সঞ্জয় দত্তই কৰে বিদ্যাক চুম্বন, পোহৰলৈ আহিছে ‘পৰিনীতা’ৰ এই সত্য!
‘পৰিনীতা’ৰ চিত্ৰগ্ৰহণৰ সময়ত বিদ্যা বালানে সঞ্জয় দত্তৰ সৈতে এক অন্তৰংগ মুহূৰ্তৰ অভিনয় কৰাৰ কথা আছিল। সেই সময়ত বিদ্যা বালান ছবি উদ্যোগত নতুন আছিল। অন্তৰংগ দৃশ্যটো কেনেদৰে অভিনয় কৰিব সেই লৈ চিন্তিত হৈ পৰিছিল অভিনেত্ৰীগৰাকী। সেই ক্ষেত্ৰত বিদ্যাই জনাই সঞ্জয়ে কেনেকৈ গোটেই কথাটো চম্ভালিলে।

‘পৰিনীতা’ৰ চিত্ৰগ্ৰহণৰ সময়ত বিদ্যা বালানে সঞ্জয় দত্তৰ সৈতে এক অন্তৰংগ দৃশ্যত অভিনয় কৰাৰ কথা আছিল। সেই সময়ত বিদ্যা এই উদ্যোগত তুলনামূলকভাৱে নতুন আছিল। অন্তৰংগ দৃশ্য এটাত কেনেদৰে অভিনয় কৰিব সেই লৈ চিন্তিত হৈ পৰিছিল অভিনেত্ৰীগৰাকী। সেই ক্ষেত্ৰত সঞ্জয়ে কেনেকৈ গোটেই কথাটো চম্ভালিলে বিদ্যাই জনায়।
বিদ্যাই জনাই যে, “সঞ্জয় দত্তই তেওঁৰ ওচৰলৈ আহি কয় মই এই অন্তৰংগ দৃশ্যটো কেনেকৈ কৰিম বুজি পোৱা নাই। সেই সময়ত বিদ্যা নাৰ্ভাছ হৈ পৰে। কিন্তু এই কথা-বতৰাৰ পিছত অভিনেত্ৰীগৰাকীয়ে কয় যে পিছত কামবোৰ বহুত সহজ হৈ পৰে। ইয়াৰ পিছত নায়িকাগৰাকীয়ে দৃশ্যটো কৰিবলৈ আৰু অসুবিধা নাপালে। বিদ্যাই ক’লে, “শ্বুটিং শেষ হোৱাৰ পিছত সঞ্জয় মোৰ ওচৰলৈ আহিল। সকলো ঠিক আছে নেকি সুধিলে। মোৰ কপালত চুমা খাই গুচি গ’ল। সেইজন হৈছে সঞ্জয় দত্ত।”
সঞ্জয়ৰ এই পদক্ষেপক বিদ্যাৰ ভাল লাগিছিল, সেই কথা নায়িকাগৰাকীৰ কথাৰ পৰা স্পষ্টকৈ বুজা যায়। এই ঘটনাই দেখুৱাইছে সঞ্জয়ে তেওঁৰ সহ অভিনেতাসকলৰ প্ৰতি কিমান যত্ন লয়। ‘পৰিনীতা’ ছবিখনো বহু বছৰ ধৰি দৰ্শকৰ মনত ৰৈ গৈছে।
বিদ্যাৰ এই মন্তব্য পোহৰলৈ অহাৰ পাছত বহু অনুৰাগীয়ে দাবী কৰে যে, তেওঁলোকে পুনৰ সঞ্জয় আৰু বিদ্যাক একেলগে হিন্দী ছবিত চাব বিচাৰে।