ইমৰাণ হাছমীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ দৃশ্য কৰিবলৈ অপ্ৰস্তুত তনুশ্ৰী, তাৰ পিছত কি হ’ল?
প্ৰায় ১৯ বছৰ পূৰ্বে মুক্তি লাভ কৰিছিল ‘আশিক বনায় আপনে’। সেই ছবিখনৰ এটি দৃশ্যৰ শ্বুটিং কৰি থাকোঁতে তনুশ্ৰীৰ চকুপানী বৈ আহে। কিন্তু কিয় জানেনে?

একবিংশ শতিকাৰ আৰম্ভণিতে সকলোকে শিহৰীত কৰা ছবি ‘আশিক বনয়া আপনে’ নিৰ্মাণ হৈছিল । সেই ছবিখনৰ টাইটেল ট্ৰেক ইমানেই ৰোমাঞ্চকৰ আছিল যে, আজিও পাহৰিব পৰা নাই একাংশই। এতিয়াও গীতবোৰক নষ্টালজিক কৰি তোলে। গীতটিত ইমৰাণ হাছমী আৰু বংগ কন্যা তনুশ্ৰী দত্তৰ অন্তৰংগ প্ৰেমে আপ্লুত কৰিছিল বেছিভাগকে।
প্ৰায় ১৯ বছৰ পূৰ্বে মুক্তি লাভ কৰিছিল ‘আশিক বনায় আপনে’। সেই ছবিখনৰ বোল্ড দৃশ্যৰ শ্বুটিং কৰি থাকোঁতে তনুশ্ৰীয়ে চকুলো টুকে। কিন্তু কিয় জানেনে? ‘আশিক বনয়া আপনে’ গীতটোৰ অন্তৰংগ দৃশ্যৰ শ্বুটিং কৰি থাকোঁতে সকলো আছিল তনুশ্ৰীৰ কোঠাত।
অন্তৰংগ দৃশ্যটোত এটা লিপলকৰ আছিল। অভিনেত্ৰীগৰাকীয়ে কাপোৰ খুলি বিচনাত শুই দিব লগা আছিল। ইয়াৰ বাবে অভিনেত্ৰীগৰাকী বৰ ভয় খাইছিল। তনুশ্ৰীয়ে কয়, “মই একেবাৰেই শান্তিত নাছিলো। ইমৰাণৰ সৈতে এই দৃশ্যটোৰ বাবে মই বৰ অপ্ৰস্তুত আছিলো। কোঠাটোত বহুত মানুহ আছিল, ইউনিটৰ সকলো। অন্তৰংগ হৈ থকাৰ সময়ত মই এই কথাটো বাৰে বাৰে মনত ৰাখিব লাগিছিল, যাতে মোৰ মেকআপ নষ্ট নহয়। যাতে আমাৰ দুয়োকে ভাল দেখা হয় দৃশ্যটোত।”
তনুশ্ৰীয়ে যেতিয়া ‘আশিক বনয়া আপনে’ ছবিত কাম কৰিছিল, তেতিয়া তেওঁ মুম্বাইৰ চলচ্চিত্ৰ জগতত সম্পূৰ্ণ নতুন আছিল। ফলত ইমান মানুহৰ সন্মুখত অন্তৰংগ দৃশ্য কৰি থাকোঁতে হাত-ভৰি ঠাণ্ডা হৈ আহিছিল। তেওঁ ক’লে, “যেতিয়া মই ইমৰাণক চুমা খাই আছিলো, তেতিয়া তেওঁলোকে লাইট জ্বলাই দিছিল।” যাৰ বাবে অভিনেত্ৰীগৰাকী অপ্ৰস্তুত হৈ পৰিছিল। কিন্তু এইবোৰ কথাৰ প্ৰতি উদ্যোগটোৰ কোনেও গুৰুত্ব নিদিয়ে। ই এক অদ্ভুত পৰিস্থিতি! কিন্তু কেমেৰাৰ কামটো বৰ ভাল হৈছিল। কেমেৰাৰ বাবেই পিছলৈ দৃশ্যবোৰ ধুনীয়া দেখিছিল।