শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bhaimon Da: কেতিয়া মুক্তি পাব নতুন অসমীয়া ছবি ‘ভাইমন দা’? সজীৱ হৈ উঠিব অতীতৰ বহু স্মৃতি !

আহি আছে 'ভাইমন দা'। অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা, যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । যশস্বী ছবিপৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে।

Bhaimon Da: কেতিয়া মুক্তি পাব নতুন অসমীয়া ছবি ‘ভাইমন দা’? সজীৱ হৈ উঠিব অতীতৰ বহু স্মৃতি !
কেতিয়া মুক্তি পাব নতুন অসমীয়া ছবি 'ভাইমন দা'?
barasha-misra
Barasha Misra | Published: 21 May 2025 16:46 PM

উভতি আহিছে অসমীয়া চিনেমাৰ সুদিন। ১৪ মে’ত বুধবাৰে গুৱাহাটীৰ চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰত মুকলি কৰা হয় ছবিখনৰ ট্ৰেইলাৰ। ইয়াৰ পিছতে সকলোৰে মাজত ছবিখনকলৈ চৰ্চা আৰম্ভ। অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা, যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । তেওঁ প্ৰায় ১৪ খন ছবি নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে । Zeal Creationsৰ বেনাৰত যশস্বী ছবি পৰিচালক মুনিন বৰুৱাৰ ওপৰত আধাৰিত এই ছবিখন নিৰ্মাণ কৰা হৈছে।

এই ছবিখনত অভিনয় কৰিছে বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী আৰু কণ্ঠশিল্পীয়ে। ছবিখন পৰিচালনা কৰিছে শংশাক সমীৰে আৰু প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে। ছবিখনৰ কাহিনী, চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ। এতিয়া মুক্তিৰ বাবে সাজু ‘ভাইমন দা’৷ ছবিখনৰ ছাউণ্ড ডিজাইনাৰ হিচাপে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে কাম কৰিছে আৰু প্ৰীতম খাউণ্ডে সম্পাদনা কৰিছে । বৰ্তমান ছবিখনৰ মুক্তি পোৱা ‘এৰা-এৰি’ শীৰ্ষক গীতটোৱে লাভ কৰিছে বিশেষ সমাদৰ। জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰে কণ্ঠদান কৰা গীতটো লিখিছে দিগন্ত ভাৰতীয়ে।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই । আনহাতে অন্যান্য চৰিত্ৰসমূহত আছে, য়শস্বী ভূঞা, আশীষ বিদ্যাৰ্থী, বৈভৱী গোস্বামী, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি কেওঁট, গুণাকৰ দেৱ গোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া আৰু শিল্পী শিখা বৰাকে ধৰি বহু ন-পুৰণি শিল্পীয়ে।

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও সামাজিক মাধ্যমত ছবিখনৰ চৰিত্ৰসমূহ আৰু কোনে কোনে অভিনয় কৰিছে তাক লৈ কেইখনমান পোষ্টাৰ শ্বেয়াৰ কৰিছে। 

গৰিমা গাৰ্গে এই পোষ্টাৰসমূহ শ্বেয়াৰ কৰাৰ পিছতে সকলোৰে আগ্ৰহ বাঢ়িছে ছবিখন চাবলৈ। ছবিখনত বিজু ফুকন, জুবিন গাৰ্গ, আৰু যতীন বৰাক একেলগে দেখিবলৈ পোৱা যাব। অৱশ্যে তেওঁলোকৰ চৰিত্ৰত অভিনয় আন কোনোৱে কৰিব। এতিয়া এই উৎকণ্ঠাৰ অন্ত পৰিব ২৩ মে’ত ছবিগৃহত। অসমীয়া ছবিজগতৰ গুৰিধৰোতা যশস্বী মুনিন বৰুৱাৰ জীৱনশৈলী, কৰ্মৰাজি আৰু জীৱনৰ প্ৰতিটো কথা ছবিখনৰ জৰিয়তে দৰ্শকক দেখুৱাব বিচাৰিছে নিৰ্মাতাগোষ্ঠীয়ে। এতিয়া ছবিখনৰ সফলতাকলৈ যথেষ্ট আশাবাদী ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল ৷

‘ভাইমন দা’ কোন?

অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা, যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । তেওঁ প্ৰায় ১৪ খন চিনেমা নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে । মুনিন বৰুৱা (Munin Barua) এগৰাকী জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত এক পৰিচিত নাম। প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক।

পোনপ্ৰথমে এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে কথাছবি জগতত ভৰি দিয়া মুনিন বৰুৱাই বোৱাৰী, ঘৰ সংসাৰ, সোণ মইনা আদি কথাছবি সমূহৰ চিত্ৰনাট্যকাৰ হিচাবে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮৭ চনত অভিনেতা নিপন গোস্বামীৰ সৈতে যুটীয়া ভাবে প্ৰতিমা কথাছবিখন পৰিচালনা কৰি পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।

অসমৰ মৃতপ্ৰায় কথাছবি জগতখনক পুনৰ ঠন ধৰি উঠাত মুনিন বৰুৱাৰ অৱদান অপৰিসীম। ২০০০ চনত তেওঁৰ হিয়া দিয়া নিয়া কথাছবি খনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতখন পুনৰায় ঠন ধৰি উঠিছিল। এই চলচ্চিত্ৰখন অসমীয়া কথাছবি জগতৰ সৰ্বকালৰ এখন জনপ্ৰিয় কথাছবি হিচাবে পৰিচিত। তাৰ পাছতে দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু আদি কথাছবিৰে জনপ্ৰিয়তা অৰ্জন কৰে।

দীনবন্ধু কথাছবিখন ২০০৫ চনৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ কথাছবিৰ সন্মান অৰ্জা বোলছবি। তেওঁ সকলোৱে ভাইমন দা নামেৰেহে চিনি পাইছিল। দুটা দশকত তেওঁ প্ৰায় ৯০খন জনপ্ৰিয় নাটক ৰচনা কৰিছে। তেওঁ অসমীয়া চি ডি ছবিৰ আটাইতকৈ নিৰ্ভৰযোগ্য চিত্ৰনাট্য লেখক।