বাৰে বাৰে টোপনিৰ পৰা সাৰ পাই নেকি? তেন্তে হ’ব পাৰে শৰীৰৰ এই সমস্যাৰ লক্ষণ…
আজিকালি বহু মানুহৰ টোপনিৰ লগত জড়িত সমস্যাই দেখা দিয়ে। কেতিয়াবা টোপনি নহা ভাল কথা। কিন্তু দীৰ্ঘদিন ধৰি যদি এই সমস্যা হয় তেন্তে ই শৰীৰৰ কোনো সমস্যাৰ কাৰণ হ'ব পাৰে।

আজিকালি ভাল টোপনি বহুতৰ বাবে ডাঙৰ সমস্যা হৈ পৰিছে। কিয়নো জীৱনশৈলী বা বিভিন্ন কাৰণত মানুহে টোপনিৰ সমস্যাত ভোগে। যাৰ ফলত নিশা দেৰিলৈকে মানুহে শুব নোৱাৰে, বা কিছুমানৰ বাৰে বাৰে টোপনি ভাঙি যায়। চিন্তা বা ভাগৰ আদিৰ বাবে সাধাৰণতে এনে হয়। কিন্তু বিশেষজ্ঞৰ মতে টোপনি নহা শৰীৰত হোৱা ভিটামিনৰ অভাৱৰ লক্ষণ হ’ব পাৰে।
শৰীৰ সুস্থ ৰাখিবলৈ টোপনিৰ প্ৰয়োজন। এই টোপনিৰ সময়তে আমাৰ শৰীৰটো এক প্ৰকাৰ মেৰামতি হয় বুলি কব পাৰি। ইয়াৰোপৰি শৰীৰক আৰামৰ প্ৰয়োজন। গতিকে যদি শৰীৰে আৰাম লাভ নকৰে তেন্তে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। জীৱনশৈলী পৰিবৰ্তন কৰি, ভাল খাদ্যভাসৰ দ্বাৰা মানুহে ভাল স্বাস্থ্য লাভ কৰিব পাৰে।
ভিটামিন ডি
ভিটামিন ডিয়ে আমাৰ টোপনি ঠিক কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইযাৰ অভাৱৰ ফলত দিনটো ভাগৰ আৰু নিশা অনিদ্ৰাৰ সমস্যাত ভোগা দেখা যায়। বিশেষকৈ যিসকল লোকে ৰদত অলপ সময়ো নোলাই তেনে লোকৰ এই সমস্যা বৃদ্ধি পায়। প্ৰতিদিনে প্ৰায় ২০ মিনিট ৰ’দ ল’ব লাগে আৰু গাখীৰ, কণী, মাশ্বৰুম আদি খাব লাগে।
ভিটামিন বি১২
ভিটামিন বি ১২ য়ে মগজু আৰু স্নায়ুতন্ত্ৰ সুস্থ কৰি ৰাখে। ইয়াৰ অভাৱৰ ফলত শৰীৰত থকা মেলাটনিন হৰম’নৰ ভাৰসাম্য বিঘ্নিত ঘটে। যি আমাৰ ভাল টোপনিৰ বাবে প্ৰয়োজনীয়। যেতিয়া শৰীৰত ভিটামিন বি১২ ৰ অভাৱ হয় তেতিয়া টোপনি নহাৰ লগতে সঘনাই নিশা সাৰ পোৱা যায়। এই অভাৱ দূৰ কৰিবলৈ দৈ, গাখীৰ, কণী, মাছ, সেউজীয়া শাক-পাচলি আদি খাব লাগে।
মেগনেছিয়াম
এয়া ভিটামিন নহয়। ই খনিজ। মেগনেছিয়ামো টোপনিৰ সৈতে জড়িত। মেগনেছিয়ামে মনক শান্ত কৰি পেশীবোৰ শিথিল কৰি ৰাখে। গতিকে ইয়াৰ অভাৱ হোৱাৰ ফলত টোপনিৰ ক্ষেত্ৰত সমস্যা হয়। ইয়াৰ অভাৱ দূৰ কৰিবলৈ আলমণ্ড, আখৰোট, কল আৰু সেউজীয়া শাক-পাচলি আদি খাব লাগে।
টোপনি ভাল কৰাৰ উপায়
- শুৱাৰ পূৰ্বে মোবাইল, লেপটপ আদিৰ পৰা আঁতৰি থাকক।
- কেফেইন বেছিকৈ নাখাব।
- যোগাসন কৰক।
- শুৱা আৰু উঠাৰ সময় নিৰ্ধাৰণ কৰক।
- চিন্তা কম কৰক।
উল্লেখ্য যে, সুস্থ শৰীৰৰ বাবে প্ৰতিদিনে ৭-৮ ঘন্টা শুৱা দৰকাৰ। ইয়াতকৈ কম শুলে শৰীৰৰ বিভিন্ন সমস্যা হ’ব পাৰে। গতিকে আপুনিও যদি দীৰ্ঘদিন টোপনিৰ সমস্যাত ভুগি আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।
অন্য খবৰ পঢ়কঃ কোনসকল পুৰুষৰ প্ৰটেষ্ট কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি? জানক…