শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সংলাপত জুবিন গাৰ্গৰ কণ্ঠ শুনিবনে? নিশ্চিত কৰিলে পৰিচালক ৰাজেশ ভূঞাই

জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ যেন কোনো কালে পূৰণ নহ’ব। জুবিনে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয়, অসমীয়া ছবিজগতত এজন সুযোগ্য অভিনেতা হিচাপেও অভিনয় কৰি আহিছিল।

জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সংলাপত জুবিন গাৰ্গৰ কণ্ঠ শুনিবনে? নিশ্চিত কৰিলে পৰিচালক ৰাজেশ ভূঞাই
ৰৈ ৰৈ বিনালে...
barasha-misra
Barasha Misra | Updated On: 04 Oct 2025 17:34 PM

জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ শীঘ্ৰে মুকলি পাব। এই ছবিখন আছিল জুবিনৰ বহু হেঁপাহৰ ছবি। অসমৰ প্ৰথমখন মিউজিকেল ছবি হিচাপে নিৰ্মাণ কৰিছিল ‘ৰৈ ৰৈ বিনালে’। অক্টোবৰ মাহত ছবিখন মুক্তি দিব বিচাৰিছিল জুবিনে। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ছবিখনৰ সকলো কাম সম্পূৰ্ণ নহওতেই জুবিনে সকলোকে এৰি অজান দেশলৈ গুচি যায়। এতিয়া ছবিখনৰ বাকী আধৰুৱা কামখিনি জুবিনৰ সকলো বন্ধুৱে কৰিবলৈ সাজু হৈছে।

ছিংগাপুৰৰ পৰা আহি জুবিনে ডাবিং কৰাৰ কথা আছিল ‘ৰৈ ৰৈ বিনালে’ চিনেমাত। কিন্তু সেয়া হৈ নুঠিল! আজি পৰিচালক ৰাজেশ ভূঞাই কয়, ছবিখনৰ শ্বুটিঙত লেপেল লগোৱা আছিলে, আমি কণ্ঠ সলনি কৰিব বিচৰা নাই। জুবিনৰ প্ৰকৃত কণ্ঠয়েই আমি ব্যৱহাৰ কৰিম। অৱশ্যে তাত এটা দুটা অংশত বতাহ আছে বা অন্য শব্দ আছে, তেনেকুৱা শব্দবোৰ আমি AI ৰ জৰিয়তে জুবিনৰ কণ্ঠৰ লগতে মিলাম। জুবিনৰ ইচ্ছাৰ মতে সকলো কৰিম আমি। ৩১ অক্টোবৰতে আমি মুক্তি দিবলৈ চেষ্টা কৰি আছো। কিন্তু দুই এদিনৰ পৰা পৰিস্থিতি দেখি আমিও দুৰ্বল হৈছো, কিন্তু আমি চেষ্টা কৰিম।