শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

খাবলৈ খাদ্য নাই, মোক সঁচাকৈ টকা লাগে…সেইদিনা কি হৈছিল শ্বাহৰুখ খানৰ সৈতে…

Shahrukh khan: আজি বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন। বৰ্তমান কোটি কোটি টকা সম্পত্তিৰ মালিক তেওঁ। কিন্তু শ্বাহৰুখৰ এই যাত্ৰা সহজ নাছিল। এটা সময়ত তেওঁ যথেষ্ঠ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল।

খাবলৈ খাদ্য নাই, মোক সঁচাকৈ টকা লাগে…সেইদিনা কি হৈছিল শ্বাহৰুখ খানৰ সৈতে…
শ্বাহৰুখ খানImage Credit source: Facebook (Shahrukh Khan)
barasha-sarma
Barasha Sarma | Published: 02 Nov 2025 12:49 PM

তেওঁ এতিয়া বলীউডৰ ৰজা। কোটি কোটি টকা সম্পত্তিৰ মালিক তেওঁ। ডুবাইত তেওঁৰ নামত আছে এটা ডাঙৰ নদী দ্বীপ। লণ্ডনত আছে বিলাসী ঘৰ। আৰু কত যে কিমান সম্পত্তি আছে হিচাপ নাই! কিন্তু বাদশ্বাহ শ্বাহৰুখ খানৰ এই সম্পত্তি আৰম্ভণিৰ পৰা নাছিল। তেওঁ এটা সময়ত যথেষ্ঠ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল। এদিন যদি ভনীয়ে শ্বেহনাজ অসুস্থ আনদিনা আকৌ মাতৃ অসুস্থ। বহু আগতেই তেওঁ পিতৃক হেৰুৱাইছিল।

পঢ়া-শুনা সমাপ্ত কৰি তেওঁ বলীউড জগতলৈ আহিছিল। তেওঁৰ বাবে এই বলীউডৰ এই যাত্ৰা সহজ নাছিল। প্ৰথম অৱস্থাত পৰিয়াল চলাবলৈ তেওঁ টেলিভিশ্যন জগতত সৰু সুৰা কাম কৰিছিল। সেই সময়ত তেওঁ চিনেমাত স্থান লাভ কৰা নাছিল। এই সংগ্ৰামৰ সময়তে তেওঁৰ জীৱনলৈ বহু বেয়া দিন আহিছিল।

এই দিশটো সন্দৰ্ভত শেহতীয়াকৈ সবিশেষ জনাইছে বলীউডৰ অভিনেতা তথা চিত্ৰনাট্যকাৰ বিবেক বাছৱানীয়ে। এক সাক্ষাৎকাৰত তেওঁ শ্বাহৰুখ খানৰ বিষয়ে কয়। উল্লেখ্য যে, অভিনেতাগৰাকীৰ আজি জন্মদিন। তেওঁৰ ৬০ বছৰ সম্পূৰ্ণ হ’ব। ইয়াৰ মাজতে বিবেকৰ সেই সাক্ষাৎকাৰৰ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত বিবেকে শ্বাহৰুখৰ সংগ্ৰামকালৰ কথা কয়।

সময় আছিল নব্বৈৰ দশক। সেই সময়ত শ্বাহৰুখ খানে টিভিত কিছু কাম কৰি আছিল। চিনেমাত তেতিয়া তেওঁ সুযোগ পোৱা নাছিল। সেই সময়তে অসুস্থ হৈ পৰিছিল তেওঁৰ মাতৃ। এদিন শ্বাহৰুখে হঠাৎ আহি বিবেকৰ ঘৰত উপস্থিত হয়। টিভিত অভিনয়ৰ জৰিয়তে বিবেকক লগ পাইছিল শ্বাহৰুখে। সেই বন্ধুত্বৰ খাতিৰতে বিবেকৰ ওচৰত ভাঙি পৰিছিল শ্বাহৰুখ। তেওঁ কৈছিল, “মা বাচি নাথাকিব। বাইদেউক লৈ যাম। দুদিন ধৰি একো খাব পৰা নাই। কিবাকৈ অলপ উপাৰ্জন কৰিব লাগিব। মোক এখন ছবিত কাম কৰাৰ সুযোগ দিয়ক। মোক সঁচাকৈ টকা লাগে”।

বিবেকে  আৰু কয়, “সেই সময়ত আজিজ মিৰ্জাই ‘ৰাজু বান গয়া জেন্টলমেন’ৰ চিত্ৰনাট্য লিখি আছিল। তেওঁ শ্বাহৰুখৰ সৈতে আলোচনা কৰিছিল আৰু এইদৰেই আৰম্ভ হৈছিল শ্বাহৰুখৰ বলীউড যাত্ৰা। অৱশ্যে দিব্যা ভাৰতী আৰু ঋষি কাপুৰৰ ‘দীবানা’ ছবিখনে শ্বাহৰুখৰ পৰিচয় দাঙি ধৰিছিল।  বিবেকৰ মতে শ্বাহৰুখৰ এক অদ্ভুত জেদ আছিল। সফল হ’ব বিচাৰিছিল তেওঁ। সফলতাৰ বাবে শ্বাহৰুখে যিকোনো কষ্ট কৰিবলৈ সাজু আছিল, আৰু সেইবাবেই আজি তেওঁ বলীউডৰ বাদশ্বাহ।

 

 

অন্য খবৰ পঢ়কঃ Zubeen Garg: সপোন পূৰণ কৰি আজি আকৌ উভতি আহিছে জুবিন গাৰ্গ