শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

WAVES Summit 2025 LIVE: AI ৰ ব্য়ৱহাৰে আমালৈ বিপদ মাতিব নেকি? বৰুণ দাসৰ প্ৰশ্নৰ উত্তৰত কি ক’লে পৰিচালক শেখৰ কাপুৰে?

WAVES Summit 2025-ত টিভি ৯ নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসে পৰিচালক শেখৰ কাপুৰৰ সৈতে বিশেষ বাৰ্তালাপ কৰে। এই আলোচনাত দেশৰ মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰা হৈছে ।

raj-saikia
Raj Saikia | Updated On: 01 May 2025 17:31 PM
WAVES Summit 2025 LIVE: AI ৰ ব্য়ৱহাৰে আমালৈ বিপদ মাতিব নেকি? বৰুণ দাসৰ প্ৰশ্নৰ উত্তৰত কি ক’লে পৰিচালক শেখৰ কাপুৰে?
শ্বেখৰ কাপুৰৰ সৈতে TV9 ৰ পৰিচালন সঞ্চালক বৰুণ দাসৰ বাৰ্তালাপ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় ভাৰতীয় সংস্কৃতিক বিদেশত, দেশৰ সীমাৰ সিপাৰে অধিক জনপ্ৰিয় কৰি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰি আহিছে । বিশ্ব দৃশ্য শ্ৰব্য মনোৰঞ্জন সন্মিলন সেই পদক্ষেপৰ প্ৰকাশ । বৃহস্পতিবাৰৰ পৰা মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত মোডীৰ উদ্যোগত এই সন্মিলন আৰম্ভ হয় । এই সন্মিলনত টিভি ৯ নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসে পৰিচালক শেখৰ কাপুৰৰ সৈতে বিশেষ বাৰ্তালাপ কৰে। এই আলোচনাত দেশৰ মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰা হৈছে ।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 01 May 2025 04:47 PM (IST)

    যদি কোনো চিনেমাৰ AI সংস্কৰণ মুক্তি পায় তেন্তে কপিৰাইটৰ কি হ’ব?

    যদি কোনো চিনেমাৰ AI সংস্কৰণ মুক্তি পায় তেন্তে কপিৰাইটৰ কি হ’ব? অভিনেতাৰ এআই সংস্কৰণ সৃষ্টি হ’লে কি হ’ব? বৰুণ দাসে শেখৰ কাপুৰক প্ৰশ্ন কৰে।

    শেখৰে কয় যে বহু অভিনেতা-অভিনেত্ৰীয়ে নিজেই নকল কৰিছে। AI এ এটা চৰিত্ৰ সৃষ্টি কৰিলে কি ক্ষতি? ডিজনীয়ে বহু আগতেই এনিমেচনৰ জৰিয়তে জনপ্ৰিয় চৰিত্ৰ সৃষ্টি কৰি আহিছে। মই অমিতাভ বা শ্বাহৰুখ খান সৃষ্টি কৰিবলৈ কোৱা নাই। এটা নতুন চৰিত্ৰৰ জন্ম হওক। অৱশ্যে ডিপ ফেক এআইৰ অতি জঘন্য ব্যৱহাৰ। যাক মই গৰিহণা দিছোঁ ।

  • 01 May 2025 04:42 PM (IST)

    যদি এআইক ভয় কৰিব নালাগে তেন্তে হলিউডৰ চিত্ৰনাট্যকাৰসকলে কিয় ধৰ্মঘট কৰিলে?

