জিভাৰ বগা তৰপ দূৰ কৰাৰ ঘৰুৱা উপায়...

1 May 2025

TV9 ASSAM

সকলোৱে বিচাৰে দাঁত আৰু জিভা ধুনীয়া হৈ থকা। কিন্তু কিছুমানৰ জিভাত বিশেষ ধৰণৰ এক তৰপ দেখা যায়। জিভাখনত বগা চামনি পৰি বেয়া দেখা হৈ পৰে। ইয়াক কিছুমান উপায়ৰ দ্বাৰা আঁতৰ কৰিব পাৰে।

জিভা

আজিকালি বজাৰত জিভাৰ চামনি দূৰ কৰাৰ বাবে বিভিন্ন সামগ্ৰী পোৱা যায়। ইয়াৰ বাবে আপুনি স্ক্ৰেপাৰ কিনিব পাৰে।  ইয়াৰ ফলত আপোনাৰ জিভা সহজে চাফা আৰু চিকচিকীয়া হৈ পৰিব।

স্ক্ৰেপাৰ

খাদ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া দৰকাৰ। ইয়াৰ বাবে প্ৰতিদিনে প্ৰোবায়োটিক আহাৰ খাব পাৰে। ইয়াৰ ফলত জিভাত বগা দাগ নপৰে। ইয়াৰোপৰি ই মুখৰ বেক্টিৰিয়া দূৰ কৰে গোন্ধ দূৰ কৰে।

খাদ্য

নাৰিকল তেল ব্যৱহাৰ কৰিও আপুনি বহু সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বাব ১-২ চামুখ নাৰিকল তেল কুহুমীয়া পানীত দি কুলকুলা কৰিব। ইয়াৰ পাছত চাফা পানীৰে কুলকুলা কৰিব।

তেল

আপুনি বেকিং চোডাও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে বেকিং চোডাত অলপ নেমু ৰস চেপি দি ব্ৰাছ কৰিব পাৰে। লগতে জিভা চাফা কৰিব পাৰে। ই আপোনাত জিভাৰ দাগ আৰু গোন্ধ দূৰ কৰাত সহায় কৰিব।

বেকিং চোডা

জিভা চাফা কৰিবলৈ নিমখ পানী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে কুহুমীয়া পানীত অলপ নিমখ দি প্ৰতিদিনে ২ বাৰ কুলকুলা কৰিব পাৰে। ইয়াৰ ফলত মুখৰ পৰা বগা তৰপ আঁতৰ হোৱাৰ লগতে মুখৰ গোন্ধ দূৰ হ'ব।

নিমখ পানী

জিভাত বগা দাগ বা তৰপ পৰাৰ বহু কাৰণ থাকিব পাৰে। ই কোনো বেমাৰৰ লক্ষণো হ'ব পাৰে। গতিকে আপোনাৰ যদি বহু দিনলৈ জিভাত বগা তৰপ পৰি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

ৰোগ

পঢ়িবলৈ ক্লিক কৰক 

ডিপ্ৰেছনৰ লক্ষণ