মৃত্যুৰ ৩ মাহ পূৰ্বে স্বামীৰ সৈতে কিয় কথা পতা নাছিল শ্ৰীদেৱীয়ে, কিন্তু কিয়?
শ্ৰীদেৱীৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, বাথটাবৰ পানীত ডুব যোৱাৰ ফলত মৃত্যু হৈছিল। কিন্তু সঁচাকৈয়ে বাথটাবত ডুব গৈ মৃত্যু হোৱাটো সম্ভৱনে?

২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত বলীউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱীৰ মৃত্যু হয়। ডুবাইৰ এখন বিলাসী হোটেলৰ বাথৰুমত উদ্ধাৰ হয় শ্ৰীদেৱীৰ মৃতদেহ। তেওঁৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত। কিন্তু আপুনি জানেনে যে শ্ৰীদেৱীৰ মৃত্যুৰ পূৰ্বে কিছুদিনৰ বাবে স্বামী বনি কাপুৰৰ লগত কথা পতা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। প্ৰায় তিনিমাহমান কথা-বতৰা বন্ধ কৰি দিলে। তেওঁ কেৱল স্বামীলৈ গুড মৰ্নিং আৰু গুড নাইট মেছেজহে পঠিয়াইছিল। শেষৰটো সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে এই কথা কৈছিল।
তেওঁৰ শেষৰখন ছবি আছিল ‘মা’। সেই ছবিখনৰ প্ৰস্তুতিৰ বাবে স্বামীৰ লগত কথা পতা বন্ধ কৰি দিছিল। অভিনেত্ৰীগৰাকীয়ে কয়,”মই মোৰ স্বামীৰ লগত তিনিমাহ কথা পতা নাছিলোঁ। মই মাত্ৰ গুড মৰ্নিং আৰু ৰাতি, শ্বুটিং শেষ কৰি গুড নাইট বুলি কও। আমি মাত্ৰ সেইটোৱেই কথা পাতিলোঁ। মই পৰিচালকৰ কথা অনুসৰণ কৰিবলৈ চেষ্টা কৰো। ঠিক পৰিচালকে কোৱাৰ দৰেই নিজৰ পৰিয়ালৰ পৰা আঁতৰি আছিলোঁ।
শ্ৰীদেৱীৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বাথটাবত ডুব যোৱাৰ ফলত তেওঁৰ মৃত্যু হৈছে। কিন্তু সঁচাকৈয়ে বাথটাবত এফুট পানীত ডুব গৈ মৃত্যু হোৱাটো সম্ভৱনে? কিন্তু আৰক্ষীয়ে মৃত্যু স্বাভাৱিক বুলি ঘোষণা কৰিছিল।