শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চাকৰি দিছিল ভাতৃক, ধন মোমায়েকক! ক্ষোভিত হৈ ডাঙৰ পুত্ৰই মাতৃৰ সৈতে সংঘটিত কৰিলে জঘন্য কাণ্ড…

এজন পুত্ৰই অতি নৃশংসভাৱে হত্যা কৰিলে মাতৃক। চাকৰি আৰু পাৰিবাৰিক বিবাদৰ পৰিণতিতে পুত্ৰই এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

চাকৰি দিছিল ভাতৃক, ধন মোমায়েকক! ক্ষোভিত হৈ ডাঙৰ পুত্ৰই মাতৃৰ সৈতে সংঘটিত কৰিলে জঘন্য কাণ্ড…
মাতৃৰ প্ৰাণ ল'লে পুত্ৰই
barasha-sarma
Barasha Sarma | Published: 23 Oct 2025 10:30 AM

দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। শেহতীয়াকৈ পুনৰ এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এজন পুত্ৰই অতি নৃশংসভাৱে প্ৰাণ ল’লে মাতৃৰ। জানিব পৰা মতে, মাতৃয়ে সৰু পুত্ৰক চাকৰি আৰু নিজৰ দৰমহাৰ পইচা ভায়েকক দিছিল। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছিল বৰপুত্ৰ আৰু কাজিয়া কৰিছিল মাতৃৰ সৈতে। ইয়াৰ পৰিণতিতে পুত্ৰই মাতৃক পাথৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গণ্ডা জিলাৰ বভনী কানুংগো গাঁৱত।

এই ঘটনাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। তথ্য অনুসৰি, ৬০ বছৰীয়া কান্তি দেৱী দুই পুত্ৰ সন্দীপ বাল্মিকী আৰু প্ৰদীপ বাল্মিকীৰ সৈতে বাস কৰিছিল। কান্তি দেৱীৰ স্বামী পৌৰ নিগমৰ কৰ্মী আছিল। প্ৰায় ৪ বছৰ পূৰ্বে মৃত্যু হৈছিল স্বামীৰ। ইয়াৰ পাছতে তেওঁৰ চাকৰিটোত লৈ দুই পুত্ৰৰ মাজত বিবাদ আৰম্ভ হৈছিল।

ইয়াৰ মাজতে কান্তি দেৱীয়ে চাকৰিটো সৰু পুত্ৰক দিছিল, কিন্তু ইয়াক লৈ ক্ষোভিত হৈ পৰিছিল বৰপুত্ৰ সন্দীপ। এই কথাক লৈ সদায় তেওঁলোকৰ মাজত কাজিয়া হৈছিল। এই কাজিয়াৰ পৰিণতিতে বুধবাৰে পুত্ৰই মাতৃক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰে। মাতৃক উদ্ধাৰ কৰিবলৈ যোৱা মোমায়েকেকো তেওঁ প্ৰহাৰ কৰে যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত লোকজনক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, মাতৃয়ে স্বামীৰ চাকৰিটো সৰু পুত্ৰক দিছিল আৰু দৰমহাৰ কিছু পইচা নিজৰ ভায়েকক দিছিল। ইয়াক লৈ সৰু পুত্ৰই দীৰ্ঘদিন ধৰি ঘৰত কাজিয়া কৰি আছিল। যাৰ পৰিণতিত বুধবাৰে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰে। বৰ্তমান এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ স্বামী চকিদাৰ, পত্নী MBBS! এটা কোঠাৰ ভিতৰত সংঘটিত কৰিলে ডাঙৰ কাণ্ড…