শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সঞ্জয় দত্ত আৰু আমিৰ খানৰ সৈতে প্ৰীতি জিন্টাৰ গোপন বিয়া! জানক কি আছিল ঘটনাটো…

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিন্টা। অভিনয়ৰ পৰা আঁতৰি থাকিলেও তেওঁৰ জনপ্ৰিয়তা এতিয়াও কমি যোৱা নাই। এবাৰ প্ৰীতি জিন্টাৰ লগত আমিৰ খান আৰু সঞ্জয় দত্তৰ নাম সাঙোৰ খাইছিল।

সঞ্জয় দত্ত আৰু আমিৰ খানৰ সৈতে প্ৰীতি জিন্টাৰ গোপন বিয়া! জানক কি আছিল ঘটনাটো…
প্ৰীতি, আমিৰ, সঞ্জয়Image Credit source: tv9 বাংলা
Barasha Sarma
Barasha Sarma | Updated On: 12 Aug 2025 12:17 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিন্টা। প্ৰীতিৰ গালত পৰা ডিম্পলে এসময়ত বহু পুৰুষৰ হৃদয় কাঢ়িছিল। অভিনয়ৰ পৰা আঁতৰি থাকিলেও তেওঁৰ জনপ্ৰিয়তা কম হোৱা নাই। বৰ্তমান তেওঁ বিদেশী স্বামী মিষ্টাৰ গুডেনাফৰ সৈতে সুন্দৰ জীৱন যাপন কৰি আছে। কিন্তু আপুনি জানেনে যে বহু বছৰৰ আগতে প্ৰীতিয়ে গোপনে আমিৰ খান আৰু সঞ্জয় দত্তক বিয়া কৰাইছিল বুলি খবৰ প্ৰকাশ পাইছিল। হয়, এয়া আছিল ২০০১ চনৰ কথা।

এতিয়া আচল কথা কওঁ। কিছু বছৰ পূৰ্বে প্ৰীতিয়ে এক সাক্ষাৎকাৰত কৈছিল যে, সেই সময়ত ‘দিল ছাহতা হে’ ছবিখনে মুক্তি লাভ কৰিছিল। এই ছবিখনত তেওঁ লগত আমিৰ খানে অভিনয় কৰিছিল। প্ৰীতিয়ে কয় যে, দৰ্শকে মোৰ আৰু আমিৰ খানৰ যুঁটি যথেষ্ঠ ভাল পাইছিল।সকলোৱে প্ৰশংসা কৰিছিল। সেই সময়ত মই সঞ্জয় দত্তৰ সৈতে এখন আলোচনীৰ বাবে ফটো শ্বুট কৰিছিলো। সেই ফটোশ্বুটো বহুতে ভাল পাইছিল। সকলো ঠিকেই চলি আছিল। কিন্তু হঠাতে বিভিন্ন আলোচনীত প্ৰকাশ পাইছিল যে আমিৰ খানৰ লগত মোৰ গোপন বিয়া হৈছে। মই এই কথা গম পাই আচৰিত হৈ গৈছিলো। মই এইবোৰত গুৰুত্ব দিয়া নাছিলো যদিও মই খুব কষ্ট পাইছিলো। পাছত আমিৰে নিজেই মোক এই বিষয়ে বুজনি দিছিল। তেওঁ এই বিষয়বোৰত গুৰুত্ব একেবাৰেই দিয়া নাছিল। আমিৰে কৈছিল যে তেওঁৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

তাৰ পাছত অভিনেত্ৰীগৰাকীয়ে আন এক ডাঙৰ মন্তব্য কৰে। তেওঁৰ মতে, কেৱল আমিৰ খানেই নহয়, সেই বছৰতে বিভিন্ন আলোচনীত ভুৱা বাতৰি প্ৰচাৰ কৰি কৈছিল যে সঞ্জয় দত্তৰ লগত প্ৰীতি জিন্টাৰ গোপন বিয়া হৈছে। প্ৰীতিয়ে কয়, সঞ্জয় মোৰ পৰিয়ালৰ পুৰণি বন্ধু। মোৰ দাদাৰ দৰেই। গতিকে তেওঁৰ বিৰুদ্ধে এই অভিযোগে মোক দুখ দিছিল। পাছত মোৰ মেনেজাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমত বিবৃতি দি সকলোৰে মুখ বন্ধ কৰি দিলে। সাধাৰণ মানুহে এইবোৰ উপভোগ কৰিলেও মোৰ বাবে বহু কষ্টৰ সময় আছিল।

উল্লেখ্য যে, ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰীতিয়ে আমেৰিকাৰ যুৱক জেন গুডেনাফৰ সৈতে বিয়াত বহিছিল। তেওঁ বেছিভাগ সময় লছ এঞ্জেলছত থাকে।

 

অন্য খবৰ পঢ়কঃ অভিষেকৰ পূৰ্বে গোপন বিয়া, ইছলাম ধৰ্ম গ্ৰহণ! কি ক’লে ঐশ্বৰ্য ৰায় বচ্চনে?