শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বয়স একেবাৰে কম ! টকাৰ বাবে কি কি কৰিছিল ছানীয়ে ? বৰ্তমান তেওঁৰ মূল্য কিমান ? জানেনে

ছানী লিয়নীয়ে প্ৰাপ্তবয়স্ক ছবিত কাম কৰাৰ পূৰ্বে টকা উপাৰ্জনৰ বাবে বিভিন্ন কাম কৰিছিল। তেওঁ কম বয়সতে বুজি পাইছিল যে, উপাৰ্জনৰ পথত খোজ দিয়াটো কিমান কঠিন ! নহয় একেবাৰে সাধাৰণ।

বয়স একেবাৰে কম ! টকাৰ বাবে কি কি কৰিছিল ছানীয়ে ? বৰ্তমান তেওঁৰ মূল্য কিমান ? জানেনে
ছানী লিয়নীImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 24 Jul 2025 21:00 PM

এটা সাধাৰণ পৰিয়ালৰ পৰা নিজৰ জীৱন যাত্ৰা আৰম্ভ কৰিছিল ছানী লিয়নীয়ে। এই কথা নিজে বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে ছানীয়ে। তেওঁ কম বয়সতে বুজি পাইছিল যে, উপাৰ্জনৰ পথত খোজ দিয়াটো কিমান কঠিন ! কম বয়সৰ পৰা ধন উপাৰ্জনৰ কথা চিন্তা কৰিবলগীয়া হৈছিল ছানী লিয়নীয়ে। শেহতীয়া এটা সাক্ষাৎকাৰত এই কথা নিজে প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

ইকনমিক্স টাইমছৰ এক প্ৰতিবেদন অনুসৰি, পিংক ভিলাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে, অৰ্থ উপাৰ্জনৰ বাবে গাভৰু অৱস্থাত ঘৰে ঘৰে গৈ বিভিন্ন সামগ্ৰী বিক্ৰী কৰিবলগীয়া হৈছিল তেওঁ। যি কৰিবলৈ সক্ষম হৈছিল সেই সকলোবোৰ কাম কৰিছিল ছানীয়ে। কিন্তু ছানীয়ে সেই সকলো কাম কৰাৰ পাছতো প্ৰয়োজন অনুসৰি লাভ কৰা নাছিল টকা।

খবৰ অনুসৰি, ছানী লিয়নীয়ে প্ৰাপ্তবয়স্ক ছবিত কাম কৰাৰ পূৰ্বে টকা উপাৰ্জনৰ বাবে বিভিন্ন কাম কৰিছিল। একেটা সাক্ষাৎকাৰতে ছানীয়ে কয় যে, তেওঁৰ সংকটৰ সময়ত বৰ্তমানৰ স্বামী ডেনিয়েল ৱেবাৰে সাহস হিচাপে কাষত থিয় দিছিল। যি সময়ত তেওঁ পিতৃ-মাতৃক হেৰুৱাইছিল, সেই সময়ত হাতত নাছিল টকা, নাছিল কোনো উপাৰ্জনৰ পথ, লগত আছিল এক মাত্ৰ ভায়েক। অস্থিৰ হৈ পৰিছিল তেওঁ। সেই সময়তে লগ পোৱা ৱেবাৰে তেওঁক পৰিস্থিতিৰে মোকাবিলা কৰাত সহায় কৰিছিল বুলি উল্লেখ কৰিছে ছানীয়ে।

তেওঁ কয়, “যেতিয়া মই ডেনিয়েলক লগ পাইছিলো, সেই সময়ত মোৰ মাৰ মৃত্যু হৈছিল। মই তেওঁক জানুৱাৰী মাহত লগ পাইছিলো আৰু মোৰ মাৰ মাৰ্চ মাহত মৃত্যু হৈছিল। সেই সময়ত মোৰ জীৱনত কল্পনা কৰিব নোৱাৰা কিবা এটা ঘটিছিল। ছমাহৰ পিছত মোৰ দেউতাই গম পালে যে, তেওঁৰ কেন্সাৰ হৈছে। পৰিস্থিতি একেবাৰে অস্থিৰ। দায়িত্ব ল’ব পৰাকৈ আছিলোঁ মই আৰু মোৰ ভাইটি।”

তেওঁ অনুভৱ প্ৰকাশ কৰে যে, “আপুনি যিকোনো সংকটৰ অৱস্থাত থকা সময়ত বিশেষ কাৰোবাক লগ পোৱাটো আপোনাৰ বাবে অতি বিশেষ। কিয়নো আপোনাক এনে এজন ব্যক্তিৰ প্ৰয়োজন যিয়ে আপোনাৰ লগত থাকিব আৰু আপোনাক পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাহস দিব।” এইদৰে এনে এটা পৰিবেশৰ পৰা ওলাই আহি আজিৰ পৰ্যায়ত উপনীত হৈছে ছানী লিয়নী।

প্ৰতিবেদন অনুসৰি, ২০২৪ চনত ছানী লিয়নীৰ সম্পত্তিৰ পৰিমাণ আছিল ৯৮ কোটি টকা। বৰ্তমান প্ৰতিখন ছবিৰ বাবে ২-৩ কোটি টকা লয় ছানীয়ে। ২০১২ চনত জিছম ২ ৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰা ছানীয়ে জেকপটৰ পৰা আৰম্ভ কৰি ৰাগিনি এমএমএছ-২ ৰ লগতে কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছে।

লগতে পঢ়ক : “বিচনাৰ পৰা উঠিবলৈ দিয়া নাছিল, হেৰুৱাই পেলাইছিল শৰীৰৰ শক্তি !” মাজনিশা ছানীৰ শোৱা কোঠাত ভয়ংকৰ ঘটনা