শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

WAVES 2025: ChatGPT জৰিয়তে এজন ৰান্ধনীয়ে লিখিলে ‘মিষ্টাৰ ইণ্ডিয়া ২’ৰ চিত্ৰনাট্য! জানিবলৈ দিলে শেখৰ কাপুৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন ২০২৫ৰ উদ্বোধন কৰে। এই অনুষ্ঠানত টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰৰ সৈতে AI সন্দৰ্ভত এক আলোচনা কৰে। আলোচনাৰ সময়ত শেখৰ কাপুৰে জানিবলৈ দিছে এক বিশেষ কথা।

WAVES 2025: ChatGPT জৰিয়তে এজন ৰান্ধনীয়ে লিখিলে ‘মিষ্টাৰ ইণ্ডিয়া ২’ৰ চিত্ৰনাট্য! জানিবলৈ দিলে শেখৰ কাপুৰে
টিভি৯ ৰ চিইঅʼ বৰুণ দাস আৰু চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰ
monjit-dutta
Monjit Dutta | Updated On: 01 May 2025 18:00 PM

আৰম্ভ হৈছে বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন ২০২৫। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত এই কাৰ্যসূচীৰ উদ্বোধন কৰে। এই অনুষ্ঠানত শ্বাহৰুখ খান, আমিৰ খান, অনিল কাপুৰ, ৰজনীকান্ত, ৰণবীৰ কাপুৰকে ধৰি দক্ষিণৰ পৰা বলীউডলৈকে বহু তাৰকাই অংশগ্ৰহণ কৰে। বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁ টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসৰ সৈতে ‘Storytelling in the age of AI’ শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা কৰে।

এই বিষয়ত নিজা মতামত আগবঢ়াই শেখৰ কাপুৰে কয়, “সঁচা কথা ক’বলৈ গ’লে AI কোনো দানৱ নহয়, আমি ইয়াক দানৱ কৰি লৈছো। আমি ৫ মাহত যি কাম কৰিব পাৰো, AI- এ ৫ মিনিটত কৰিব পাৰে। মই সদায় ChatGPT ৰ লগত কথা পাতোঁ আৰু ইয়ো মোৰ সৈতে কথা পাতে। AI অনিশ্চিত হ’ব নোৱাৰে, কিয়নো ই তথ্যৰ দ্বাৰা পৰিচালিত হয়। কিন্তু আমাৰ মানুহৰ ক্ষেত্ৰত তেনে নহয়।”

আলোচনাৰ সময়ত প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লগতে আন এক আশ্চৰ্যকৰ কথাও প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰা মতে, বহু লোক তেওঁৰ ওচৰলৈ ‘মিষ্টাৰ ইণ্ডিয়া ২’ৰ চিত্ৰনাট্য লৈ আহিছিল। কিন্তু এই সকলো লোকৰ ভিতৰত তেওঁৰ ৰান্ধনীজনেহে উন্নত চিত্ৰনাট্য লিখিছিল বুলি শেখৰ কাপুৰে উল্লেখ কৰে। ইয়াৰ পিছতে তেওঁ নিজৰ ৰান্ধনীজনক এই চিত্ৰনাট্য কিদৰে লিখিলে সেয়া সোধে।

শেখৰ কাপুৰৰ মতে, তেওঁৰ এই প্ৰশ্নৰ উত্তৰত ৰান্ধনীজনে ChatGPT ব্যৱহাৰ কৰি চিত্ৰনাট্যখন লিখিছে বুলি জানিবলৈ দিয়ে। স্বাভাৱিকতেই প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ যে ‘মিষ্টাৰ ইণ্ডিয়া’ ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত এখন বিজ্ঞান-কল্পকাহিনী একচন ছবি। এই ছবিখনত অনিল কাপুৰ আৰু শ্ৰীদেৱীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। সেই ছবিখন পৰিচালনা কৰিছিল শেখৰ কাপুৰে।

জাভেদ আখতাৰ আৰু চেলিম খানৰ সৈতে তেওঁ ছবিখনৰ চিত্ৰনাট্যও লিখিছিল। আগন্তুক সময়ত এই জনপ্ৰিয় ছবিখনৰ দ্বিতীয় খণ্ডও নিৰ্মাণ হ’ব পাৰে বুলি বহুবাৰ আলোচনা চলা দেখা গৈছে। তাৰ মাজতে আজি শেখৰ কাপুৰৰ মন্তব্যক লৈ চৰ্চা হোৱাটো নিতান্তই শ্বাভাৱিক। উল্লেখ্য যে এই বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন অহা ৪ মে’লৈকে অনুষ্ঠিত হ’ব। এই চাৰিদিনীয়া কাৰ্যসূচীত বহুকেইজন প্ৰখ্যাত চলচ্চিত্ৰ তাৰকাই অংশগ্ৰহণ কৰিব।