শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg Death: জুবিন গাৰ্গ আৰু নাই, সকলোকে এৰি গুচি গ’ল হাৰ্টথ্ৰ’ৱ

জুবিন গাৰ্গ আৰু নাই, অনুৰাগীক শোক সাগৰত পেলায় অজান মুলুকলৈ গ’লগৈ জুবিন গাৰ্গ। ছিংগাপুৰত দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণৰ সময়ত সাগৰত পৰিছিল জুবিন। শিল্পীগৰাকীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷

Zubeen Garg Death: জুবিন গাৰ্গ আৰু নাই, সকলোকে এৰি গুচি গ’ল হাৰ্টথ্ৰ’ৱ
Zubben Garg Death
barasha-misra
Barasha Misra | Updated On: 19 Sep 2025 15:27 PM

হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। scuba diving ৰ সময়ত সাগৰত পৰিছিল জুবিন। ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি জৰুৰীকালীন ভাৱে চিকিৎসালয়ত ভৰ্তি কৰে যদিও জুবিন গাৰ্গক জীয়াই ৰাখিব নোৱাৰিলে।

অনামিকাৰ পৰা আৰম্ভ হোৱা জুবিনৰ সুৰীয়া যাত্ৰা ছিংগাপুৰত অন্ত পৰে। জুবিনৰ গায়নশৈলী তথা পৰিৱেশনশৈলীয়ে সকলোকে মুগ্ধ কৰিছিল ।বৃহস্পতিবাৰে শেষৰ বাবে সংগীত পৰিৱেশন কৰে জুবিনে। জুবিন গাৰ্গৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাঙি পৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ দুদিন পূৰ্বে গৈছিল জুবিন গাৰ্গ।

জীৱনৰ সৈতে যুঁজি ছিংগাপুৰত মৃত্যু ঘটিল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ। আজি ছিংগাপুৰত স্তব্ধ হৈ পৰিল এক অনবদ্য সুৰীয়া যাত্ৰা। আজিৰ দিনটো অসমৰ সংগীত জগতৰ বাবে অত্যন্ত দুখৰ দিন। আমাৰ হৃদয়ৰ জনগায়ক, অসমৰ ধ্বনি জুবিন গাৰ্গৰ মৃত্যু সংবাদে সকলোকে শোকাহত কৰিছে।

অসমীয়া সংগীতক ৰুচিশীলতাৰে আগুৱাই নিছিল কণ্ঠশিল্পীগৰাকীয়ে। জুবিনৰ অকাল বিয়োগত শোকপ্ৰকাশ কৰিছে প্ৰতিজন সাংস্কৃতিক কৰ্মীৰ লগতে দল-সংগঠনে।