বৈভৱ সৌৰবংশীৰ এখন ছবি, শ্বেয়াৰ কৰিলে গুজৰাট টাইটানছৰ মালিকে, দেউতাকৰ কোলাত উঠি খেল চাইছিল
এতিয়া তেওঁৰ বয়স ১৪ বছৰ । সৰুৰে পৰা ক্ৰিকেটৰ লগত জড়িত । কণমানি বৈভৱে আঠ বছৰ পূৰ্বে ইডেন গাৰ্ডেনত আই পি এলৰ এখন খেল চাবলৈ আহিছিল পিতৃৰ কোলাত উঠি । সেই সময়ত তেওঁৰ বয়স আছিল ৬ বছৰ । সেই ছবিখন লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মালিক সঞ্জীৱ গোৱেংকাই নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছিল ।
বিস্ময় বালক… ক্ৰিকেট জগতত বৈভৱ সূৰ্য্যবংশীক তেনেকৈয়ে কোৱা হৈছে । মাত্ৰ ১৪ বছৰ বয়সতে আই পি এলৰ ক্ষেত্ৰখনত ধুমুহাৰ সৃষ্টি কৰিছে বিহাৰৰ এই কিশোৰজনে । সোমবাৰে নিশা আই পি এল কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰাৰ পিছৰে পৰা চৰ্চাত বৈভৱে । তেওঁ অভিষেক মেচতেই চকু কপালত তুলিছিল দৰ্শকৰ । লক্ষ্ণৌৰ বিৰুদ্ধে ৩৪ ৰান সংগ্ৰহ কৰা বৈভৱে প্ৰথমটো বলতে কোবাইছিল ছিক্সাৰ । অৱশ্যে বৈভৱৰ দল ৰাজস্থান সেই মেচত পৰাস্ত হৈছিল । খেলপথাৰ এৰি যোৱাৰ সময়ত চকুত চকুলো জিলিকি উঠিছিল বৈভৱৰ । তাৰ পিছত আৰচিবিৰ বিৰুদ্ধে মেচতো খেলাৰ সুযোগ পালে । ১৬ ৰান সংগ্ৰহ কৰে ।
কেৰিয়াৰৰ তৃতীয়খন আই পি এল মেচত বৈভৱে বিস্ফোৰক ১০১ ৰান সংগ্ৰহ কৰে । মাত্ৰ ৩৫টা বলত শতক কোবোৱা বৈভৱ আই পি এলত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় । শচীন তেণ্ডুলকাৰ আৰু মিতালী ৰাজৰ দৰে কিংবদন্তিৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে তেওঁক প্ৰশংসাৰে উপচাই দিছে । এইবাৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই বৈভৱক বেলেগ ধৰণে চিনাকী কৰি দিলে! কেনেকৈ?
এতিয়া তেওঁৰ বয়স ১৪ বছৰ । সৰুৰে পৰা ক্ৰিকেটৰ লগত জড়িত । কণমানি বৈভৱে আঠ বছৰ পূৰ্বে ইডেন গাৰ্ডেনত আই পি এলৰ এখন খেল চাবলৈ আহিছিল পিতৃৰ কোলাত উঠি । সেই সময়ত তেওঁৰ বয়স আছিল ৬ বছৰ । সেই ছবিখন লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মালিক সঞ্জীৱ গোৱেংকাই নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছিল । যিখন ছবি ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ।
গোলাপী ৰঙৰ জাৰ্চিৰ প্ৰতি বৈভৱৰ আকৰ্ষণ শৈশৱৰ পৰাই আছিল । যিদিনা বৈভৱে দেউতাকৰ কোলাত ইডেনৰ ওচৰলৈ গৈছিল, সেইদিনা তেওঁক গোলাপী ৰঙৰ জাৰ্চি পিন্ধা দেখা গৈছিল । তেতিয়া কোনে জানিছিল যে আঠ বছৰৰ পাছত বিহাৰৰ সমস্তীপুৰৰ সেই ল’ৰাটোৱে সেই গোলাপী জাৰ্চিত শতক অৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিব । ২০১৭ চনত ছবছৰীয়া বৈভৱ ইডেনত ৰাইজিং পুনে ছুপাৰজায়েণ্টৰ খেল চাবলৈ আহিছিল । তেওঁৰ গোলাপী ৰঙৰ হেডবেণ্ডত পুনে লিখা আছিল । পিন্ধিছিল পুনেৰ জাৰ্চি । আনকি বৈভৱে নিজেও নাজানিছিল যে পিংক আৰ্মি প্ৰথম আই পি এল দল হ’ব তেওঁৰ ।
জেদ্দাত অনুষ্ঠিত আই পি এলৰ নিলামত ৰাজস্থান ৰয়েলছে ১.১০ কোটি টকাত ক্ৰয় কৰাৰ সময়ত বৈভৱৰ বিষয়ে চৰ্চা হৈছিল । ইমান কম বয়সতে কোটিপতি হৈ বৈভৱ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল । ১৮ সংখ্যক আই পি এলৰ অগ্ৰগতিৰ লগে লগে সূৰ্য্যবংশীয়ে নিজৰ উজ্জ্বলতা প্ৰদৰ্শন কৰি অধিক লাইমলাইটলৈ আহিছে । ক্ৰিকেট মহলত চৰ্চা চলিছে যে বৈভৱে নিজৰ দুভৰি মাটিত ৰাখি কঠোৰ পৰিশ্ৰম কৰিব পাৰিলে নিশ্চয় নিজকে দীৰ্ঘ দূৰত্বৰ ঘোঁৰা বুলি প্ৰমাণ কৰিব পাৰিব ।
-সংঘমিত্ৰা চক্ৰবৰ্তী, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা