চৰকাৰৰ ডাঙৰ পদক্ষেপ! অশ্লীল বিষয়বস্তু প্ৰচাৰ কৰা ৪৩ টা এপ নিষিদ্ধ…
অশ্লীলতা বিয়পোৱা একাংশ এপৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কেন্দ্ৰ চৰকাৰ। সদনত চৰকাৰে জনাই যে শেহতীয়াকৈ ৪০ টাৰো অধিক এপ ব্লক কৰা হৈছে।

অ’টিটি প্লেটফৰ্মত অশ্লীল বিষয়বস্তু প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ কেন্দ্ৰৰ। কেন্দ্ৰীয় চৰকাৰে সংসদত জনাইছে যে এতিয়ালৈকে অশ্লীল, হিংসাত্মক, প্ৰাপ্তবয়স্ক আৰু সাংস্কৃতিকভাৱে আপত্তিজনক বিষয়বস্তু পৰিবেশন কৰা ৪৩টা অভাৰ দ্য টপ (অ’টিটি) প্লেটফৰ্ম ব্লক কৰা হৈছে। আই টি এক্ট ২০০০ৰ অধীনত চৰকাৰে তথ্য প্ৰযুক্তি বিধি ২০২১ অধিসূচনা কৰিছে। সদনত চৰকাৰে কয় যে, অটিটি প্লেটফৰ্মসমূহে নিয়ম মানি চলা বাধ্যতামূলক।
কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাত কয় যে নিয়মৰ অংশ III ত অনলাইন কিউৰেটেড কন্টেন্ট আৰু ডিজিটেল বাতৰি প্ৰকাশকৰ বাবে আচৰণ বিধিৰ ব্যৱস্থা কৰা হৈছে। গতিকে আইনৰ দ্বাৰা নিষিদ্ধ কোনো বিষয়বস্তু যাতে দেখুওৱা নহয় তাৰ প্ৰতি অ’টিটি প্লেটফৰ্মসমূহে লক্ষ্য ৰাখিব লাগিব।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এটা প্ৰশ্নৰ লিখিত উত্তৰত অৱগত কৰিছে যে অ’টিটি প্লেটফৰ্মসমূহে নিয়মৰ সূচীত দিয়া সাধাৰণ নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক, অৰ্থাৎ অ’টিটি প্লেটফৰ্মত নগ্নতা আৰু হিংসাৰ সৈতে জড়িত কোনো কথা দেখুওৱা কোনো বিষয়বস্তু দেখুৱাব নোৱাৰিব।
আইন ভংগ হ’লে লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ’ব
আই টি আইন ২০০০ৰ ধাৰা ৭৯(৩)(খ)ত উল্লেখ আছে যে যদি কোনো অ’টিটি প্লেটফৰ্মে আইন ভংগ কৰি অশ্লীল বিষয়বস্তু সম্প্ৰচাৰ কৰে, তেন্তে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হব। লগতে কয় যে সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ সৈতে আলোচনাৰ অন্তত এতিয়ালৈকে ৪৩টা অ’টিটি প্লেটফৰ্ম ব্লক কৰা হৈছে। পৰ্ণগ্ৰাফিক কন্টেন্টৰ গতি ৰোধ কৰিবলৈ যোৱা সপ্তাহত চৰকাৰে ইণ্টাৰনেট সেৱা প্ৰদানকাৰীক ২৫ টা এপ নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল।
নিষিদ্ধ এপসমূহৰ নাম: বুমক্স, বিগ শ্বটছ এপ, গুলাব এপ, নাভাৰাছা লাইট, বুল এপ, কাংগন এপ, বাহ এণ্টাৰটেইনমেণ্ট, জালৱা এপ, হিটপ্ৰাইম, লুক এণ্টাৰটেইনমেণ্ট, ফেনেও, ছ’ল টকীজ, শ্ব’ক্স, হটএক্স ভিআইপি, আড্ডা টিভি, হালচাল এপ, নিয়নএক্স ভিআইপি, মুডএক্স, মজফ্লিক্স, ফুগি ট্ৰাইফ্লিক্স, এল্ট, উল্লু আদি।
অন্য খবৰ পঢ়কঃ আহি আছে iPhone 17 ! ভাৰতত কিমান হ’ব ইয়াৰ দাম, জানক সবিশেষ…