Zubeen Garg: সপোন পূৰণ কৰি আজি আকৌ উভতি আহিছে জুবিন গাৰ্গ…
Zubeen Garg Last Movie: সপোন ফলিয়াই! যেনেকৈ ফলিয়ালে জুবিন গাৰ্গৰ! অসমীয়া ছবিক লৈ সপোন দেখিছিল জুবিনে। আজি যেন সেই সপোন পূৰণ হৈছে। পুৱতি নিশাই আজি অসম জাগিছে, আহিছে অসমীয়া চিনেমা চাবলৈ।
 
                                তেতিয়া ধলপুৱা! কাৰোৰে আজি সময় নাই। নিশা বহুতেই নুশুলেই। লৰালৰিকৈ উঠি কিবাকে মুখ হাত ধুই সকলো লৰি আহিছে বাহিৰলৈ। আজি কোনো পূজা নাই, আজি কোনো অনুষ্ঠান নাই। কিন্তু তাৰ পাছতো আজি ভীষণ ব্যস্ততা। নহ’বনো কিয়? আজি যে জুবিন গাৰ্গ আহিছে! সেই মানুহজন নাই বুলি বিশ্বাস কৰিব পাৰি জানো? প্ৰতিগৰাকী অনুৰাগীৰ অন্তৰত আছে তেওঁ। সেয়ে আজি সকলো আহিছে শেষবাৰৰ বাবে জুবিন গাৰ্গক চাবলৈ, স্ক্ৰীণত…
জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ আজি শুভ মুক্তি লাভ কৰিছে। আজি অসমবাসীৰ বাবে এক বিশেষ দিন। সেয়ে সকলো ব্যস্ত। শিশুৰ পৰা বৃদ্ধলৈকে সকলো দৌৰি আহিছে চিনেমা চাবলৈ। অসমীয়া ছবিজগতত পূৰ্বে এনে দৃশ্য দেখা মনত পৰে জানো? হয়তো নপৰে, আচলতে এয়া সম্ভৱতঃ ভাৰতৰ ইতিহাসতেই প্ৰথম, যেতিয়া এখন চিনেমা চাবলৈ মানুহে পুৱতি নিশাৰ পৰা ভিৰ কৰিছে।
অসমীয়া চিনেমাৰ প্ৰথম দৰ্শনী পুৱা ৪.২৫ বজাত। এয়া সম্ভৱ জানো! যদি সম্ভৱ নাছিলো সেয়া কৰি দেখুৱালে জুবিন গাৰ্গে। তেওঁ অসমীয়া চিনেমাক লৈ সপোন দেখিছিল, তেওঁ কৈছিল এদিন অসমত কেৱল অসমীয়া চিনেমা চলিব। সঁচাকৈ আজি অসমত চলিছে কেৱল অসমীয়া চিনেমা। কিন্তু অবিশ্বাস্য হ’লেও এয়াই সত্য যে, সেই শুভ ক্ষণ চাবলৈ অসমীয়াৰ ওচৰত আজি জুবিন গাৰ্গ নাই।
জয়মতীৰ পৰা আৰম্ভ হোৱা অসমীয়া ছবি জগতৰ যাত্ৰাৰ খোজ বেছি খৰকটীয়া নাছিল। থৰক বৰককৈ উঠি অহা উদ্যোগটিয়ে মাজে মাজে লুটি বাগৰ খাই পৰিছিল। হিন্দী চিনেমা জগতে গ্ৰাস কৰিছিল মানুহৰ মন মগজু। এটা সময়ত ভিচিডিবোৰে ঠাই লৈছিল। অসমীয়া চিনেমা কেতিয়া ছবিগৃহলৈ আহে কেতিয়া যায় কোনোৱে যেন গমেই নাপায়।
সেই মৃত উদ্যোগটিক জীয়াই তোলাৰ সপোন দেখিছিল জুবিন গাৰ্গে। সেই সপোন সহজ নাছিল বুলি জনাৰ পাছতো তেওঁ আগুৱাই আহিছিল আৰু তুলি ধৰিছিল অসমীয়া ছবি জগতখন। ধীৰ খোজেৰে অসমীয়া চিনমাৰ হাতখন ধৰি আগবাঢ়িছিল, কিন্তু এৰি দিয়া নাছিল। লক্ষ্য আছিল এটাই, অসমীয়া ছবি উদ্যোগটি চহকী কৰা। এইক্ষেত্ৰত যশস্বী পৰিচালক মুনিন বৰুৱাৰ অৱদানো অনস্বীকাৰ্য। তেখেতৰ ছবিবোৰে মানুহক নতুন খোৰাক দিছিল। কিন্তু এই যাত্ৰা সহজ নাছিল। ৰামধেনুৱে কিছু আশাৰ বতৰা কঢ়িয়াইছিল।
