শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দুটা ভিডিঅ’ই অধিক ৰহস্যঘন কৰিছে জুবিন গাৰ্গৰ মৃত্যু! ছিংগাপুৰত আচলতে কি ঘটিছিল সেইদিনা?

Zubeen Garg: মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে কৰা কাৰ্যকলাপৰ দুটা ভিডিঅ'ক্লিপ ভাইৰেল হৈছে সামাজিক মাধ্যমত। যিয়ে তেওঁৰ মৃত্যুৰ ঘটনাক অধিক ৰহস্যঘন কৰি তুলিছে। ১৯ ছেপ্টেম্বৰত মৃত্যু ঘটিছে জুবিন গাৰ্গৰ। তাৰ পূৰ্বে কি ঘটিছিল?

দুটা ভিডিঅ’ই অধিক ৰহস্যঘন কৰিছে জুবিন গাৰ্গৰ মৃত্যু! ছিংগাপুৰত আচলতে কি ঘটিছিল সেইদিনা?
জুবিন গাৰ্গImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Updated On: 21 Sep 2025 01:52 AM

জুবিন গাৰ্গৰ অকাল মৃত্যু। কোনোৱেই কাহানিও মানি ল’ব নোখোজা এটা খবৰ। ইতিমধ্যে ছিংগাপুৰৰ পৰা নতুন দিল্লী পালেহি জুবিন গাৰ্গ। নিশা প্ৰায় ২ মান বজাত তেওঁক লৈ বিমানে উৰা মাৰিব অসমলৈ। ঠিক ৪ বজাত বৰঝাৰত উপস্থিত হ’ব জুবিন গাৰ্গ। বৰঝাৰৰ পৰা পোনে পোনে লৈ যোৱা হ’ব কাহিলীপাৰাৰ বাসগৃহলৈ আৰু তাৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ।

দিল্লী বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গ নশ্বৰ দেহ চমজি লয়। তাতেই বহু গুণমুগ্ধই জুবিন গাৰ্গলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁৰ প্ৰিয় মায়াবিনী ৰাতিৰ বুকুত গীতটিৰে সকলোৱে বিদায় জনায় জুবিন গাৰ্গক।

লগতে পঢ়ক: পুৱা ৪ বজাত অসম পাবহি জুবিন গাৰ্গ, ছিংগাপুৰৰ পৰা কোন কোন আহিছে লগত?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ইতিমধ্য়ে এক ৰহস্যৰ সৃষ্টি হৈছে। কিয়নো প্ৰথমে পেৰা গ্লাইডিঙৰ সময়ত জুবিন গাৰ্গৰ সাগৰত পৰি মৃত্য়ু ঘটা বুলি প্ৰকাশ পায়। তাৰ পাছতেই খবৰ ওলাই যে পেৰাগ্লাইডিং নহয় স্কুবা ডাইভিঙৰ সময়ত চীজাৰ এটেক হৈহে জুবিন গাৰ্গ অজ্ঞান হৈ পৰে। আকৌ এবাৰ কোৱা হৈছে এখন য়েটিৰ পৰা জুবিনে সাগৰত জঁপিয়াই সাঁতুৰিছিল। তেতিয়াই চীজাৰ এটেক হয় আৰু তেওঁক হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

কিন্তু জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ যি প্ৰতিবেদন, তাত প্ৰকাশিত প্ৰাৰম্ভিক তথ্য অনুসৰি জুবিন গাৰ্গৰ চীজাৰ এটেক হোৱা নাছিল। পানীত ডুব যোৱাৰ বাবেহে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। বহুতেই দাবী কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক ৭-৮ ঘণ্টাৰ পাছতহে খবৰটো লাভ কৰিছিল অসমৰ ৰাইজে।

মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে কৰা কাৰ্যকলাপৰ দুটা ভিডিঅ’ক্লিপ ভাইৰেল হৈছে সামাজিক মাধ্যমত। যিয়ে তেওঁৰ মৃত্যুৰ ঘটনাক অধিক ৰহস্যঘন কৰি তুলিছে। ১৯ ছেপ্টেম্বৰত মৃত্যু ঘটিছে জুবিন গাৰ্গৰ। তাৰ এদিন পূৰ্বে অৰ্থাৎ ১৮ তাৰিখে এখন হাঁহি মুখ লৈ ছিংগাপুৰত একাংশ অসমীয়া লোকৰ সৈতে গীত গাই হাঁহি তামাছা কৰিছিল জুবিন গাৰ্গে। তেওঁ সৈতে আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্য সংগতকাৰী শেখৰজ্যোতি গোস্বামী, সান্দীপন গাৰ্গৰ লগতে আন একাংশ লোক।

কোৱা হৈছে যে তাৰ পিছদিনা অৰ্থাৎ কালি তেওঁলোক এটা দ্বীপলৈ ফুৰিবলৈ গৈছিল আৰু তাতেই চিৰদিনৰ বাবে হেৰাই গ’ল জুবিন গাৰ্গ নামৰ সত্বাটো। সেই যাত্ৰাৰো এটা ভিডিঅ’ ভাইৰেল হৈছে। য’ত দেখা গৈছে লাইফ জেকেট পিন্ধি সাগৰত সাঁতুৰিবলৈ জাঁপ দিয়ে জুবিন গাৰ্গে। তেওঁৰ সতীৰ্থ সকলো সাগৰত নামিছিল। কিন্তু জুবিন গাৰ্গে নাৱৰ পৰা জাঁপ দিয়াৰ কিছু পিছতেই যেন অজ্ঞান হৈ পৰে। পুনৰ তেওঁ ভৰি মাৰিবলৈ আৰম্ভ কৰে। তাৰ পাছত আহি সেই কলিজা কঁপোৱা খবৰটো।

নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত। বহুকেইজন লোকে দাবী কৰিছে যে জুবিন গাৰ্গে ছিংগাপুৰ যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল যদিও শ্যামকানু মহন্তই আৱেগিকভাৱে অত্যাচাৰ কৰি জুবিন গাৰ্গক লৈ গৈছিল। তাৰোপৰি শ্যামকানু মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত দিয়া মন্তব্যক লৈও বহুতেই ক্ষোভ প্ৰকাশ কৰিছে।

দুটা সংবাদ মাধ্যমত শ্যামকানু মহন্তৰ মন্তব্য প্ৰচাৰ হৈছিল যদিও পিছত সেয়া আঁতৰাই দিয়া হয়। সেই বক্তব্যত শ্যামকানু মহন্তই প্ৰকাশ কৰে যে যেতিয়া জুবিন গাৰ্গ আমোদ ভ্ৰমণলৈ গৈছিল, সেই সময়ত তেওঁ ছিংগাপুৰৰ ব্যৱসায়ীৰ সৈতে বৈঠকত ব্যস্ত আছিল। পাছতহে তেওঁ সেই বিষয়ে জানিব পাৰে।

তেওঁৰ মন্তব্যক সকলোৱেই একপ্ৰকাৰ গা এৰা, অবিবেচক, কাণ্ডজ্ঞানহীন আখ্যা দিছে। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে অসমৰ থানাত গোচৰো ৰুজু হৈছে। লগতে এজাহাৰ দাখিল কৰা হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা হ’ব। তেওঁৰ সৈতে থকা লোকসকলক সোধা-পোছা কৰা হ’ব। ইতিমধ্য়ে তেওঁ চিআইডিক দায়িত্ব অৰ্পন কৰিছে। সকলোৱেই একেমুখে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব বিচৰাৰ লগতে শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবী তুলিছে। এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব।