WAVES 2025: ‘পুষ্পা ২’ৰ পিছত কিদৰে সলনি হ’ল আল্লু অৰ্জুনৰ জীৱন? নিজ মুখে জনালে এই কথা…
আজিৰ পৰা আৰম্ভ হোৱা বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলনত টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক 'পুষ্পা ২' মুক্তি পোৱাৰ পিছত যোৱা ৬ মাহত তেওঁৰ জীৱনৰ কেনে পৰিৱৰ্তন হৈছে বুলি এক প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে পুষ্পাই আনি দিয়া পৰিৱৰ্তনৰ কথা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত উদ্বোধন কৰে বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন ২০২৫ৰ। চাৰিদিনীয়া এই অনুষ্ঠানত দেশৰ ছবি জগতৰ বহু তাৰকা-মহাতাৰকাই অংশগ্ৰহণ কৰিব আৰু বিভিন্ন বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিব। শীৰ্ষ সন্মিলনৰ আজি প্ৰথম দিনটোত অংশগ্ৰহণ কৰে পান ইণ্ডিয়াৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে। অনুষ্ঠানত টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসৰ সৈতে বাৰ্তালাপ কৰে দক্ষিণৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে। ‘Talent Beyond Borders’ বিষয়ত তেওঁলোকে বাৰ্তালাপ কৰে।
বাৰ্তালাপৰ সময়ত বৰুণ দাসে আল্লু অৰ্জুনক ‘পুষ্পা ২’ মুক্তি পোৱাৰ পিছত যোৱা ৬ মাহত তেওঁৰ জীৱনৰ কেনে পৰিৱৰ্তন হৈছে বুলি এক প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে আল্লু অৰ্জুনে WAVES ৰ বাবে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। তাৰ পিছতে নিৰ্দিষ্ট প্ৰশ্নটোৰ উত্তৰত আল্লু অৰ্জুনে তেওঁ এজন আঞ্চলিক অভিনেতা আছিল যদিও ‘পুষ্পা’ৰ বাবেই তেওঁক এতিয়া সকলোৱে চিনি পায় বুলি উল্লেখ কৰে।
আল্লু অৰ্জুনক বৰুণ দাসে লগতে তেওঁৰ সফলতাৰ আঁৰৰ কাৰণ সম্পৰ্কে আৰু লগতে তেওঁৰ গুৰু কোন বুলিও প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰত আল্লুৱে কয়, “মই নিজৰ লগত বহু সময় কটাওঁ। মই নিজে নিজৰ ভুলবোৰ চিনাক্ত কৰাৰ চেষ্টা কৰো, বুজিবলৈ চেষ্টা কৰো আৰু পাছত সেই অনুসৰি আগবাঢ়ি যাওঁ। ইয়াৰ বাবে মই পেছাদাৰী সহায়ো লওঁ।” আল্লু অৰ্জুনৰ ফিটনেছ সন্দৰ্ভতো এক প্ৰশ্ন কৰা হয়।
এই প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে কয় যে ফিটনেছ অটুট ৰাখিবৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হয়। ফিটনেছৰ বাবে মনোযোগৰো প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ লগতে ইয়াৰ বাবে নিয়মিত অনুশীলন কৰি থাকিব লাগে বুলি মতামত প্ৰকাশ কৰে। যেতিয়া পৰ্দাত ভাল দেখা যায় তেতিয়া সকলো কষ্ট মূল্যবান হৈ পৰে বুলিও আল্লু অৰ্জুনে লগতে কয়। আল্লু অৰ্জুনে উল্লেখ কৰা মতে, কেৰিয়াৰৰ দশম ছবিখনৰ শ্বুটিংৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল।
সেই সময়ত কান্ধত আঘাত পোৱাৰ বাবে আল্লুক চিকিৎসকে ৬ মাহ জিৰণি ল’ব লাগিব বুলি কৈছিল আৰু চিকিৎসকৰ এই পৰামৰ্শত চিন্তিত হোৱা আল্লুৱে সমান্তৰালকৈ শাৰীৰিকভাৱে সুস্থ হৈ থকাটোৱেই যে আটাইতকৈ গুৰুত্বপূৰ্ণ, সেয়া বুজি পোৱা বুলিও উল্লেখ কৰে। সেই সময়ত কেৰিয়াৰৰ হয়তো যতি পৰিব বুলি চিন্তিত হৈছিল যদিও ভগৱানৰ আশীৰ্বাদ আৰু অনুৰাগীৰ মৰমে তেওঁক সুস্থ কৰি তুলিলে বুলি আল্লুৱে লগতে কয়।