুক্তিৰ প্ৰথম দুদিনতো ৫.৪০ কোটি টকা উপাৰ্জন কৰিছে। বৰ্তমানলৈকে অসমৰ সকলো ছবিগৃহত সগৌৰৱেৰে চলি আছে ৰৈ ৰৈ বিনালে।
চিকাৰ- পৰিচালক দেৱাংকৰ বৰগোঁহাইৰ চিকাৰ ছবিখনে মুক্তি লাভ কৰিছিল ২০২৪ চনৰ ২০ ছেপ্টেম্বৰত। এগৰাকী চাহ শ্ৰমিক যুৱকৰ কাহিনীৰ আলমত নিৰ্মাণ কৰা ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জুবিন গাৰ্গে। অসমৰ লগতে এই ছবিখনৰ দৃশ্যগ্ৰহণ লণ্ডনতো কৰা হৈছিল। এইখন ছবিয়ে প্ৰায় ৫ কোটি টকা উপাৰ্জন কৰিছিল।
ইয়াৰ উপৰিও আন কেবাখনো ছবি আছে, যিয়ে কোটিৰ ঘৰত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৰৈ ৰৈ বিনালে ছবিখনে যেন কেৱল অসমৰে নহয়, ভাৰতৰ ছবি জগৰতৰ ক্ষেত্ৰতো এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। কিয়নো দৰ্শকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি পুৱা ৪.২৫ বজাতেই প্ৰথম দৰ্শনী দিবলৈ বাধ্য হৈছে ছবিগৃহৰ মালিকে। অসমৰ প্ৰতিটো ছবিগৃহতে কেৱল ৰৈ ৰৈ বিনালে ছবিখনে চলি আছে। অসমীয়াৰ চিনেমাৰ বাবে সদায় কাম কৰি যোৱা জুবিন গাৰ্গে যেন মৃত্যুৰ পাছতো চিনেমাৰ বাবে বাটটো আৰু অধিক সুগম কৰি গ’ল।
ছবিৰ বাজেট আৰু উপাৰ্জনৰ কেতবোৰ তথ্য উইকীপেডিয়াৰ পৰা সংগৃহীত।