শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হিমন্ত বিশ্ব শৰ্মাৰ পৰা জাতিগত লোকপিয়ল অনুমোদনলৈ, আজিৰ দিনটোৰ শীৰ্ষ খবৰসমূহ...

হিমন্ত বিশ্ব শৰ্মাৰ পৰা জাতিগত লোকপিয়ল অনুমোদনলৈ, আজিৰ দিনটোৰ শীৰ্ষ খবৰসমূহ…

Barasha Sarma
Barasha Sarma | Published: 30 Apr 2025 22:26 PM

জাতিগত লোকপিয়লত অনুমোদন জনাইছে মোদী কেবিনেটে। মূল লোকপিয়লতেই হ’ব জাতিগত লোকপিয়ল। বুধবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে।

  1. আজি ঘোষণা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰা ফলাফল অনুসৰি এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ,বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ আৰু বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ।

  2. জাতিগত লোকপিয়লত অনুমোদন জনাইছে মোদী কেবিনেটে। মূল লোকপিয়লতেই হ’ব জাতিগত লোকপিয়ল। বুধবাৰে অনুষ্ঠিত চিচিপিএৰ বৈঠকত এই বৃহৎ সিদ্ধান্ত মোদী চৰকাৰে গ্ৰহণ কৰে।

  3. সৰ্বভাৰতীয় মহিলা কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ দেশতে নাৰীৰ স্বাভিমানক ভেঙুচালি কৰা “লজ্জাজনক আৰু নাৰীবিদ্বেষী” বক্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে শৰ্মাৰ বিৰুদ্ধে।