শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“বিচনাৰ পৰা উঠিবলৈ দিয়া নাছিল, হেৰুৱাই পেলাইছিল শৰীৰৰ শক্তি !” মাজনিশা ছানীৰ শোৱা কোঠাত ভয়ংকৰ ঘটনা

ছানীয়ে প্ৰতিটো কথা মুকলিকৈ প্ৰকাশ কৰে। এইবাৰ ছানীয়ে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰিছে যিয়ে আপোনাকো আচৰিত কৰিব।

“বিচনাৰ পৰা উঠিবলৈ দিয়া নাছিল, হেৰুৱাই পেলাইছিল শৰীৰৰ শক্তি !” মাজনিশা ছানীৰ শোৱা কোঠাত ভয়ংকৰ ঘটনা
ছানী লিয়নীImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 22 Jul 2025 14:55 PM

ছানী লিয়নীৰ জীৱনৰ অকথিত কাহিনীবোৰ ছ’চিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈ থাকে। প্ৰকৃততে ছানীয়ে প্ৰতিটো কথা মুকলিকৈ প্ৰকাশ কৰে। মাজে মাজে তেওঁ নিজৰ জীৱনৰ গোপন কাহিনীবোৰ অনুৰাগীৰ আগত প্ৰকাশ কৰা দেখা যায়। এইবাৰ ছানীয়ে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰিছে যিয়ে আপোনাকো আচৰিত কৰিব।

অভিনেত্ৰীগৰাকীৰ এনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল য’ত বিচনাৰ পৰা উঠিব পৰা নাছিল। সেই ঘটনাটো ঘটিছিল মাজনিশা। সেই নিশা তেওঁ একেবাৰে দুৰ্বল হৈ পৰিছিল। শৰীৰৰ ভাৰ গ্ৰহণ কৰিব পৰাকৈ নাছিল তেওঁৰ শক্তি। তেওঁ সেই সময়ত অনুভৱ কৰিছিল যে, তেওঁ সকলো শক্তি হেৰুৱাই পেলাইছে।

ৰাজস্থানত Splitsvilla ৰ শ্বুটিংৰ সময়ত এই পৰিস্থিতি সন্মুখীন হৈছিল ছানী। মাজনিশা হঠাতে তেওঁ অনুভৱ কৰে যে, শৰীৰৰ সকলো শক্তি তেওঁ হেৰুৱাই পেলাইছে । বহু বাৰ চেষ্টা কৰিও তেওঁ বিচনাৰ পৰা উঠিব পৰা নাছিল।

সেই মুহূৰ্ততে তেওঁ বুজি পালে যে, কোনোবাই ছানীক বিচনাত ধৰি ৰাখিছে। তেওঁ যিমানেই বিচনাৰ পৰা উঠিবলৈ চেষ্টা কৰিছিল সিমানেই তেওঁ বিফল হৈছিল। এবাৰ নহয়, বাৰে বাৰে সেই নিশা তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হৈছিল। অলপ পিছতে ছানীয়ে বুজিলে যে, তেওঁৰ লগত কিবা এটা অদ্ভুত ঘটনা ঘটি আছে। কোঠাটোত কোনো নথকাৰ পাছতো তেওঁ কাৰোবাৰ উপস্থিতি অনুভৱ কৰিছিল।

কিন্তু কিছুসময়ৰ পাছত তেওঁ বুজি পালে যে, সকলো অস্বাভাৱিক। সিদিনা ভূতৰ ভয়ত কঁপি আছিল ছানী। শেষত তেওঁ চিঞৰি উঠিল, “মোক এৰি দিয়ক, মোক এৰি দিয়ক”। ছানী লিয়নীৰ এই কথাবোৰ শুনি সকলোৱে স্তম্ভিত হৈ পৰিল।

কোৱা হয় যে, বাস্তৱত এনে অলৌকিক ঘটনাৰ বলি হৈছে বহু লোক। কিছুমান শ্বুটিং চেটত, কিছুমান বাস্তৱ জীৱনত, বহুতে কম বেছি পৰিমাণে বিপদৰ সন্মুখীন হ’বলগীয়া হয়। যিটো বহুতৰ বাবে হয়তো বুজি পোৱাটো কঠিন।