    বৰুণ দাসে শেখৰ কাপুৰক প্ৰশ্ন কৰ- যদি এআইক ভয় কৰিব নালাগে তেন্তে হলিউডৰ চিত্ৰনাট্যকাৰসকলে কিয় ধৰ্মঘট কৰিলে?  শেখৰে কয় যে তেওঁলোকে আচলতে ভয় খাইছিল যে এআইয়ে এতিয়ালৈকে নিৰ্দেশনা মতে কাম কৰি আছে, অৰ্থাৎ পৰৱৰ্তী ১০টা খণ্ড লিখিবলৈ ক’লে সেয়া এআইয়ে কৰি দিছে । কামবোৰ দ্ৰুতগতিত হৈ আছে, কিন্তু আমিয়েই এআইক পৰিকল্পনা, ধাৰণা, আৰু মানদণ্ড দিছো ।

  • 01 May 2025 04:33 PM (IST)

    কোনো এআইয়ে মানুহৰ মগজুক পৰাস্ত কৰিব নোৱাৰে

    শেখৰৰ মতে মানুহৰ মগজুত যি সৃষ্টি হয়, তাৰ যি নিজস্বতা আছে, তাক এআইয়ে পৰাস্ত কৰিব নোৱাৰে । এআইয়ে মাত্ৰ কামটো দ্ৰুত কৰি তুলিছে । আমি Chat GPT ৰ কথা কৈছোঁ । মই অন্ধভাৱে তেওঁক অনুসৰণ কৰো নে নকৰোঁ সেয়া মোৰ ওপৰত নিৰ্ভৰশীল ।

  • 01 May 2025 04:30 PM (IST)

    AI-ৰ ফলত মনোৰঞ্জন জগতে নিজৰ পৰিচয় হেৰুৱাইছে নেকি?

    AI-ৰ ফলত মনোৰঞ্জন জগতে নিজৰ পৰিচয় হেৰুৱাইছে নেকি? বৰুণ দাসে শেখৰ কাপুৰক প্ৰশ্ন কৰে । ইয়াৰ উত্তৰত শেখৰ কাপুৰে কয়, এই প্ৰশ্নৰ উত্তৰত মই মাত্ৰ এটা কথা ক’ম, মোৰ ঘৰৰ ৰান্ধনীয়ে চাট জিপিটি ব্যৱহাৰ কৰি মিষ্টাৰ ইণ্ডিয়া ২ ছবিখনৰ চিত্ৰনাট্য লিখিছিল । এই চাট জিপিটি নহ’লে মই গম নাপালোঁহেঁতেন যে মোৰ ৰান্ধনীজনে চিত্ৰনাট্য লিখিব পাৰে । তেওঁৰ ইচ্ছা আছে ।

  • 01 May 2025 04:26 PM (IST)

    AI-এ আমাৰ সৃষ্টিশীলতাক ধ্বংস কৰিছে নেকি?

    বৰ্তমান সময়ত AI-ৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে আমাৰ জীৱনত কি প্ৰভাৱ পেলাইছে? এই সন্দৰ্ভত বৰুণ দাসে প্ৰশ্ন কৰে শেখৰ কাপুৰক । সৃষ্টিশীল কামত কৃত্ৰিম বুদ্ধিমত্তাই স্থান লৈছে । এই AI আচলতে আমাৰ নিজৰ নতুন ফ্ৰেংকেনষ্টাইন নেকি? বৰুণ দাসে শেখৰ কাপুৰক প্ৰশ্ন কৰে ।

  • 01 May 2025 04:21 PM (IST)

    WAVES ত মঞ্চত পৰিচালক শেখৰ কাপুৰ আৰু বৰুণ দাস

    WAVES মঞ্চত পৰিচালক শেখৰ কাপুৰ আৰু টিভি নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসৰ এক বিশেষ বাৰ্তালাপ। চিনেমাত এআই প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হৈছে এই বাৰ্তালাপত ।

  • 01 May 2025 04:19 PM (IST)

    WAVES সন্মিলনত পৰিচালক শেখৰ কাপুৰৰ সৈতে বাৰ্তালাপ বৰুণ দাসৰ

    মুম্বাইত অনুষ্ঠিত হোৱা WAVES সন্মিলনৰ মঞ্চত বিয়লি ৪ বজাৰ পৰা আৰম্ভ হৈছে এই বিশেষ বাৰ্তালাপ ।

Published On - May 01,2025 4:19 PM