পুৱা গাখীৰত তিয়াই থোৱা কিচমিচ খালে পাব এনে ফল

01 May 2025

TV9 ASSAM

পুৱা গাখীৰত তিয়াই থোৱা কিচমিচ খালে শৰীৰত ভিটামিন ডি, বি ১২, এ, জিংক, প্ৰটিন, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, আইৰণ, কপাৰ, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট পোৱা যায়।

গাখীৰ আৰু কিচমিচ

গাখীৰ আৰু কিচমিচ দুয়োবিধেই পুষ্টিকৰ উপাদানৰে ভৰপূৰ। সেয়ে পুৱা গাখীৰত তিয়াই থোৱা কিচমিচ খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।

স্বাস্থ্যৰ ওপৰত প্ৰভাৱ

কিচমিচত আইৰণ, কপাৰ আৰু ভিটামিন বি-কম্প্লেক্স থাকে, যাৰ ফলত তেজত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি পায়। গাখীৰে শৰীৰত আইৰণ শোষণো উন্নত কৰে।

ৰক্তক্ষৰণ প্ৰতিৰোধ

ৰাতিটো তিয়াই থোৱা কিচমিচত ফাইবাৰৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত পুৱা পেট পৰিষ্কাৰ কৰাত সহায় কৰে। গাখীৰে পেট কোমল কৰে, যাৰ ফলত কোষ্ঠকাঠিন্য ৰোধ হয়।

পাচনতন্ত্ৰ উন্নত কৰে

গাখীৰত তিয়াই থোৱা কিচমিচত প্ৰাকৃতিক চেনি অৰ্থাৎ গ্লুক’জ আৰু ফ্ৰুক্ট’জ প্ৰচুৰ পৰিমাণে থাকে। গাখীৰত প্ৰটিন থাকে। এই মিশ্ৰণে গোটেই দিনটো শৰীৰক শক্তিশালী কৰি ৰাখে।

শক্তি বৃদ্ধিকাৰী

কিচমিচত ব’ৰন আৰু গাখীৰত কেলচিয়াম থাকে। এই উপাদানসমূহে হাড় আৰু দাঁত শক্তিশালী কৰে আৰু অষ্টিঅ’পৰ’ছিছ অৰ্থাৎ হাড়ৰ ৰোগ প্ৰতিৰোধ কৰে।

হাড় মজবুত কৰে

কিচমিচ আৰু গাখীৰ দুয়োটাতে এন্টিঅক্সিডেন্ট, ভিটামিন চি আৰু জিংক থাকে। এই উপাদানসমূহে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

পঢ়িবলৈ ক্লিক কৰক 

নায়ক হৈয়ো খলনায়কহে হ’ল নেকি চেন্নাইৰ কুৰাণ!