নিৰ্মাণ সম্পূৰ্ণ! ৰণবীৰ-আলিয়াৰ নতুন ঘৰৰ দাম কিমান জানেনে? শুনিলে চকু উঠিব কপালত…
ৰণবীৰ আৰু আলিয়াৰ সপোনৰ ঘৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এই ঘৰটো দুয়ো কন্যা ৰাহাক উপহাৰ দিব। ২বছৰৰ অন্তত এই ঘৰটোৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

কোনে নিবিচাৰে সপোনৰ এটা ঘৰ! এই সপোন পূৰণ কৰিবলৈয়ে বলীউডৰ জনপ্ৰিয় অভিনেতা আৰু অভিনেত্ৰী আলিয়া ভাটে এটা বাংলো নিৰ্মাণ কৰি আছে। এই বাংলাটোৰ নিৰ্মাণ কাৰ্য এতিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই বিশাল বাসগৃহটো ৰণবীৰ-আলিয়াই উপহাৰ দিব কন্যা ৰাহাক। ইয়াৰ পাছতে ৰাহা হ’ব বিশাল সম্পত্তিৰ মালিকনী।
ৰাহাৰ জন্মৰ পাছতে আলিয়া আৰু ৰণবীৰে কন্যাত এটা ঘৰ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছিল। তাৰ পাছতে আৰম্ভ কৰিছিল গৃহ নিৰ্মাণৰ কাৰ্য। এই সপোন এতিয়া পূৰণ হোৱাৰ দিশত। প্ৰায় দুবছৰীয়া কামৰ অন্তত অৱশেষত সম্পূৰ্ণ হয় ৬ মহলীয়া বিলাসী বহুমহলীয়া ভৱনটো। সেই বাংলোটোৰ ভিডিঅ’ এতিয়া সমগ্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
জানিব পৰা মতে, যি মাটিত এই বাংলোটো নিৰ্মাণ কৰিছে সেই মাটি এসময়ত ৰাজ কাপুৰ আৰু তেওঁৰ পত্নী কৃষ্ণ ৰাজ কাপুৰৰ আছিল। পিছত ৰণবীৰৰ পিতৃ ঋষি কাপুৰ আৰু মাতৃ নীতু কাপুৰে লাভ কৰিছিল। পাছত এই মাটি ঋষি কাপুৰে একমাত্ৰ পুত্ৰ ৰণবীৰ কাপুৰক দিছিল, আৰু এতিয়া ৰণবীৰ-আলিয়াই এই মাটিত বাংলো নিৰ্মাণ কৰি কন্যা ৰাহাক উপহাৰ দিয়াৰ দিশে আগবাঢ়িছে।
Ranbir Kapoor’s new bungalow simple and elegant ✨ pic.twitter.com/dkfaLYrkmH
— 𝓐𝔂𝓪𝓷 🚩 (@behind_you_rk) August 23, 2025
কিমান টকা খৰচ হৈছে
তথ্য অনুসৰি এই ৬ মহলীয়া বাংলো নিৰ্মাণৰ বাবে প্ৰায় ২৫০ কোটি টকা খৰচ হৈছে। প্ৰতিটো মহলাতে ঘৰটোত বাগিছা দেখা গৈছে। ওপৰৰ মহলাত আছে এটা চুইমিং পুল। ছাদৰ পৰা সাগৰ অতি স্পষ্টকৈ দেখা যায়। প্ৰতিটো মহলাতে আছে ১০টা ডাঙৰ ডাঙৰ কোঠা। ঘৰটোৰ ভিতৰৰ ডিজাইনো অতি সুন্দৰ দেখা গৈছে। জানিব পৰা মতে, ৰণবীৰে এটা মহলাত এটা সৰু চিনেমা হল নিৰ্মাণ কৰিছে। আনটো মহলা সম্পূৰ্ণ ৰাহাৰ বাবে। সূত্ৰ অনুসৰি অহা দীপাৱলীত ৰণবীৰ, আলিয়া আৰু কণমানি ৰহা নিজৰ নতুন বিলাসী বাংলোলৈ স্থানান্তৰিত হ’ব পাৰে।
অন্য খবৰ পঢ়কঃ বাৰে বাৰে টোপনিৰ পৰা সাৰ পাই নেকি? তেন্তে হ’ব পাৰে শৰীৰৰ এই সমস্যাৰ লক্ষণ…