দেৱালীৰ পাৰ্টিত হাৰ্ট এটেক! জনপ্ৰিয় কণ্ঠশিল্পী ঋষভ টণ্ডনৰ অকাল মৃত্যু…
Rishab Tandon: জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেতা ঋষভ টণ্ডনৰ মৃত্যু। মাত্ৰ ৩৫ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। হাৰ্ট এটেকৰ ফলত মৃত্যু হয় ঋষভৰ। তেওঁৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী।

আছৰানীৰ মৃত্যুত শোকহত বহু অনুৰাগী। ইয়াৰ মাজতে পুনৰ মনোৰঞ্জন জগতৰ পৰা আহিছে এক বেয়া খবৰ। জনপ্ৰিয় কন্ঠশিল্পী তথা অভিনেতা ঋষভ টণ্ডনৰ দেহাৱসান। দিল্লীস্থিত নিজ বাসগৃহত ২২ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত ঋষভৰ বয়স আছিল ৩৫ বছৰ। জনপ্ৰিয় শিল্পীগৰাকীৰ অকাল মৃত্যুত এতিয়া শোকস্তব্ধ অনুৰাগী।
জানিব পৰা মতে, পৰিয়ালৰ সৈতে দেৱালী উদযাপন কৰিবলৈ ঋষভ মুম্বাইৰ পৰা দিল্লীলৈ আহিছিল। কিন্তু পৰিয়ালৰ সৈতে সময় কটোৱাৰ মাজতে মৃত্যু হয় তেওঁৰ। আশংকা কৰা হৈছে, হাৰ্ট এটেকৰ ফলত মৃত্যুক সাৱতি লয় ঋষভে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু পৰিয়ালবৰ্গক এৰি থৈ যায়।
২০১৯ চনত ঋষভ আৰু অলেছিয়াই বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ পত্নী অলেচিয়া নেডোবেগোভাৰ সৈতে মুম্বাইত বাস কৰিছিল। কিছুদিন পূৰ্বে ঋষভৰ পত্নীয়ে কৰবা চৌথ উদযাপন কৰিছিল, যাৰ ফটো তেওঁ সামাজিক মাধ্যমত আপলোড কৰাও দেখা যায়। কিন্তু ঋষভৰ আকস্মিক মৃত্যুই এতিয়া তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলক মাজত শোকৰ ছা পেলাইছে।
View this post on Instagram
বলীউডৰ এগৰাকী অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী আছিল ঋষভ। তেওঁ নিজেও বহু গীত ৰচনা কৰিছিল। সামাজিক মাধ্যমত বিশেষ জনপ্ৰিয়তা আছিল ঋষভৰ। কেৱল গায়ন-বায়নৰ বাবে নহয়, তেওঁ ছবিতো অভিনয় কৰিছিল। ৰশ্নাঃ দ্যা ৰে অৱ লাইট, ফকিৰ-লিভিং লিমিটলেছ আদি ছবিত তেওঁ অভিনয় কৰিছিল। কেইটামান দিন পাছত ঋষভে বিদেশত অনুষ্ঠান কৰাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বে আহে বেয়া খবৰ।
যোৱা ১০ অক্টোবৰত ঋষভে পৰিয়ালৰ সৈতে উলহ-মালহেৰে জন্মদিন উদযাপন কৰিছিল। কিন্তু ৩৫ বছৰত ভৰি দিয়া কণ্ঠশিল্পী ঋষভ আৰু আমাৰ মাজত নাই। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে ঋষভ টণ্ডনৰ আত্মাৰ সদগতি কামনা কৰে।
অন্য খবৰ পঢ়কঃ চাকৰি দিছিল ভাতৃক, ধন মোমায়েকক! ক্ষোভিত হৈ ডাঙৰ পুত্ৰই মাতৃৰ সৈতে সংঘটিত কৰিলে জঘন্য কাণ্ড…