২০১৭ চনত মুক্তি লাভ কৰিছিল জুবিন গাৰ্গৰ ছবি ‘মিছন চাইনা’। সেই সময়ত অসমৰ বিভিন্ন ঠাইত ছবিগৃহ নাছিল। কিন্তু তাৰ পাছতো হিট হৈছিল মিছন চাইনা। অসমীয়াই হিল দৌল ভাঙি ওলাই আহিছিল অসমীয়া চিনেমা চাবলৈ। এই ছবিখনৰ নামত বহু কষ্ট কৰিছিল জুবিনে। ছবিখনত তেওঁ নিজে অভিনয় কৰিছিল, গান গাইছিল।
মৰিবলৈ লোৱা উদ্যোগটিয়ে পুনৰ প্ৰাণ পাইছিল। তাৰ পাছত ২০১৯ চনত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ আন এখন ছবি কাঞ্চনজংঘা। মিছন চাইনাৰ দৰে কাঞ্চনজংঘাও হিট হৈছিল। সেই ছবিখনত জুবিনে দেখুৱাই দিছিল তেওঁৰ বাবে নাই কোনো জাতি-ধৰ্ম। এই ছবিখনৰ পৰা হিট হৈ পৰিছিল জুবিন গাৰ্গৰ সংলাপ- “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা”।
এনেকৈ উঠি আহিছিল অসমীয়া চিনেমা উদ্যোগটি। ইয়াৰ মাজতে মুক্তি লাভ কৰিছিল ৰঘুপতি, ৰাঘৱ, ভাইমন দা, বিদূৰভাই আদিকে ধৰি বহু ছবি। অসমীয়া ছবি উদ্যোগটিত কিবা এটা কৰিব বিচৰাসকলৰ বাবে জুবিন আছিল সাহস। জুবিনে দেখুৱাইছিল কেনেকৈ মৰি যোৱা গছ এডালতো পুনৰ গজালি ওলাব পাৰে।
জুবিনে যেন চিনেমাত সোৱাদ বিচাৰি পাইছিল। সেয়ে হয়তো তেওঁ জীৱনৰ শেষৰটো সাক্ষাৎকাৰত ৰীতা চৌধুৰীৰ আগত কৈছিল- ”গান গাই মই ব’ৰ হৈ গৈছো”। জুবিনে কৈছিল চিনেমা বনোৱাৰ কথা। বাৰে বাৰে উৎসাহেৰে কৈছিল ছবিখনৰ দৃশ্যৰ কথা, কেনেকৈ সাগৰৰ পাৰত শ্বুট কৰিছে আৰু বহু কিবা কিবি।
সপোন ফলিয়াই! জুবিনৰ সেই সপোন আজি পূৰণ হ’ল। জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে অসমীয়া চিনেমাৰ সকলো ৰেকৰ্ড ভংগ কৰাৰ দিশে। জুবিনে সপোন দেখাৰ দৰে আজি পুৱতি নিশাই সকলোৱে অসমীয়া চিনেমা চাবলৈ আহিছে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে চিনেমা উপভোগ কৰিছে। কোনোৱে কান্দিছে, কোনোৱে চকুপানী ধৰি ৰখাৰ চেষ্টা কৰিছে। কেনেকৈনো মানি লয় এয়া জুবিনৰ অন্তিম চিনেমা বুলি?
সকলোৱে কৈছে ভাল হৈছে ছবিখন, ভাল হৈছে জুবিনৰ অভিনয়। এৰা সঁচাকৈ অবিশ্বাস্য লাগিলেও এয়াই সঁচা যে আজি সকলোৰে মুখত অসমীয়া চিনেমাৰ কথা। জুবিনে যেন সমগ্ৰ বিশ্বক কৈছে- ”চা অসমতো আছে এটি চলচ্চিত্ৰ উদ্যোগ”।
বিশ্বাস কৰিবলৈ টান হ’লেও ক’বই লাগিব যে জুবিন আজি আমাৰ মাজত নাই। কায়িকভাৱে জুবিনে দেখা নাপালে এই শুভ দিন। কিন্তু জুবিন জুবিনেই, তেওঁ কেৱল মানুহক প্ৰেৰণা দিয়ে, সাহস দিয়ে, সপোন দেখিবলৈ সুযোগ দিয়ে। সেয়ে হয়তো জুবিনৰ শেষৰখন ছবিৰ শেষৰ বাক্যটোত লিখা আছে-শেষ বুলিলেই শেষ নহয়, আকৌ আৰম্ভ হয়…।
অন্য খবৰ পঢ়কঃ মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী…
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      