নায়ক হৈয়ো খলনায়কহে হ’ল নেকি চেন্নাই চুপাৰ কিংছৰ চেম কুৰাণ!

01 May, 2025

TV9 ASSAM

IPL ২০২৫ত হতাশাজনক প্ৰদৰ্শন অব্যাহত আছে চেন্নাই চুপাৰ কিংছৰ। কালি ছিজনত অষ্টম পৰাজয়ৰ সন্মুখীন হ’ল দলটো।

IPL ২০২৫

পঞ্জাৱ কিংছৰ বিপক্ষে কালি চেন্নাই ৪ উইকেটত পৰাস্ত হয়। মেচখনত চেন্নাইয়ে দিয়া ১৯১ ৰানৰ লক্ষ্য দুটা বল বাকী থকা অৱস্থাত পঞ্জাৱে অতিক্ৰম কৰে।

পঞ্জাৱ বনাম চেন্নাই

এইপৰ্যন্ত ১০ খন মেচৰ মাত্ৰ দুখনত জয়ৰ সূত্ৰে চেন্নাই ৪ পইণ্টেৰে তালিকাৰ অন্তিম স্থানত আছে আৰু দলটোৰ প্লে’ অফৰ আশা প্ৰায় শেষ হোৱা বুলিব পাৰি।

প্লে’ অফৰ আশা

কালিৰ এই মেচখনত চেন্নাইৰ হৈ বেটিঙত আটাইতকৈ সফল হৈছিল চেম কুৰাণ। মেচখনত তেওঁ খেলিছিল এক চমকপ্ৰদ অৰ্ধশতকীয় ইনিংছ।

চেম কুৰাণ

কুৰাণে মাত্ৰ ৪৭টা বলত ৯টা চাৰি আৰু ৪টা ছয়েৰে ৮৮ ৰানৰ এক মাৰমুখী ইনিংছ খেলি চেন্নাইক এক শক্তিশালী স্ক’ৰ থিয় কৰোৱাত সহায় কৰে।

কুৰাণৰ সংগ্ৰহ

ইনিংছৰ ১৮তম অভাৰত কুৰাণে জেনচেনৰ বলত ইংলিছৰ হাতত কেচ তুলি দি বিদায় লয়। কিন্তু তেওঁৰ উইকেটে যেন সুখীহে কৰে চেন্নাইৰ অনুৰাগীক।

কুৰাণৰ উইকেট

কুৰাণৰ বিদায়ৰ পিছত ক্ৰীজলৈ আহিছিল মহেন্দ্ৰ সিং ধোনী। সদায়ে দেখাৰ দৰেই কালিও ধোনী ক্ৰীজলৈ অহাৰ লগে লগে উল্লাসিত হৈ পৰে অনুৰাগীসকল।

ক্ৰীজত ধোনী

অৱশ্যে অনুৰাগীক বিশেষ আকৰ্ষিত কৰিব নোৱাৰিলে ধোনীয়ে। মাত্ৰ ৪টা বল খেলি এটাকৈ ছয় আৰু চাৰিৰে ১১ ৰান কৰি তেওঁ আউট হয়।

ধোনীৰ সংগ্ৰহ

এক দৰ্শনীয় ইনিংছ খেলাৰ পিছতো কুৰাণৰ উইকেটৰ পিছত চেন্নাইৰ অনুৰাগীৰ উল্লাসক লৈ এতিয়া সামাজিক মাধ্যমত ট্ৰ’ল কৰা দেখিবলৈ পোৱা গৈছে।

অনুৰাগীক ট্ৰল

পঢ়িবলৈ ক্লিক কৰক 

ডিপ্ৰেছনৰ লক্ষণসমূহ কি কি জানেনে?  জানক...