অভিষেকৰ পূৰ্বে গোপন বিয়া, ইছলাম ধৰ্ম গ্ৰহণ! কি ক’লে ঐশ্বৰ্য ৰায় বচ্চনে?
বিগত কিছু সময় ধৰি ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন চৰ্চাত আছে। তেওঁলোকৰ বিবাহ বিচ্ছেদ হ'ব বুলি উৰা বাতৰি প্ৰচাৰ হৈছিল। কিন্তু একাংশৰ মতে, অভিষেকৰ পূৰ্বেও ঐশ্বৰ্য ৰায় বিয়া হৈছিল।

মনোৰঞ্জন জগতত চৰ্চাত থকা এটি নাম ঐশ্বৰ্য ৰায় বচ্চন। বিগত কিছু সময় ধৰি অভিনেত্ৰীগৰাকী ছবি জগতৰ পৰা আঁতৰি থাকিলেও জনপ্ৰিয়তা কম হোৱা নাই। সৌন্দৰ্যৰ পৰা অভিনয়লৈ, প্ৰায় সকলো দিশতে চৰ্চাত থাকে অভিনেত্ৰীগৰাকী। পিছে তেওঁৰ ব্যক্তিগত জীৱনো চৰ্চাৰ পৰা সাৰি যোৱা নাই। সেয়া লাগিলে তেওঁ বৰ্তমানৰ বিবাহ হওক বা পূৰ্বৰ প্ৰেমৰ সম্পৰ্ক।
অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিনেতা ছলমান খানৰ সম্পৰ্কৰ কথা সকলোৱে জানে। এসময়ৰ প্ৰেমিক-প্ৰেমিকাহালে বাতৰিৰ শিৰোনাম দখল কৰি ৰাখিছিল। পাছত তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলিছিল আৰু অভিনেত্ৰীগৰাকী অভিষেক বচ্চনৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল।
এটা সময়ত প্ৰচাৰ হৈছিল যে, অভিষেক বচ্চনৰ পূৰ্বে ঐশ্বৰ্য ৰায় বচ্চনে বিয়া হৈছিল। প্ৰায় ১৯৯৯ চনত আৰম্ভ হোৱা সম্পৰ্কৰ পাছত ঐশ্বৰ্যই ছলমান খানৰ লগত গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল। আনকি খবৰ প্ৰকাশ পাইছিল যে ঐশ্বৰ্য ৰায় বচ্চনে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। অৱশ্যে ঐশ্বৰ্য ৰায় আৰু ছলমান খানে এতিয়ালৈকে তেওঁলোকৰ ব্যক্তিগত জীৱনক লৈ বৰ বিশেষ একো খুলি কোৱা নাই।
পিছে এবাৰ অভিনেত্ৰীগৰাকীয়ে খোলা খুলিকৈ মত প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে, “এনে হোৱা হ’লে ইণ্ডাষ্ট্ৰীৰ কোনোৱে গম নাপাবনে? এইটো ইমান সৰু উদ্যোগ। মাৰ দুৰ্ঘটনাৰ পিছত মই তেওঁৰ লগত সময় কটাব পৰা নাছিলো। আৰু আপুনি সঁচাকৈয়ে ভাবেনে যে মই বিয়াৰ দৰে ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিম”? অভিনেত্ৰীগৰাকীৰ কথাৰ পৰা বুজিব পাৰি যে, এইসমূহ উৰা বাতৰিয়ে তেওঁক অতিষ্ট কৰি তুলিছে।
উল্লেখ্য যে, ১৯৯৯ চনত ‘হম দিল দে চুকে ছনম’ ছবিৰ চেটত তেওঁলোকৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল। তাৰ পিছতে তেওঁলোকে গোপনে বিয়া হৈছিল বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল। আনকি বহুতে কয় যে নায়িকাগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আনকি বি-টাউনত তেওঁলোকৰ বিয়াৰ অনুষ্ঠান এটা বিলাসী বাংলোত অনুষ্ঠিত হৈছিল। য’ত দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ আত্মীয়ই দম্পতীহালক আশীৰ্বাদ দিবলৈ উপস্থিত আছিল।
অৱশ্যে ইয়াৰ ওপৰত সঠিক তথ্য কেতিয়াও পোহৰলৈ অহা নাই। ইয়াৰোপৰি যি সময়ত ছলমান খানে ঐশ্বৰ্য ৰায়ৰ প্ৰেমত পৰিছিল তেতিয়া অভিনেতাগৰাকী ছোমি আলীৰ সৈতে সম্পৰ্কত আছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ভাইজানৰ প্ৰাক্তন প্ৰেমিকাগৰাকীয়ে সেই পুৰণি দিনৰ ওপৰত মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ কয় যে, বহুদিন ধৰি তেওঁ সন্দেহ কৰিছিল যে কিবা এটা ঘটি আছে। তাৰ পাছত হঠাৎ ঐশ্বৰ্য ছলমানৰ ঘৰলৈ অৰ্থাৎ গেলাক্সি জিমলৈ অহা আৰম্ভ কৰিছিল। তেতিয়াই তেওঁ বুজিব পাৰিছিল যে, তেওঁৰ আৰু ছলমানৰ মাজত তৃতীয় কোনোবা আহিব।
অন্য খবৰ পঢ়কঃ চৰকাৰৰ ডাঙৰ পদক্ষেপ! অশ্লীল বিষয়বস্তু প্ৰচাৰ কৰা ৪৩ টা এপ নিষিদ্ধ…