Share Market News: ভাৰতত সুস্থিৰ, পাকিস্তানত ৰক্তস্নান শ্বেয়াৰ বজাৰৰ
আজি ১ পইন্ট নামিছে দেশৰ বেঞ্চমার্ক সূচক নিফটি ৫০ । আনহাতে, অন্য এক বেঞ্চমার্ক সূচক বিএছই ছেনছেক্স নামিছে ৪৬ পইন্ট । অন্যান্য সূচকৰ ভিতৰত ৩০৪ পইন্ট পৰিছে নিফটি বেংক ।
আজি ৩০ এপ্রিল, ১ পইন্ট নামিছে দেশৰ বেঞ্চমার্ক সূচক নিফটি ৫০ । আনহাতে, অন্য এক বেঞ্চমার্ক সূচক বিএছই ছেনছেক্স নামিছে ৪৬ পইন্ট । অন্যান্য সূচকৰ ভিতৰত ৩০৪ পইন্ট পৰিছে নিফটি বেংক । ৩৮৩ পইন্ট পৰিছে নিফটি নেক্সট সূচক । নিফটি নিডকেপ ১০০ সূচক নামিছে ৪৬৩ পইন্ট । ৮৩৮ পইন্ট নামিছে বিএছই স্মলকেপ সূচক ।
অৱশ্যে আজি সামান্য বাঢ়িছে কেবাটাও ছেক্টৰিয়েল সূচক । ৯ পইন্ট বাঢ়িছে নিফটি অটো সূচক । ৯৫ পইন্ট বাঢ়িছে নিফটি ফাৰ্মা সূচক । আনহাতে প্ৰায় ৩,৫০০ পইন্ট নামিছে পাকিস্তানৰ কৰাচী ষ্টক এক্সেঞ্জৰ শ্বেয়াৰৰ সূচক ।